ETV Bharat / bharat

জম্মু-কাশ্মীৰত আৰক্ষী জোৱানক গুলিয়াই হত্যা

author img

By

Published : Apr 20, 2020, 8:45 AM IST

ছুটীৰ সময়ত নিজ বাসগৃহত থকা এগৰাকী আৰক্ষীৰ জোৱানক সন্দেহজনক সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰে । জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ হিলাৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা ।

Policeman shot dead by militants in J-K's Anantnag
জম্মু-কাশ্মীৰত আৰক্ষী জোৱানক গুলিয়াই হত্যা

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ যিটো সময়ত সমগ্ৰ দেশ কৰ'ণা ভাইৰাছৰ কৱলত পৰিছে, তেনে সময়তে পাকিস্তানৰ দ্বাৰা সমৰ্থিত সন্ত্ৰাসবাদীৰ হাতত নিহত হয় এগৰাকী আৰক্ষীৰ জোৱান । জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত সংঘটিত হয় এই হত্যাকাণ্ড । লকডাউনৰ সময়ছোৱাত ছুটীৰ বাবে নিজ গৃহত থকা নিৰস্ত্ৰ আৰক্ষীৰ জোৱানগৰাকীক বৰ্বৰভাৱে গুলিয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে ।

অনন্তনাগ জিলাৰ হিলাৰ গাঁৱত দেওবাৰে সংঘটিত হয় এই ঘটনা । নিজ বাসগৃহ থকা অৱস্থাত সন্দেহজনক সন্ত্ৰাসবাদীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জম্মু-কাশ্মীৰ আৰক্ষীৰ মঞ্জুৰ আহমেদ নামৰ জোৱানগৰাকী । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে আৰক্ষী জোৱানগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুৰ সৈতে হাৰ মানে জোৱানগৰাকীয়ে ।

ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ সহযোগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়কঃ কৰ'ণাৰ বিৰুদ্ধে যমৰাজৰ ৰূপত আৰক্ষী, ক'ত চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.