ETV Bharat / bharat

মঙলবাৰে ইষ্টাৰ্ণ ডিএফচি ট্ৰেক উদ্বোধন কৰিব প্ৰধান মন্ত্ৰীয়ে

author img

By

Published : Dec 29, 2020, 7:35 AM IST

Updated : Dec 29, 2020, 9:50 AM IST

মঙলবাৰে উদ্বোধন কৰা হ'ব EDFC ৰ ভাউপুৰ-খুৰ্জা অংশ ৷ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে মঙলবাৰে পুৱা 11 বজাত ইষ্টাৰ্ণ ডিএফচি ট্ৰেক উদ্বোধন কৰিব ৷ ইষ্টাৰ্ণ ডিএফচি ট্ৰেকৰ লগতে প্ৰয়াগৰাজত EDFC ৰ অপাৰেচন কন্ট্ৰল চেন্টাৰো মোডীয়ে উদ্বোধন কৰিব ৷

Eastern Dedicated Freight Corridor inauguration
মঙলবাৰে ইষ্টাৰ্ণ ডিএফচি ট্ৰেক উদ্বোধন কৰাৰ বাবে সাজু হৈছে মোডী

নেচনেল ডেস্ক, 29 ডিচেম্বৰ: ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰ (EDFC) ৰ 'নিউ ভাউপুৰ-নিউ খুৰ্জা অংশ' মঙলবাৰে উদ্বোধন কৰা হ'ব ৷ মঙলবাৰে পুৱা 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ইষ্টাৰ্ণ ডিএফচি ট্ৰেক উদ্বোধন কৰিব ৷

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰয়াগৰাজত EDFC ৰ অপাৰেচন কন্ট্ৰল চেন্টাৰ এটাও উদ্বোধন কৰিব ৷ এই উপলক্ষে উক্ত অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু কেন্দ্ৰীয় মন্ত্ৰী পিযুষ গোয়েল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

5750 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত 351 কিলোমিটাৰ দৈৰ্ঘৰ EDFC ৰ 'নিউ ভাউপুৰ-নিউ খুৰ্জা অংশ' উত্তৰ প্ৰদেশত অৱস্থিত ৷ EDFC ৰ 'নিউ ভাউপুৰ-নিউ খুৰ্জা অংশ' ৰ উদ্বোধনে কানপুৰত অৱস্থিত এলুমিনিয়াম উদ্যোগ,ইটাৱাহ জিলাৰ টেক্সটাইল উদ্যোগ,ফিৰোজাবাদৰ কাঁচৰ উদ্যোগ,খুৰ্জাৰ মৃৎ শিল্পৰ লগতে হাথৰছ,আলিগড় আদি জিলাত অৱস্থিত বিভিন্ন স্থানীয় উদ্যোগৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলি আশা কৰা হৈছে ৷

নিউ ভাউপুৰ-নিউ খুৰ্জা অংশৰ উদ্বোধনে ভাৰতীয় ৰেল'ৱেক দ্ৰুত ৰেল চলাচলৰ বাবে সক্ষম কৰি তুলিব ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কোৱা হৈছে যে সুগম্য ভাৰত অভিযানৰ নীতিৰ আধাৰত নিৰ্মিত প্ৰয়াগৰাজৰ অপাৰেচন কন্ট্ৰল চেন্টাৰে EDFC ৰ সমগ্ৰ ৰাস্তাৰ বাবে কমাণ্ড চেন্টাৰ হিচাপে কাম কৰিব ৷

মুঠ 1,856 কিলোমিটাৰ ৰাস্তা নিৰ্মাণৰ লক্ষ্য লোৱা EDFC ৰ এই প্ৰকল্প পাঞ্জাৱৰ লুধিয়ানাৰ চাহনেৱালৰ পৰা আৰম্ভ হৈ পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু ঝাৰখণ্ড হৈ পশ্চিমবংগৰ ডানকুনিত শেষ হ'ব ৷ এই সমগ্ৰ পথচোৱা নিৰ্মাণৰ দায়িত্বত আছে Dedicated Freight Corridor Corporation of India Limited (DFCCIL) ৷

লগতে পঢ়ক:আত্ম নিৰ্ভৰ ভাৰত সন্দৰ্ভত ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰীৰ মন্তব্য

Last Updated :Dec 29, 2020, 9:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.