ETV Bharat / bharat

জম্মু-কাশ্মীৰত জোৱানৰ সৈতে দেৱালী উদযাপন প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Oct 27, 2019, 5:53 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ সীমাৰেখাত উপস্থিত হৈ কৰ্তব্যৰত জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰিলে ৷ মোডীয়ে আৰ্মী ব্ৰিগেডৰ মুখ্য কাৰ্যালয়ৰ পৰা সীমান্তৱৰ্তী জিলাখনলৈ আকাশমাৰ্গেৰে উৰা মাৰে ৷

জম্মু-কাশ্মীৰত জোৱানৰ সৈতে প্ৰধানমন্ত্ৰী মোডী

নেশ্বনেল ডেস্ক, 27 অক্টোবৰ : দেওবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজৌৰী জিলাত উপস্থিত হৈ জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ সীমাৰেখাত কৰ্তব্যৰত জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰিলে ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণৰ সৈতে আকস্মিকভাৱে সংযোগ ঘটে ইনফেন্ট্ৰি ডে'ৰ ৷ স্থলসেনাৰ পদাতিক বাহিনীৰ স্মৃতিত 1947 চনৰ পিচৰে পৰাই প্ৰতিবছৰে 27 অক্টোবৰত উদযাপন কৰা হয় এই বিশেষ দিনটো ৷

  • Celebrated #Diwali with the brave soldiers of the Indian Army in Rajouri, Jammu and Kashmir.

    It is always a matter of great joy to be able to interact with these courageous personnel. pic.twitter.com/e9th01wwiy

    — Narendra Modi (@narendramodi) October 27, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

মোডীয়ে আৰ্মী ব্ৰিগেডৰ মুখ্য কাৰ্যালয়ৰ পৰা সীমান্তৱৰ্তী জিলাখনলৈ আকাশমাৰ্গেৰে উৰা মাৰে ৷ উল্লেখ্য যে, 2014 চনৰ পৰা তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰত দেৱালী পালনৰ বাবে উপস্থিত হৈছে ৷ আনহাতে, অনুচ্ছেদ 370 বাতিলকৰণৰ পাচত এয়া প্ৰথমবাৰৰ বাবে তেওঁ জম্ম-কাশ্মীৰ ভ্ৰমণ কৰিছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
জোৱানৰ সৈতে দেৱালী উদযাপন প্ৰধানমন্ত্ৰী মোডীৰ

2014 চনত প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰাৰ পাচতে জম্মু-কাশ্মীৰত কৰ্তব্যৰত সেনা সকলৰ সৈতে মিলিত হৈছিল নৰেন্দ্ৰ মোডী ৷ 2014 চনত মোডীয়ে লাডাখৰ ছিয়াচেনত জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰিছিল ৷ ইয়াৰোপৰি, তেওঁ শ্ৰীনগৰৰ বানপীড়িত লোকসকলৰ সৈতেও মিলিত হৈছিল ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
জম্মু-কাশ্মীৰত প্ৰধানমন্ত্ৰী মোডী

আনহাতে, 2017 চনত মোডীয়ে উত্তৰ কাশ্মীৰৰ গোৰেজত উপস্থিত হৈ সেই অঞ্চলত নিয়োজিত জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰিছিল ৷ 2015 চনত তেওঁ পাঞ্জাৱ ভ্ৰমণ কৰিছিল আৰু এই ভ্ৰমণৰ সময়তে 1965 চনৰ ইণ্ডো-পাক ভ্ৰমণৰ 50 বছৰ সম্পূৰ্ণ হৈছিল ৷ 2018 চনত উত্তৰাখণ্ডৰ ভাৰত-চীন সীমান্তৰ বৰফাবৃত অঞ্চলত সেনাৰ সৈতে দেৱালী উদযাপন কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
জোৱানৰ সৈতে মোডী
Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.