ETV Bharat / bharat

বাৰ্ষিক বাজেটত ন্যায়পালিকাৰ নামত পুঁজিৰ আবণ্টন বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন

author img

By

Published : Jan 23, 2021, 9:26 PM IST

ন্যায়পালিকাৰ নামত বাৰ্ষিক বাজেটৰ পৰা পুঁজিৰ আবণ্টন দিয়াৰ বাবে চৰকাৰক নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনালে অধিবক্তা ৰীপক কান্সালে । আবেদনখনত উল্লেখ কৰা মতে, প্ৰয়োজন সাপেক্ষে এই পুঁজি ন্যায়পালিকাই নিজে কামৰ বাবে ব্যয় কৰিব ।

বাৰ্ষিক বাজেটত ন্যায়পালিকাৰ নামত পুঁজিৰ আবণ্টন বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন
বাৰ্ষিক বাজেটত ন্যায়পালিকাৰ নামত পুঁজিৰ আবণ্টন বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন

নেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী: উচ্চতম ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছে অধিবক্তা ৰীপক কান্সালে । এই আবেদনৰ জৰিয়তে বাৰ্ষিক বাজেটৰ পৰা পুঁজিৰ এটা অংশ ন্যায়পালিকাৰ নামত আবণ্টন দিয়াৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ক অনুৰোধ জনোৱা হৈছে । এই পুঁজিৰ ব্যৱহাৰৰ দিশটো সঠিকভাৱে পৰিচালনা কৰাৰ বাবে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালৰ সৈতে এখন পৃথক সচিবালয় স্থাপনৰ অনুমতি দিবলৈ আহ্বান জনোৱা হৈছে ।

আবেদনখনত কোৱা মতে, এই পুঁজি ন্যায়পালিকাই নিজৰ মতে, নিজৰ কামৰ বাবে ব্যয় কৰিব । অধিবক্তা ৰীপক কান্সালে এই আবেদনৰ জৰিয়তে প্ৰকাশ কৰে হৈছে যে, কাৰ্যপালিকা, ন্যায়পালিকা আৰু বিধানমণ্ডল স্বাধীনতা অক্ষুণ্ণ থাকিব লাগিব । তেওঁ যুক্তি দিয়ে যে, বাজেটৰ সৰ্বাধিক অংশ স্বাস্থ্য, শিক্ষা আৰু অন্যন্য খণ্ডৰ নামত আবণ্টন দিয়া হয় । প্ৰতিবছৰে বিধানমণ্ডলে দেশৰ বাবে নতুন আইন প্ৰণয়ন কৰে আৰু সেই আইনবোৰে ন্যায়ালয়লৈ গোচৰ অহাৰ বাট মুকলি কৰে ।

এতিয়াও প্ৰায় ৩ কোটি গোচৰ নিষ্পতি নোহোৱাকৈয়ে আছে । অধিবক্তা ৰীপক কান্সালৰ মতে, চৰকাৰে বাজেটৰ ০.৫ শতাংশতকৈও কম ন্যায়পালিকাৰ বাবে ব্যয় কৰে । সেয়ে, তেওঁ বাজেটত ন্যায়পালিকাৰ বাবে পুঁজিৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে আনুৰোধ জনাই ন্যায়ালয়ৰ দ্বাৰস্থ হয় ।

লগতে পঢ়ক:চিংকু পাঠানৰে সম্পৰ্ক থকা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে পুণেত NCBৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.