ETV Bharat / bharat

জি এছ টি ৰ সালসলনিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ ৰমেশ চান্দৰ

author img

By

Published : Dec 25, 2019, 6:18 PM IST

জি এছ টিৰ ক্ষেত্ৰত দ্বি-স্তৰীয় ব্যৱস্থাৰ কথা ঘোষণা কৰে নীতি আয়োগৰ সদস্য ৰমেশ চান্দে ৷ পি টি আই ৰ লগত হোৱা এক বাৰ্তালাপত চান্দে কয় যে,জি এছ টি ৰ দৰে বৃহৎ কৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হয় ৷ যদিও পিচলৈ ই সুস্থিৰ পৰিৱেশ সৃষ্টি কৰে ৷

জি এছ টি
দ্বি-স্তৰীয় ব্যৱস্থাৰ কথা ঘোষণা কৰে নীতি আয়োগৰ সদস্য ৰমেশ চান্দে

নতুন দিল্লী,25 ডিচেম্বৰঃ নীতি আয়োগৰ সদস্য ৰমেশ চান্দে বুধবাৰে সামগ্ৰী আৰু সেৱা কৰৰ বহুতৰপীয়া ব্যৱস্থাৰ পৰিৱৰ্তে দ্বি-স্তৰীয় ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ৷ প্ৰয়োজন সাপেক্ষে বছৰেকত ইয়াক সংশোধনৰ ব্যৱস্থাও কৰা হ’ব বুলি ঘোষণা কৰে ৷ সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জি এছ টি -পৰোক্ষ কৰৰ ক্ষেত্ৰত 2017 চনৰ 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হৈছিল ৷ কিন্তু ইয়াৰ পিচৰ পৰা বহুবাৰ এই কৰ সলনি কৰা হয় ৷

বৰ্তমান চাৰি প্ৰকাৰৰ জি এছ টি কাৰ্যকৰী কৰা হৈছে ৷ সেয়া ক্ৰমে 5 শতাংশ,12 শতাংশ,18 শতাংশ আৰু 28 শতাংশ ৷ একাংশ সামগ্ৰী শূন্য কৰ হোৱাৰ বিপৰীতে পাঁচবিধ সামগ্ৰীত উপ-কৰ প্ৰযোজ্য কৰা হৈছে ৷ পি টি আই ৰ লগত হোৱা এক বাৰ্তালাপত চান্দে কয় যে, জি এছ টি ৰ দৰে বৃহৎ কৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হয় ৷ যদিও পিচলৈ ই সুস্থিৰ পৰিৱেশ সৃষ্টি কৰে ৷ তদুপৰি ভাৰতক বাদ দি আন বহু দেশে জি এছ টি ৰ সুস্থিৰ বাতাবৰণ সৃষ্টিৰ বাবে দীৰ্ঘসময়ৰ প্ৰয়োজন হৈছিল ৷

নীতি আয়োগৰ একাংশ সদস্য,যিয়ে দেশৰ কৃষিক্ষেত্ৰৰ পৰিচালনা কৰে, তেওঁলোকে এই কৰৰ বিৰোধিতা কৰে ৷ কিয়নো সঘনাই হোৱা কৰৰ পৰিৱৰ্তনে অৰ্থনৈতিক ব্যৱস্থাত সমস্যাৰ সৃষ্টি কৰে ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক বিত্তমন্ত্ৰীক অন্তৰ্ভূক্ত কৰিবলগীয়া সকলো শক্তিশালী জি এছ টি পৰিষদে বিশেষ সামগ্ৰী আৰু সেৱা কৰৰ বাবে মূল্য অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

বিভিন্ন সামগ্ৰীৰ কৰ কমোৱাৰ লগতে নীতি আয়োগে কৰৰ স্তৰ কমাবলৈও চিন্তা-চৰ্চা কৰিছে ৷ চান্দে লগতে কয়,"প্ৰতিটো ক্ষেত্ৰতে জি এছ টি কমোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ জি এছ টি ৰ হাৰ কমোৱা বিষয়টো বৰ্তমান তুলনামূলকভাৱে চৰ্চাত আছে" ৷ লগতে কেইবাবাৰো মূল্য পৰিৱৰ্তন কৰাৰ সলনি দুবাৰহে পৰিৱৰ্তন কৰাত গুৰুত্ব আৰোপ কৰে ৰমেশ চান্দে ৷

চান্দে কয় মূল্যৰ সালসলনিৰ পৰিৱৰ্তে পৰোক্ষ কৰ বৃদ্ধিৰ ওপৰতহে গুৰুত্ব দিয়া উচিত ৷ যদিহে মূল্যৰ সালসলনি ঘটাব লাগে তেন্তে ই বছৰেকীয়া পদ্ধতিত হ’ব লাগে ৷ তদুপৰি কৃষিক্ষেত্ৰত বিশেষকৈ দুগ্ধজাত সামগ্ৰীৰ ক্ষেত্ৰত 5 শতাংশ কৰেই যথেষ্ঠ ৷

সকলো ক্ষেত্ৰতে বৰ্তমান কম মূল্যৰ সেৱা কৰৰ দাবী কৰা হৈছে ৷ কিন্তু উন্নয়নশীল কামৰ বাবে চৰকাৰক ৰাজহৰ প্ৰয়োজন এই কথা সকলোৱে বুজা উচিত ৷ আমি চৰকাৰৰ পৰাহে আশা কৰো বিনিময়ত একো দিব নিবিচাৰো ৷ এয়া শুভ লক্ষণ নহয়-বুলি চান্দে আক্ষেপেৰে কয় ৷ উল্লেখ্য যে, ৰমেশ চান্দ 15 সংখ্যক বিত্তীয় সমিতিৰ এগৰাকী সদস্য ৷ বৰ্তমানলৈ একমাত্ৰ কৃষিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে 1.2 লাখ কোটি টকা ৰেহাই দিছে ৷ প্ৰত্যেক ৰাজ্যই ইতিমধ্যে এই পৰিমাণৰ 1 লাখ কোটি টকা ব্যয় কৰিছে ৷

লগতে চাওকঃঅটল বিহাৰী বাজপেয়ীৰ 95 সংখ্যক জন্ম জয়ন্তী উদযাপন

Intro:Body:

NITI Aayog member Ramesh Chand has made a case for only two slabs under the goods and service tax regime as against the multiple slabs currently. Currently, there are four GST rate slabs 5 per cent, 12, per cent, 18 per cent and 28 per cent. Several items fall in exempt category or nil duty. Besides, cess is also levied on five goods.

New Delhi: Government think-tank NITI Aayog member Ramesh Chand on Wednesday made a case for only two slabs under the goods and service tax regime as against the multiple slabs currently, and said rates should be revised annually if required.




Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.