ETV Bharat / bharat

নেপালত "কোভিশ্বিল্ড" প্ৰদানৰ বাবে অনুমতি

author img

By

Published : Jan 15, 2021, 8:23 PM IST

ভাৰতত প্ৰস্তুত হোৱা "কোভিশ্বিল্ড"ৰ জৰুৰীকালীন প্ৰয়োগৰ বাবে শুকুৰবাৰে অনুমতি দিলে নেপাল চৰকাৰে । উল্লেখ যে ভাৰতত নিৰ্মাণ কৰা হৈছে এই "কোভিশ্বিল্ড" প্ৰতিষেধক ।

নেপালত "কোভিশ্বিল্ড" প্ৰদানৰ বাবে অনুমতি
নেপালত "কোভিশ্বিল্ড" প্ৰদানৰ বাবে অনুমতি

নিউজ ডেস্ক,১৫ জানুৱাৰী : ভাৰতৰ পিছত এইবাৰ চুবুৰীয়া দেশ নেপালৰ চৰকাৰেও "কোভিশ্বিল্ড" প্ৰতিষেধক প্ৰদানৰ বাবে অনুমতি প্ৰদান কৰিছে । ভাৰতত প্ৰস্তুত হোৱা "কোভিশ্বিল্ড" জৰুৰীকালীন প্ৰয়োগৰ বাবে শুকুৰবাৰে অনুমতি দিলে নেপাল চৰকাৰে ।

নেপালৰ ডিপাৰ্টমেন্ট অব ড্ৰাগছ এডমিনিষ্ট্ৰেচন (ডিডিএ)ৰ দ্বাৰা প্ৰতিষেধক প্ৰদানৰ ঘোষণা কৰা হয় । ডিডিএয়ে শুকুৰবাৰে এক জাননী যোগে এই প্ৰতিষেধক প্ৰদানৰ কথা ঘোষণা কৰে ।

ইফালে দ্য়া হিমালয় টাইমছৰ মতে প্ৰতিষেধক নিৰ্মাণকাৰী সংস্থাৰ প্ৰতিনিধিক বুধবাৰে পঞ্জীয়ণৰ বাবে মাতিছিল নেপাল চৰকাৰে ।

লগতে পঢ়ক :দিল্লীত পৃথকে দিয়া হ'ব কোভিশ্বিল্ড আৰু কোভাক্সিন প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.