ৰামোজী ৰাওৰ মৃত্যুত শোক প্ৰকাশ ৰিতেশ দেশমুখ-জেনেলিয়াৰ - Media Baron Ramoji Rao
Media Baron Ramoji Rao: বলীউডৰ দম্পতী ৰিতেশ দেশমুখ আৰু জেনেলিয়াই ৰামোজী ৰাওৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি লিখিলে এক বিশেষ পোষ্ট । এই দম্পতীটোৰ প্ৰথম সাক্ষাৎ হৈছিল ৰামোজী ফিল্ম চিটীত ।

By ETV Bharat Entertainment Team
Published : June 9, 2024 at 12:58 PM IST
চিটাৰা ডেস্ক, ৯ জুন : আটাইতকৈ বেছি প্ৰচাৰিত হোৱা তেলুগু চেনেলৰ গ্ৰুপ আৰু ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক তথা মিডিয়া বেৰন ৰামোজী ৰাওৰ শনিবাৰে মৃত্যু হয় ৷ বিগত ৫ জুনত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে তেওঁক হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ সেই হাস্পতালতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷
ইফালে, চলচ্চিত্ৰ জগতৰ তাৰকাসকলেও ৰামোজী ৰাওৰ মৃত্যুত শোক প্ৰকাশ কৰে সমান্তৰালভাৱে বলীউডৰ তাৰকা দম্পতী ৰিতেশ দেশমুখ আৰু জেনেলিয়াইও সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰে ৷ বলীউডৰ অভিনেতা ৰিতেশ দেশমুখে সামাজিক মাধ্যমযোগে ৰামোজী ৰাওৰ ফটো পোষ্ট কৰে আৰু নিজৰ মনৰ ভাব প্ৰকাশ কৰে ৷
তেওঁ লিখে- ‘‘মই এই কথা জানি দুঃখিত যে- আইকন, লেজিণ্ড শ্ৰী ৰামোজী ৰাও ডাঙৰীয়া আৰু আমাৰ মাজত নাই ৷ জেনেলিয়া আৰু মই আজি অভিনয় জগতৰ সৈতে জড়িত কাৰণ তেওঁ নতুন শিল্পীক সুযোগ দিয়াত বিশ্বাস কৰিছিল ৷ তেওঁ এনে কাম কৰিবলৈ সাহস কৰিছিল যি কোনোও পূৰ্বে কল্পনাও কৰিব নোৱাৰে ৷ তেওঁৰ উত্তৰাধিকাৰ সদায় অমৰ হৈ থাকিব ৷ তেখেতৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিলো ৷ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ৷ ওমঃ শান্তি ৷’’
ৰিতেশৰ এই টুইটটো ৰিটুইট কৰি জেনেলিয়াই লিখিছে, ‘‘আপোনাৰ প্ৰতি মই কিমান কৃতজ্ঞ, সেয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰি ৷ ৰিতেশে কোৱাৰ দৰে নতুন মানুহৰ ওপৰত আপোনাৰ বিশ্বাসৰ বাবে ধন্যবাদ, যি সময়ত তেওঁলোকক আদৰণিও জনোৱা হোৱা নাছিল ৷ পৰিয়ালৰ বাবে প্ৰাৰ্থনা আৰু শক্তিৰ কামনা কৰিলো ৷’’
উল্লেখ্য যে, মেগাষ্টাৰ চিৰঞ্জীৱী, মোহনলাল, ৰাম চৰণ, এছ এছ ৰাজামৌলি, ধনুষ, কমল হাছান আৰু বিভিন্ন ৰাজনৈতিক দল আৰু চলচ্চিত্ৰ ব্যক্তিত্বৰ নেতাসকলেও ৰাৱে তেওঁলোকৰ জীৱন আৰু কেৰিয়াৰত পেলোৱা গভীৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি শোক প্ৰকাশ কৰে৷' আপোনালোকক জনাই দিও যে, ৰিতেশ দেশমুখ আৰু জেনেলিয়াৰ প্ৰথম সাক্ষাৎ ৰামোজী ফিল্ম চিটীতেই হৈছিল ৷
সংবাদ মাধ্যম আৰু মনোৰঞ্জন জগতলৈ ৰামোজী ৰাওৰ অৱদান অতুলনীয় ৷ তেওঁ তেলুগু সাংবাদিকতা আৰু টেলিভিছন জগতক এক নতুন মাত্ৰা প্ৰদান কৰিছিল ৷ তেওঁ নিৰ্মাণ কৰা ৰামোজী ফিল্ম চিটী আজি বিশ্বৰ ভিতৰতে অন্যতম তথা বৃহৎ ফিল্ম চিটী হিচাপে পৰিগণিত হৈছে ৷ য’ত শ্বুটিং কৰিবলৈ দূৰ-দূৰণিৰ পৰা ছবি নিৰ্মাতা অহাই নহয় পৰ্যটকৰ বাবেও আকৰ্ষণৰ এক স্থল হিচাপে পৰিগণিত হৈছে ৷

