ETV Bharat / bharat

অত্যাৱশ্যকীয় সেৱাৰ সৈতে আজিৰে পৰা আৰম্ভ হ'ব মুম্বাই লোকেল ট্ৰেইন

author img

By

Published : Jun 15, 2020, 5:19 AM IST

অত্যাৱশ্যকীয় সেৱাৰ সৈতে আজিৰে পৰা আৰম্ভ হ'ব মুম্বাই লোকেল ট্ৰেইন
অত্যাৱশ্যকীয় সেৱাৰ সৈতে আজিৰে পৰা আৰম্ভ হ'ব মুম্বাই লোকেল ট্ৰেইন

কোভিড-19ৰ বাবে বন্ধ হৈ থকা মুম্বাইৰ জীৱনৰেখা, মুম্বাইৰ যোগাযোগ ব্যৱস্থাৰ অক্সিজেনস্বৰূপ লোকেল ট্ৰেইনৰ যাতায়ত আজিৰে পৰা আৰম্ভ হ'ব ৷

নিউজ ডেস্ক, 15 জুন : কোবিড-19 মহামাৰীৰ বাবে বন্ধ হৈ থকা মুম্বাই লোকেল ট্ৰেইনৰ যাতায়ত আজিৰে পৰা আৰম্ভ হ'ব ৷ অৱশ্যে ব্যক্তিগত স্বাস্থ্যখণ্ডৰ সৈতে জড়িত কৰ্মীৰ লগতে অত্য়াৱশ্যকীয় সেৱাৰ বাবেহে এই সেৱা পুনৰ আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ মধ্য আৰু পশ্চিম ৰেলৱেৰ লগতে মুম্বাই পৌৰসভাই যুটীয়াভাৱে এই কথা ঘোষণা কৰিছিল ৷

সেই অনুসৰি, পশ্চিম ৰেলৱে 73খন লোকেল, মধ্য ৰেলৱে 200, পশ্চিম ৰেলৱে অত্যাৱশ্যকীয় সেৱাৰ বাবে 120খন লোকেল ট্ৰেইন চলাচলত অনুমতি প্ৰদান কৰিছে ৷ এই লোকেল ট্ৰেইনত মহাৰাষ্ট্ৰ চৰকাৰে প্ৰকাশ কৰা অনুসৰি, প্ৰতিদিনে, 1.27 লাখ অত্যাৱশ্যকীয় সেৱাৰ লোকে যাতায়ত কৰিব ৷ অৱশ্যে সাধাৰণ লোকৰ বাবে লোকেল ট্ৰেইনত কোনো সুবিধা প্ৰদান কৰা নহ'ব বুলি মহাৰাষ্ট্ৰ চৰকাৰে নিশ্চিতি প্ৰদান কৰিছে ৷

আনহাতে অত্যাৱশ্যকীয় সেৱাৰ এইসমূহ কৰ্মচাৰীৰ বাবে কোনো টিকটৰ ব্যৱস্থা কৰা নহ'ব ৷ তাৰ পৰিৱৰ্তে QR কোডযুক্ত একোখন পৰিচয় পত্ৰ তেওঁলোকক প্ৰদান কৰা হ'ব যাৰ দ্বাৰা তেওঁলোকে লোকেল ট্ৰেইনত যাত্ৰা কৰিব পাৰিব ৷ ইতিমধ্যে এই পত্ৰসমূহ মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰক প্ৰদান কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.