ETV Bharat / bharat

মানকাড পদ্ধতিয়ে অনুপ্ৰাণিত কৰিছে কলিকতা ট্ৰেফিক পুলিচক

author img

By

Published : Mar 30, 2019, 7:15 PM IST

MANKAD CONTROVERSY INSPIRES KOLKATA TRAFFIC POLICE

এইবাৰ বিতৰ্কিত "মানকাড" পদ্ধতি ব্যৱহাৰেৰে চৰ্চা লাভ কৰিছে কলিকতা ট্ৰেফিক পুলিচে । কলিকতাবাসীক যান জঁট সম্পৰ্কে সজাগ কৰি তোলাৰ প্ৰয়াসেৰে কলিকতা পুলিচৰ শেহতীয়া প্ৰচাৰ অভিযানত এই সৃষ্টিশীল পদ্ধতি ব্যৱহাৰ কৰা হয় ।

নিউজ ডেস্ক, ৩০ মাৰ্চঃএইবছৰৰ আই পি এলৰ চৰ্চিত বিষয় "মানকাড" ব্যৱহাৰ কৰিছে কলিকতা ট্ৰেফিক পুলিচে । কলিকতাবাসীক যান জঁট সম্পৰ্কে সজাগ কৰি তোলাৰ প্ৰয়াসেৰে কলিকতা পুলিচৰ শেহতীয়া প্ৰচাৰ অভিযানত এই সৃষ্টিশীল পদ্ধতি ব্যৱহাৰ কৰা হয় । জ'ছ বাটলাৰৰ আউট হোৱা আৰু এখন গাড়ীয়ে ৰাস্তাৰসীমাৰেখা পাৰ হোৱাৰ ফ'টো সংযোজন কৰি এই প্ৰচাৰ অভিযান আৰম্ভ কৰে কলিকতা পুলিচে ।

উল্লেখ্য যে, মানকাড হৈছে এনে এটা পদ্ধতি যাৰ জৰিয়তে বলাৰজনে বল কৰাৰ সময়ত ক্ৰিজৰ পৰা বাহিৰ হৈ যোৱা নন ষ্ট্ৰাইকাৰ এণ্ডৰ বেট্ছমেন জনৰ ষ্টাম্প উফৰাই আউট কৰিবলৈ সক্ষম হয় ৷ সোমবাৰে অনুষ্ঠিত চতুৰ্থ খন আই পি এল মেচত পাঞ্জাৱ একাদশৰ অধিনায়ক আৰ. অশ্বিনে চাঞ্চল্য সৃষ্টিকাৰী "মানকাড" পদ্ধতিৰে ৰাজস্থান ৰয়েলছৰ জ'ছ বাটলাৰক আউট কৰিছিল ।

PHOTO.jpg
MANKAD CONTROVERSY INSPIRES KOLKATA TRAFFIC POLICE

মানকাড বিবাদে অনুপ্ৰাণিত কৰিলে কলিকতা ট্ৰেফিক পুলিচক

নিউজ ডেস্ক, ৩০ মাৰ্চ: এইবছৰৰ আইপিএলৰ চৰ্চিত বিষয় "মানকাড" ব্যৱহাৰ কৰিছে কলিকতা ট্ৰেফিক পুলিচে । কলিকতা বাসীক যান - জঁট সম্পৰ্কে সজাগ কৰি তোলাৰ প্ৰয়াসেৰে কলিকতা পুলিচৰ শেহতীয়া প্ৰচাৰ অভিযানত এই সৃষ্টিশীল পদ্ধতি ব্যৱহাৰ কৰা হয় । জ'ছ বাটলাৰৰ আউট হোৱা আৰু এখন গাড়ীয়ে সীমাৰেখা পাৰ হোৱাৰ ফ'টো সংযোজন কৰি এই প্ৰচাৰ অভিযান আৰম্ভ কৰে ।  

উল্লেখ্য যে, মানকাড হৈছে এনে এটা পদ্ধতি যাৰ জৰিয়তে বলাৰজনে বল কৰাৰ সময়ত ক্ৰিজৰ পৰা বাহিৰ হৈ যোৱা নন ষ্ট্ৰাইকাৰ এণ্ডৰ বেট্ছমেন জনৰ ষ্টাম্প উফৰাই আউট কৰিবলৈ সক্ষম হয় ৷ সোমবাৰে অনুষ্ঠিত চতুৰ্থ খন আইপিএল মেচত পাঞ্জাৱ একাদশৰ অধিনায়ক আৰ. অশ্বিনে চাঞ্চল্য সৃষ্টিকাৰী "মানকাড" পদ্ধতিৰে ৰাজস্থান ৰয়েলছৰ জ'ছ বাটলাৰক আউট কৰিছিল । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.