ETV Bharat / bharat

সংকটৰ সময়ছোৱাতো নিম্নমানৰ ৰাজনীতি কৰিবলৈ এৰা নাই ৰাজনৈতিক দলৰ আই টি চেলেঃ মমতা বেনাৰ্জী

author img

By

Published : Apr 6, 2020, 8:50 PM IST

বিজেপিৰ আই টি চেলৰ নেতা অমিত মালভিয়াছে 'পশ্চিমবংগ চৰকাৰে কৰ'ণাত আক্ৰান্তৰ সঠিক তথ্য লুকুৱাইছে' বুলি টুইটাৰযোগে প্ৰকাশ কৰাৰ পাছতে এই অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মমতা বেনাৰ্জী
মমতা বেনাৰ্জী

নিউজ ডেস্ক, 6 এপ্ৰিলঃ "দেশৰ এই সংকটৰ সময়ছোৱাতো নিম্নমানৰ ৰাজনীতি কৰিবলৈ এৰা নাই ৰাজনৈতিক দলৰ আই টি চেলে ৷ আমাৰ চিকিৎসকসমূহে ৰাজ্যখনৰ ৰোগীসকলৰ বাবে দিনে নিশাই নিয়োজিত হৈ আছে, এইখিনি ৰাজনীতি কৰাৰ সঠিক সময় নহয়" বিজেপিৰ নাম নোলোৱাকৈ দলটোৰ সন্দৰ্ভত এই অভিযোগ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৷

বিজেপিৰ আই টি চেলৰ নেতা অমিত মালভিয়াছে 'পশ্চিমবংগ চৰকাৰে কৰ'ণাত আক্ৰান্তৰ সঠিক তথ্য লুকুৱাইছে' বুলি টুইটাৰযোগে প্ৰকাশ কৰাৰ পাছতে এই অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তেওঁলোকে বাছন-বৰ্তন বজাই আৰু ফটকা ফুটুৱাই ৰাজনীতি কৰিব পাৰে কিন্তু আমি তেনে নহয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.