ETV Bharat / bharat

শীঘ্ৰেই কেৰালাত সুৰাৰ বিপণী মুকলি কৰাৰ ইংগিত

author img

By

Published : Apr 30, 2020, 6:34 PM IST

শীঘ্ৰেই কেৰালাত সুৰাৰ বিপনী মুকলি কৰাৰ ইংগিত
শীঘ্ৰেই কেৰালাত সুৰাৰ বিপনী মুকলি কৰাৰ ইংগিত

ৰাজ্যৰ মালিকানাধীন কেৰালা বেভকোৱে ইংগিত দিছে যে, শীঘ্ৰেই ৰাজ্যত সুৰাৰ বিক্ৰী আৰম্ভ কৰিব । 4 মে'ৰ পৰাই বিক্ৰী আৰম্ভ কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে ।

নিউজ ডেস্ক, 30 এপ্ৰিলঃ কেৰালাৰ এলকহল সেৱন কৰা লোক সকলৰ বাবে সুখবৰ।

ৰাজ্যৰ মালিকানাধীন কেৰালা ৰাজ্যিক বেভাৰ্ছ কৰপোৰেছন(Bevco)ৰ শীৰ্ষ মুৰব্বীৰ পৰা কৰ্মচাৰী সকলক দিয়া এটা নিৰ্দেশে সুৰাৰ বিপণী শীঘ্ৰেই খোলাৰ ইংগিত বহন কৰিছে ।

তেওঁ কৰ্মচাৰী সকলক দিয়া পত্ৰত 4 মে'ৰ পৰা দোকান খোলা হ'ব বুলি উল্লেখ কৰিছে । কিন্তু তাত উল্লেখ আছে যে, লক ডাউন শিথিল হলেও নিয়ম সমূহ কঠোৰ হ'ব ।

দোকান খোলাৰ পূৰ্বে পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব লাগিব আৰু সামাজিক দূৰত্বও মানি চলিব লাগিব । লগতে দোকানত হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব ।

24 মাৰ্চৰ পৰাই এই দোকান সমূহ বন্ধ হৈ আছে । কেৰালা চৰকাৰে লক ডাউনৰ মাজতে এবাৰ দোকান সমূহ খোলাৰ ব্যৱস্থা কৰিছিল যদিও উচ্চ ন্যায়ালয়ে তাত বাধা আৰোপ কৰে ।

3.34 কোটি জনসংখ্যাৰ কেৰালাত 32.9 লাখ লোকে সুৰা সেৱন কৰে বুলি এক অধ্যয়নত জানিব পৰা গৈছে । সেৱনকাৰী সকলৰ ভিতৰত 29.8 লাখ পুৰুষ আৰু 3.1 লাখ মহিলা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.