ETV Bharat / bharat

গৰ্ভৱতী হাতী হত্যা : দোষীক উপযুক্ত শাস্তি দিয়াৰ আশ্বাস কেৰালাৰ মুখ্যমন্ত্ৰীৰ !

author img

By

Published : Jun 4, 2020, 5:43 AM IST

Updated : Jun 4, 2020, 6:55 AM IST

গৰ্ভৱতী হাতীক ফটাকাযুক্ত আনাৰস খুৱাই হত্যা কৰা দোষী দিয়া হ'ব কঠোৰ শাস্তি ৷ কেৰালাৰ মুখ্যমন্ত্ৰী পি. বিজয়ানে ঘোষণা কৰিছে এই কথা ৷

kerala elephant death
kerala elephant death

নিউজ ডেস্ক, 4 জুন : কেৰালাত ফটাকাযুক্ত আনাৰস খুৱাই এজনী গৰ্ভৱতী হাতী হত্যা কৰা ঘটনাই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷ চ'ছিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন ধৰণে পোষ্ট দি শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ একাংশই এশ শতাংশ শিক্ষিত হৈও মানৱতাহীন বুলি ককৰ্থনা কৰিছে ৰাজ্যখনক ৷ যোৱা 27 মে'ত সংঘটিত হৈছিল এই নৃশংস ঘটনা ৷

kerala elephant death
গৰ্ভৱতী হাতীক ফটাকাযুক্ত আনাৰস খুৱাই হত্যা

কেৰালাৰ চাইলেন্ট ভেলী বনাঞ্চলত সংঘটি এই বৰ্বৰ ঘটনা সন্দৰ্ভত মত ব্যক্ত কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পি. বিজয়ানে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে নিষ্টয়তা প্ৰদান কৰি কয় যে, এই ঘটনা সংঘটিত কৰা দুস্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

kerala elephant death
কেৰালাৰ দুৰ্ভগীয়া হাতীজনী

বনবিভাগে ইতিমধ্যে ঘটনাটোৰ তদন্ত কৰিছে আৰু দোষী বিচাৰ-খোচাৰ চলাইছে ৷ উল্লেখ্য যে, বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ইতিমধ্যে অজান ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক : কৰ্ণাটকত ৰাজনৈতিক নাটক : 'অল ইজ নট ৱেল' য়েডুৰাপ্পা চৰকাৰৰ !

Last Updated : Jun 4, 2020, 6:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.