ETV Bharat / bharat

আৰক্ষীৰ জালত ম'ষ্ট ৱান্টেড অল-কায়দা সন্ত্ৰাসবাদী কালিমুদ্দিন

author img

By

Published : Sep 22, 2019, 11:11 PM IST

আৰক্ষীৰ জালত অল-কায়দা সন্ত্ৰাসবাদী

ঝাৰখণ্ড আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী গোট আৰু দিল্লী আৰক্ষীৰ বিশেষ দলে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰে এগৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক ৷ অল-কায়দা সন্ত্ৰাসবাদী সংগঠনৰ সদস্যগৰাকী মহম্মদ কালিমুদ্দিন বুলি জনাইছে ঝাৰখণ্ড আৰক্ষীৰ এডিজিপি এম এল মীনাই ৷

নিউজ ডেস্ক, 22 চেপ্তেম্বৰঃ বিহাৰ আৰু পশ্চিমবংগৰ পিচতে এইবাৰ ঝাৰখণ্ডৰ পৰা গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ অল-কায়দা গোটৰ সন্ত্ৰাসবাদী সদস্য ৷ বিহাৰ আৰু পশ্চিমবংগ আৰক্ষীয়ে জেএমবিৰ 7গৰাকীকৈ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ পিচত এইবাৰ দিল্লী আৰক্ষীৰ সহযোগত ঝাৰখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অল-কায়দা সন্ত্ৰাসবাদী সংগঠনৰ এগৰাকী এৰিয়া কামাণ্ডাৰক ৷

ধৃত সন্ত্ৰাসবাদীটো ঝাৰখণ্ডৰ জামচেদপুৰ অঞ্চলৰ বাসিন্দা মহম্মদ কালিমুদ্দিন মুজাহিৰি বুলি জনাইছে ঝাৰখণ্ড আৰক্ষীৰ এডিজিপি এম এল মীনাই ৷ ভাৰতীয় নিৰাপত্তা বাহিনীৰ ম'ষ্ট ৱান্টেডৰ তালিকাত নাম থকা কালিমুদ্দিনক বহুদিনৰ পৰাই ঝাৰখণ্ড আৰক্ষীৰ এটিএছে সন্ধান কৰি আছিল ৷ অৱশেষত দেওবাৰে টাটানগৰ ৰেলৱে ষ্টেচনৰ পৰাই সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষী আৰু ঝাৰখণ্ড আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলটোৱে ৷

আৰক্ষীৰ জালত অল-কায়দা সন্ত্ৰাসবাদী

আৰক্ষী বিষয়া এম এল মীনাই প্ৰকাশ কৰা তথ্য অনুসৰি, কালিমুদ্দিনে ভাৰতীয় যুৱপ্ৰজন্মক সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰাৰ বাবে উৎসাহিত কৰি আহিছিল ৷ যিসকলে সন্ত্ৰাসবাদী সংগঠনত যোগদান দিব বিছাৰে তেওঁলোকক পাকিস্তানলৈ নি প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ ইতিমধ্যে কালিমুদ্দিনৰ বিৰুদ্ধে বহুকেইটা গোচৰ ৰুজু হৈ আছে ৷ উত্তৰ প্ৰদেশ, গুজৰাট, পশ্চিমবংগকে ধৰি বহুকেইখন ৰাজ্য তথা বাংলাদেশ, দক্ষিণ আফ্ৰিকা, পাকিস্তান, চোদি আৰব আৰু অন্যান্য দেশসমূহ ভ্ৰমণ কৰি থকাৰ বাবে কালিমুদ্দিনক কৰায়ত্ত কৰাত আৰক্ষীয়ে অসুবিধা সন্মুখীন হৈছিল বুলি কয় আৰক্ষী বিষয়াগৰাকীয়ে ৷ ইতিমধ্যে দিল্লী আৰক্ষীয়ে কালিমুদ্দিনৰ বহুকেইগৰাকী সতীৰ্থক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ ভিতৰত মহম্মদ আব্দুল ৰহমান আলি ওৰফে হাইদৰ ওৰফে কাটকি, আব্দুল চামি ওৰফে উজ্জাইৰ ওৰফে হাচানক তিহাৰ জেলত ৰাখিছে দিল্লী আৰক্ষীয়ে ৷

Intro:Body:

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.