ETV Bharat / bharat

৩ গৰাকী ভাৰতীয় খেলুৱৈৰ বিপৰীতে ১ গৰাকী বিদেশী খেলুৱৈক খেল খেলাৰ অনুমোদন ISL কর্তৃপক্ষৰ

author img

By

Published : Jul 7, 2020, 8:41 PM IST

ইণ্ডিয়া ছুপাৰ লীগ চমুকৈ ISL ৰ ২০২১-২২ বৰ্ষৰ খেলত তিনিজন ভাৰতীয় খেলুৱৈৰ বিপৰীতে এগৰাকী বিদেশী খেলুৱৈ (3+1) ক খেল খেলাৰ অনুমতি প্ৰদান কৰিছে । সোমবাৰে ঘোষণা কৰিছে এই তথ্য । Football Sports Development Ltd চমুকৈ FSDL ৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ।

isl-approves-four-foreign-players-regulation-from-2021-22-season
isl-approves-four-foreign-players-regulation-from-2021-22-season

নিউজ ডেস্ক, ৭ জুলাই : ইণ্ডিয়া ছুপাৰ লীগ চমুকৈ ISL ৰ ২০২১-২২ বৰ্ষৰ খেলত তিনিজন ভাৰতীয় খেলুৱৈৰ বিপৰীতে এগৰাকী বিদেশী খেলুৱৈ (3+1) ক খেল খেলাৰ অনুমতি প্ৰদান কৰিছে । সোমবাৰে ঘোষণা কৰিছে এই তথ্য । Football Sports Development Ltd চমুকৈ FSDL ৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত । যিখন বৈঠকত নীতা আম্বানীয়েও অংশগ্ৰহণ কৰিছিল ।

উল্লেখযোগ্য যে, 3+1 বিদেশী খেলুৱৈৰ নিয়ম Asian Football Confederation ৰ আৰ্হিত লোৱা হৈছে ।

নিয়ম অনুসৰি, ৬ গৰাকী বিদেশী খেলুৱৈক চুক্তিবদ্ধ কৰিব পাৰিব । ৬ গৰাকীৰ ভিতৰত ১ গৰাকী আছিয়ান খেলুৱৈ হ'ব লাগিব । কিন্তু চুক্তিবদ্ধ কৰা ৬ গৰাকী খেলুৱৈৰ ভিতৰত ৪ গৰাকী বিদেশী খেলুৱৈ খেল খেলিব পাৰিব । এই নিয়মৰ পিচত ভাৰতীয় খেলুৱৈ সকলক বেছিকৈ গুৰুত্ব প্ৰদান কৰা হোৱা বুলি উল্লেখ কৰে ।

ISL ত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিটো ক্লাবে ২০২০-২১ বৰ্ষৰ বাবে এগৰাকী আছিয়ান খেলুৱৈ থকাটো বাধ্যতামুলক কৰা হৈছে । অৰ্থাৎ আছিয়ান খেলুৱৈ গৰাকীক বাদ দি ৫ গৰাকী বিদেশী খেলুৱৈক খেল খেলাৰ অনুমতি প্ৰদান কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.