ETV Bharat / bharat

ভাৰতে 'ন’ ফাৰ্স্ট ইউজ' পাৰমাণৱিক নীতি সলনি কৰা সিদ্ধান্ত লৈছে নেকি?

author img

By

Published : Aug 17, 2019, 1:20 PM IST

ভাৰতে 'ন’ ফাৰ্স্ট ইউজ' পাৰমাণৱিক নীতি সলনি কৰা সিদ্ধান্ত লৈছে নেকি?

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভৱিষ্যত পৰিস্থিতি সাপেক্ষে ভাৰতে নিজৰ 'ন’ ফাৰ্স্ট ইউজ' পাৰমাণৱিক নীতি সলনি কৰিব পাৰে ৷ ৰাজস্থানৰ পোখৰাণত উপস্থিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৷

নিউজ ডেস্ক, 17 আগষ্টঃ পাৰমাণৱিক নীতি সলনি কৰাৰ ফালে ইংগিত দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভৱিষ্যতে পৰিস্থিতি সাপেক্ষে ভাৰতে নিজৰ 'ন’ ফাৰ্স্ট ইউজ' পাৰমাণৱিক নীতি সলনি কৰিব পাৰে ৷ ৰাজস্থানৰ পোখৰাণত উপস্থিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখযোগ্য যে, পোখৰাণ আছিল 1998 চনত ভাৰতে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰা প্ৰথমখন ঠাই ৷ পোখৰাণত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৷ এক টুইট যোগে এই কথা পুনৰ প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৷

ETV BHARAT ASSAM
ভাৰতে 'ন’ ফাৰ্স্ট ইউজ' পাৰমাণৱিক নীতি সলনি কৰা সিদ্ধান্ত লৈছে নেকি?

বিজেপিৰ এজেণ্ডাত আছে নিকি 'ন’ ফাৰ্স্ট ইউজ' নীতি উঠাই লোৱাৰ পৰিকল্পনা?

পূৰ্বেও 'ন’ ফাৰ্স্ট ইউজ' নীতিৰ কথা কৈছিল বিজেপি নেতাই ৷ 2016 চনত সেই সময়ৰ প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকাৰে কৈছিল যে 'ন’ ফাৰ্স্ট ইউজ' নীতি আজিৰ সময়ত প্ৰাসংগিক নহয় যাৰ বাবে কঠোৰ সমালোচনাৰো সন্মুখীন হৈছিল মন্ত্ৰীগৰাকী ৷ শেহতীয়াকৈ লেফটেনেন্ট জেনেৰেল বি এচ নাগপাল,ষ্ট্ৰেটাৰ্জিক ফৰ্চ কামাণ্ড(Strategic Forces Command)ৰ কামাণ্ডাৰ-ইন-চিফে 'ন’ ফাৰ্স্ট ইউজ' নীতিক ''formula for disaster'' বুলি আখ্যা দিছিল ৷
2014ৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত প্ৰাসংগিক সময়ৰ লগত খাপ খোৱাকৈ পাৰমাণৱিক নীতিৰ সাল সলনি কৰাৰ কথা উল্লেখ আছিল কিন্তু পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীয়ে ইয়াক অপ্ৰাসংগিক বুলি মন্তব্য কৰে ৷ তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ আছিল আৰু ই আমাৰ সংস্কৃতিৰ প্ৰতিফলন বুলি কয় ৷

  • Pokhran is the area which witnessed Atal Ji’s firm resolve to make India a nuclear power and yet remain firmly committed to the doctrine of ‘No First Use’. India has strictly adhered to this doctrine. What happens in future depends on the circumstances.

    — Rajnath Singh (@rajnathsingh) August 16, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

'ন’ ফাৰ্স্ট ইউজ', নীতি কি ?

পোখৰাণত প্ৰথমবাৰৰ বাবে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ কৰাৰ পিছতে ভাৰতে 'ন’ ফাৰ্স্ট ইউজ' নীতি অৱলম্বন কৰিছিল ৷ এই নীতি অনুসৰি কোনো দেশৰ লগত সংঘাতৰ সৃষ্টি হ'লে ভাৰতে কেতিয়াও প্ৰথমে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰে ৷ এই নীতি অটল বিহাৰী বাজপেয়ীৰ দিনত লোৱা হৈছিল ৷ ইয়াৰ লগতে 'ন’ ফাৰ্স্ট ইউজ' নীতিত উল্লেখ আছে যে ভাৰতে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নথকা দেশৰ ওপৰত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰে ৷
উল্লেখযোগ্য যে,চুবুৰীয়া ৰাষ্ট্ৰপাকিস্তানৰ এনে কোনো নীতি নাই ৷

ভাৰত-পাকিস্তানৰ পাৰমাণৱিক শক্তি

ভাৰতে 1962 চনত চীনা যুদ্ধৰ সময়তে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰা আৰম্ভ কৰিছিল ৷ পাকিস্তানে 1971 চনত হোৱা ভাৰত-পাক যুদ্ধৰ পিছত আৰম্ভ কৰিছিল পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰা প্ৰক্ৰিয়া ৷ ভাৰত যদিও সামৰিক অস্ত্ৰৰ ক্ষেত্ৰত পাকিস্তানতকৈ আগত আছে কিন্তু পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰত পাকিস্তান ভাৰততকৈ এখোজ আগত আছে ৷ ভাৰতে পাৰমাণৱিক অস্ত্ৰ, জল, স্থল আৰু বায়ু সকলোৰে পৰা উৎক্ষেপণ কৰিব পৰা ক্ষমতা আছে যদিও প্কিস্তানে বৰ্তমানেও জল ক্ষেত্ৰত কাম কৰি আছে ৷ পাৰমাণৱিক শক্তি চালিত INS Arihant বেলিষ্টিক চাবমেৰিণ ক্ৰয় কৰাৰ পিছত বিশ্বৰ 6 খন দেশৰ ভিতৰত ভাৰত এখন যাৰ এই ক্ষমতা আছে ৷ আনহাতে পাকিস্তানে সাগৰৰ পৰা মিছাইল উৎক্ষেপণৰ বহু পৰীক্ষণ কৰিও সুফল লাভ কৰা নাই ৷

Stockholm International Peace Research Institute, যাৰ হাতত কোন দেশৰ কিমান পাৰমাণৱিক অস্ত্ৰ আছে তাৰ হিচাপ থাকে,তাৰ তথ্য মতে বৰ্তমান ভাৰতৰ ওচৰত 130 আৰু 140 ৱাৰহেড আছে আনহাতে পাকিস্তানৰ হাতত আছে 140 আৰু 150 ৱাৰহেড আছে ৷ ইয়াৰ ওপৰিও পাকিস্তানৰ লং ৰেঞ্জ মিছাইল শ্বাহীন-3 য়ে ভাৰতৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈ আক্ৰমণ কৰিব পাৰে ৷

বিশ্বৰ 137 খন দেশৰ ভিতৰত Global Fire Power (GFP)ৰ ক্ষেত্ৰত ভাৰত চতুৰ্থ স্থানত থকাৰ বিপৰীতে পাকিস্তান আছে 15তম স্থানত ৷ উল্লেখ্য যে, ইয়াৰ ওপৰিও ভাৰত Non-Proliferation Treatyৰ অংশীদাৰ নহয় যদিও এখন শক্তিশালী 'ন’ ফাৰ্স্ট ইউজ' নীতিৰ ভিতৰত আছে ৷

উল্লেখ্য যে, বৰ্তমান বিশ্বৰ 9 খন দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে ৷

Intro:Body:

https://etvbharat.page.link/vgfK


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.