ETV Bharat / bharat

অনলাইন গেমৰ সৈতে জড়িত ভাৰতীয় শিক্ষাৰ্থীৰ বাবে সুখবৰ

author img

By

Published : Aug 25, 2020, 2:05 PM IST

অনলাইন গেমৰ প্ৰস্তুতৰে জড়িত ভাৰতৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ
অনলাইন গেমৰ প্ৰস্তুতৰে জড়িত ভাৰতৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

অনলাইন গেমৰ সৈতে জড়িত ভাৰতীয় শিক্ষাৰ্থীৰ বাবে সুখবৰ । কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই অনুষ্ঠিত কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ 'হেকাথন'। অনলাইন গেমৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হ'ব । পুতলা তৈয়াৰ কৰা কলা বিষয়ক প্ৰশিক্ষণো প্ৰদান কৰা হ'ব শিক্ষাৰ্থীক।

নেশ্যনেল ডেস্ক, ২৫ আগষ্ট : ভাৰতত অনলাইন গেম প্ৰস্তুতৰে জড়িত শিক্ষাৰ্থীক আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে । এই প্ৰশিক্ষণে অনলাইন গেমৰ ক্ষেত্ৰখনত নিযুক্তি লাভ কৰাত শিক্ষাৰ্থীসকলক সহায় কৰিব । শীঘ্ৰেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ 'হেকাথন' অনুষ্ঠিত কৰিব কেন্দ্ৰীয় চৰকাৰে । 'হেকাথন'ত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব শিক্ষাৰ্থীসকলে । অনলাইন গেমৰ আৰ্হি, টেকন'লজিৰ ওপৰতো প্ৰশিক্ষণ দিয়া হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে প্ৰকাশ কৰে । শিক্ষাৰ্থীসকলক বিশেষ প্ৰক্ৰিয়াৰে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হ'ব । আনহাতে পুতলা নিৰ্মাণৰ কলাৰ ওপৰতো দেশৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অভিজ্ঞতা লাভ কৰাৰ সুবিধা পাব । ভাৰতৰ ঐতিহাসিক ধৰ্মীয় চৰিত্ৰ আৰু প্ৰমূল্যবোধৰ ওপৰত ভিত্তি কৰি প্ৰশিক্ষণ দিয়া হ'ব ।

উল্লেখ্য যে, এই প্ৰশিক্ষণে শিক্ষাৰ্থীসকলক আত্মনিৰ্ভৰশীল হ'বলৈও সাহস দিব । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা আত্মনিৰ্ভৰ ভাৰত পৰিকল্পনাৰো প্ৰচাৰ কৰিব । এই প্ৰশিক্ষণে নিযুক্তিৰ ক্ষেত্ৰতো আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আশাবাদী কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক । নতুন শিক্ষানীতিৰ অধীনত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত কিছু সাল-সলনি অনা হৈছে বুলিও মত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ বালিয়াত সাংবাদিকক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.