ETV Bharat / bharat

কৰ'ণা প্ৰতিৰোধঃ ডিজিটেল ট্ৰান্সফাৰত অধিক গুৰুত্ব

author img

By

Published : Apr 16, 2020, 12:12 PM IST

India used digital transfers to prevent spread of COVID-19: FM tells G20 leaders
India used digital transfers to prevent spread of COVID-19: FM tells G20 leaders

কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ প্ৰতি লক্ষ্য় ৰাখি এই মহামাৰীৰ প্ৰতিৰোধ উপলক্ষে ভাৰতে ডিজিটেল প্ৰযুক্তি মাধ্যমেৰে স্থানান্তৰৰ প্ৰত্যক্ষ লাভৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ কথা G-20 ৰ নেতা সকলৰ সন্মুখত উল্লেখ কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। যাতে সাৰ্বজনিক স্থানত উপভোক্তাৰ সংস্পৰ্শ অধিক কম কৰিব পৰা যায় ।

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ ডিজিটেল প্ৰযুক্তিৰ ওপৰত অধিক প্ৰাধান্য প্ৰদান কৰিছে ভাৰতে । কৰ'ণা মহামাৰীৰ প্ৰতিৰোধৰ এক অন্য়তম সাৱধানতা হিচাপে পৰিগণিত হৈছে ডিজিটেল ট্ৰান্সফাৰ অথবা স্থানান্তৰ । যাৰ বাবেই ৩২ কোটি উপভোক্তালৈ ডিজিটেল প্ৰযুক্তি মাধ্যমেৰে ধন স্থানান্তৰ কৰা হৈছে বুলি G-20 ৰ নেতাৰ সৈতে হোৱা বৈঠকত উল্লেখ কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে । সামাজিক দুৰত্বক সংক্ৰমণৰ গতি ৰোধৰ কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে । যাৰ বাবেই সমগ্ৰ বিশ্বত ১.৩ লাখ মৃত্যু হোৱাৰ বিপৰীতে ভাৰতত মৃত্যুৰ সংখ্যা ৪০০ জন ।

ভাৰতে শেহতীয়াকৈ ৩২০ মিলিয়নতকৈ অধিক লোকক ৩.৯ আমেৰিকান বিলিয়ন টকা একাউণ্টত প্ৰদান কৰিছে বুলি G-20 ৰ নেতা সকলৰ আগত ব্যক্ত কৰে নিৰ্মলা সীতাৰমণে । লগতে চৰকাৰে সময় মতে আৰু তাৎক্ষণিক ভাৱে দৰিদ্ৰ শ্ৰেণীৰ সহায়ৰ বাবে কাম কৰিছে বুলিও উল্লেখ কৰে ।

এই মহামাৰীক প্ৰতিহত কৰিবলৈ ভাৰতে উপভোক্তালৈ বিত্তীয় স্থানান্তৰৰ বাবে ডিজিটেল প্ৰযুক্তিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিয়ে ৩২০ মিলিয়ন লোকক ইয়াৰ যোগেদি সহায় কৰিছে বুলি জানিবলৈ দিয়ে বিত্তীয় মন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰীৰ দৰিদ্ৰ কল্যাণ আঁচনিৰ অধীনত দেশৰ প্ৰায় দুই-তৃতীয়াংশ লোকক মৌলিক খাদ্য,ইন্ধন,নিষ্পত্তিযোগ্য নগদ সামগ্ৰী দিয়া হৈছে । বিগত সপ্তাহত ৩০ হাজাৰ কোটি ৩১.৭৭ কোটি বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে। চৰকাৰে এই আঁচনিৰ অধীনত ১.৭ লাখ কোটি টকা ব্যয়ৰ ব্যৱস্থা কৰিছে বুলি জনায় ভাৰতৰ বিত্তীয়মন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

লগতে চাওৰঃ কৰ'ণা চিকিৎসাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.