ETV Bharat / bharat

'পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱস'ত ভাৰতক প্ৰশংসা বৈদেশিক সচিব হৰ্ষবৰ্ধন শৃংগলাৰ

author img

By

Published : Oct 3, 2020, 11:47 AM IST

'পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱস'ত ভাৰতক প্ৰশংসা বৈদেশিক সচিব হৰ্ষবৰ্ধন শৃংগলাৰ
'পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱস'ত ভাৰতক প্ৰশংসা বৈদেশিক সচিব হৰ্ষবৰ্ধন শৃংগলাৰ

পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে বিশ্বজুৰি চলোৱা প্ৰচাৰৰ মূল চালিকাশক্তি ভাৰত: বৈদেশিক সচিব হৰ্ষবৰ্ধন শৃংগলা। শুক্ৰবাৰে 'পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱস' অংশগ্ৰহণ কৰি ভাৰতৰ ভূমিকাক এইদৰে প্ৰশংসা কৰে বৈদেশিক সচিবগৰাকীয়ে। সাৰ্বজনীন,বৈষম্যহীন পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ বাবে প্ৰতিজ্ঞাবদ্ধ ভাৰতে দীৰ্ঘদিন ধৰি পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ ব্যৱহাৰ সমুলঞ্চে নিৰ্মূলৰ বাবে প্ৰয়াস কৰি আহিছে বুলিও মন্তব্য কৰে।

নেশ্যনেল ডেস্ক, ৩ অক্টোবৰ: পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে গ্ৰহণ কৰা 'অব্যৱহাৰ নীতি' প্ৰতি সমৰ্থন আগবঢ়াই পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে বিশ্বব্যাপী অব্যাহত থকা প্ৰচাৰত ভাৰতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ 'পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱস'ত অংশগ্ৰহণ কৰি ভাৰতৰ এই মহান কাৰ্যত নতুন দিল্লীয়ে সহযোগিতা উল্লেখনীয় বুলি মন্তব্য কৰে বৈদেশিক সচিব হৰ্ষবৰ্ধন শৃংগলাই। তেওঁ কয় যে, নিৰস্ত্ৰীকৰণ বিষয়ক এই সন্মিলনক বিশ্বৰ একক বহুপক্ষীয় নিৰস্ত্ৰীকৰণ আলোচনাৰ মঞ্চ হিচাপে ভাৰতে অগ্ৰাধিকাৰ দিয়ে।

লগতে সাৰ্বজনীন,বৈষম্যহীন পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ বাবে প্ৰতিজ্ঞাবদ্ধ ভাৰতে দীৰ্ঘদিন ধৰি পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ ব্যৱহাৰ সমুলঞ্চে নিৰ্মূলৰ বাবে প্ৰয়াস কৰি আহিছে বুলিও হৰ্ষবৰ্ধন শৃংগলাই মন্তব্য কৰে। ইতিমধ্যে পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ ব্যৱহাৰ নিৰ্মূল বিষয়ত ভাৰতৰ দৃষ্টিভংগী সন্নিবিষ্ট এখন কাৰ্যপ্ৰণালী ২০০৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম কমিটী আৰু ২০০৭চনত নিৰস্ত্ৰীকৰণ সন্মিলনত ভাৰতে জমা দিছে। বৈদেশিক সচিবগৰাকীয়ে কয় যে,'আমি বিশ্বাস কৰো যে বহুপক্ষীয় প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন জনাই স্বাক্ষৰিত কৰা পাৰমাণৱিক নিৰস্ত্ৰীকৰণ এক সাৰ্বজনীন প্ৰতিশ্ৰুতিয়ে ক্ৰমান্বয়ে সফলতা অৰ্জন কৰিব। পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ ৰোধক লৈ বিভিন্ন দেশৰ সৈতে আলোচনা কৰিবলৈও ভাৰত আগ্ৰহী।' পাৰমাণৱিক অস্ত্ৰ মুক্ত বিশ্ব গঢ়ি তোলাত এই পদক্ষেপ সহায়ক হ'ব বুলিও আশা ব্যক্ত কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.