ETV Bharat / bharat

স্বাধীনতা দিৱসত ইন্দোৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি 26 কাৰাবন্দী

author img

By

Published : Aug 16, 2020, 12:00 PM IST

শনিবাৰে স্বাধীনতা দিৱস উপলক্ষে ইন্দোৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে 26 গৰাকীকৈ কাৰাবন্দীক ৷ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কাৰাবন্দী কেইগৰাকীক ভাল আচাৰ-ব্যৱহাৰৰ বাবেই মুকলি কৰি দিয়ে কাৰাগাৰ কৰ্তৃপক্ষই ৷

ইন্দোৰ
ইন্দোৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি 26 গৰাকী কয়দী

নিউজ ডেস্ক, 16 আগষ্টঃ স্বাধীনতা দিৱস উপলক্ষে শনিবাৰে ইন্দোৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্তৃপক্ষই মুকলি কৰি দিয়ে 26 গৰাকী কাৰাবন্দীক ৷ কাৰাবন্দী কেইগৰাকীৰ ভাল আচাৰ- ব্যৱহাৰৰ বাবেই মুকলি কৰি দিয়ে কাৰাগাৰ কৰ্তৃপক্ষই ৷ আনহাতে, মুকলি কৰি দিয়া কাৰাবন্দী কেইগৰাকীক পূৰ্বে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা বুলি জানিবলৈ দিয়ে কাৰাগাৰ কৰ্তৃপক্ষই ৷ তাৰোপৰি কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া এজন কাৰাবন্দীয়ে গাড়ী চালকৰ চাকৰি লাভ কৰে বুলিও জানিবলৈ দিয়ে ৷

ইন্দোৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি 26 গৰাকী কয়দী

ঘটনা সন্দৰ্ভত কাৰাগাৰৰ পৰা মুকলি হোৱা কাৰাবন্দী মুন্না ৰামচন্দ্ৰে কয়, "নিজৰ পৰিয়ালৰ ওচৰলৈ পুনৰ ঘৰলৈ উভতি যাবলৈ পাই মই সুখী ৷ লগতে মোক সংস্থাপন কৰি দিয়া বাবে আৰক্ষীৰ ওচৰতো চিৰকৃতজ্ঞ ৷"

তাৰোপৰি কাৰাগাৰ অধীক্ষক ৰাকেশ কুমাৰ ভাগৰে কয়, "কাৰাবন্দীসকলে নিজৰ গৰিমা আৰু সন্মান বজাই ৰাখি জীৱনটো পুনৰ উপভোগ কৰিব বুলি আমি আশাবাদী ৷"

আৰু পঢ়কঃ অসম কন্যালৈ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.