ETV Bharat / bharat

হিন্দুত্ব হৈছে দেশৰ সাৰমৰ্ম : মোহন ভাগৱত

author img

By

Published : Oct 25, 2020, 1:52 PM IST

স্বদেশীত ‘স্ব’ অৰ্থাৎ ‘চেল্ফ’ৰ অৰ্থই হৈছে হিন্দুত্ব ৷ ‘স্ব’ আমাৰ বৌদ্ধিক বুদ্ধিশীলতা ৷ ‘হিন্দুত্ব’ শব্দটো দেশৰ সকলো 1.3 বিলিয়ন লোকৰ ওপৰত প্ৰযোজ্য ৷ নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ৰ মহৰ্ষি ব্যাস প্ৰেক্ষাগৃহত অনুষ্ঠিত বাৰ্ষিক দশমী কাৰ্যসূচীত ভাগ লৈ আৰএছএছ প্ৰধান মোহন ভাগৱতে এই মন্তব্য কৰে ৷

Hindutva is the essence of this nation: Mohan Bhagwat
হিন্দুত্ব হৈছে দেশৰ সাৰমৰ্ম : মোহন ভাগৱত

নিউজ ডেস্ক,25 অক্টোবৰ : ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই দেশৰ হিন্দু আৰু হিন্দুত্বৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰা বুলি দেওবাৰে আৰআৰএছ প্ৰধান মোহন ভাগৱতে সদৰী কৰে ৷ "যেতিয়া সংঘই কয়,যিহেতু হিন্দুস্তান হিন্দু ৰাষ্ট্ৰ গতিকে সংঘৰ মগজুত কোনো কোনো ৰাজনৈতিক অথবা সত্বাৰ ধাৰণা নাই ৷ হিন্দুত্ব এই ৰাষ্ট্ৰৰ ‘স্বয়ং’ অৰ্থাৎ নিজা সাৰমৰ্ম ৷ আমি স্পষ্টভাৱে দেশৰ স্বাৰ্থক হিন্দু ৰূপত স্বীকাৰ কৰিছো ৷" নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ৰ মহৰ্ষি ব্যাস প্ৰেক্ষাগৃহত অনুষ্ঠিত বাৰ্ষিক দশমী কাৰ্যসূচীত ভাগ লৈ মোহন ভাগৱতে এই মন্তব্য কৰে ৷

তেওঁ কয় যে,"স্বদেশীত ‘স্ব’ অৰ্থাৎ ‘চেল্ফ’ৰ অৰ্থ হৈছে হিন্দুত্ব ৷ ‘স্ব’ আমাৰ বৌদ্ধিকতা ৷ ‘হিন্দুত্ব’ শব্দটো দেশৰ সকলো 1.3 বিলিয়ন লোকৰ ওপৰত প্ৰযোজ্য ৷ ‘হিন্দুত্ব’ শব্দটো ভাৰতত আধ্যাত্মিকতাৰ ভিত্তিত পৰম্পৰা আৰু মূল্য প্ৰণালীৰ সৈতে আমাৰ পৰিচয়ক ব্যক্ত কৰা এটা শব্দ ৷ ‘হিন্দু’ কোনো এটা সম্প্ৰদায়ৰ নাম নহয় ৷ ই এক আমাৰ অসংখ্য পৰিচয় আৰু সন্মানসূচক শব্দ ৷"

কিছুসংখ্যক সম্প্ৰদায়ৰ মাজত অসুৰক্ষাৰ জন্ম দি সমাজৰ শ্ৰেণীসমূহৰ মাজত হিংসা আৰু আক্ৰমণ বিয়পোৱাৰ চেষ্টা কৰা হৈছে ৷ যদি তেওঁলোকে নিজেই নিজকে হিন্দু বুলি ভাৱে,তেন্তে এই বিভেদ নোহোৱা হ’ব বুলি ভাগৱতে উল্লেখ কৰে ৷ আৰএছএছে বিজয়া দশমীক তেওঁলোকৰ অন্যতম বিষয় হিচাপে পালন কৰে ৷ এই কাৰ্যসূচীত আৰএছএছ প্ৰধানে ৰাজনীতি,সমাজ,ৰাষ্ট্ৰীয় সুৰক্ষা আৰু পৰিয়ালকেন্দ্ৰিক মূল্যৰ দ্বাৰা সম্বন্ধিত বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে ৷

লগতে পঢ়ক : স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠা দিৱসত সেনাবাহিনীক প্ৰশংসা সংঘপ্ৰধানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.