ETV Bharat / bharat

স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠা দিৱসত সেনাবাহিনীক প্ৰশংসা সংঘপ্ৰধানৰ

author img

By

Published : Oct 25, 2020, 1:06 PM IST

দেওবাৰে নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ৰ মহৰ্ষি ব্যাস প্ৰেক্ষাগৃহত অনুষ্ঠিত বাৰ্ষিক দশমী কাৰ্যসূচীত ভাগ লৈ আৰএছএছ প্ৰধান মোহন ভাগৱতে বিগত এবছৰত সংঘটিত বিভিন্ন উল্লেখযোগ্য ঘটনা বিষেষকৈ লাডাখৰ ভাৰত-চীনৰ সীমা বিবাদ সন্দৰ্ভত মন্তব্য কৰে ৷ লগতে আৰএছএছ প্ৰধানে ৰাজনীতি,সমাজ,ৰাষ্ট্ৰীয় সুৰক্ষা আৰু পৰিয়ালকেন্দ্ৰিক মূল্যৰ দ্বাৰা সম্বন্ধিত বিভিন্ন সমস্যা সন্দৰ্ভত নিজৰ বক্তব্য ৰাখে ৷

RSS chief lauds defence forces, govt over China border tussle
ভাৰত-চীনৰ সীমা বিবাদ সন্দৰ্ভত ভাৰতীয় সেনাক প্ৰশংসা আৰএছএছ প্ৰধানৰ

নিউজ ডেস্ক,25 অক্টোবৰ : ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ প্ৰধান মোহন ভাগৱতে দেওবাৰে বিগত এবছৰত সংঘটিত বিভিন্ন উল্লেখযোগ্য ঘটনাৰ তালিকাকৰণ কৰিছে ৷

নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ৰ মহৰ্ষি ব্যাস প্ৰেক্ষাগৃহত অনুষ্ঠিত বাৰ্ষিক দশমী কাৰ্যসূচী তথা সংঘৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভাগ লৈ সংঘপ্ৰধান ভাগৱতে কয় যে, "বিগত এবছৰত দেশত বহুকেইটা উল্লেখনীয় ঘটনা সংঘটিত হৈছে ৷ যোৱা দশমী সমাৰোহৰ পূৰ্বে 370 নং অনুচ্ছেদ সংশোধন কৰাৰ ফলত দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ 2019 চনৰ 9 নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশানুসাৰে চলিত বৰ্ষৰ 5 আগষ্টত ৰাম মন্দিৰৰ ভূমিপূজন সম্পন্ন হৈছিল ৷ এই সকলোবোৰ ঘটনা সংঘটিত হোৱাৰ সময়ত আমি ভাৰতীয়সকলৰ ধৈৰ্য আৰু সংবেদনশীলতাক প্ৰত্যক্ষ কৰিছো ৷ ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইনো কাৰ্যকৰী হৈছে ৷"

ভাগৱতে কয় যে, "CAA বিৰোধীসকলে প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা সংঘটিত কৰিছে ৷ CAAয়ে কোনো বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ বিৰোধিতা নকৰে ৷ কিন্তু যিসকল লোকে এই নতুন আইনখনৰ বিৰোধিতা কৰিব বিচাৰে,তেওঁলোকে আমাৰ মুছলমান ভাইসকলক এক ভুৱা ধাৰণা প্ৰচাৰ কৰিছে ৷ তেওঁলোকে মুছলমান জনসংখ্যা সীমিত কৰাৰ উদ্দেশ্যে এনেকুৱা ভুৱা প্ৰচাৰ চলাইছে ৷ CAAক অস্ত্ৰ হিচাপে লৈ বিৰোধী পক্ষই হিংসাত্মক কাৰ্য সংঘটিত কৰিছে ৷ এই সন্দৰ্ভত আলোচনা কৰিবলৈ লোৱাৰ পূৰ্বেই কৰ’ণা মহামাৰীয়ে দেখা দিয়ে ৷ সেইবাবে এতিয়াও কিছুসংখ্যক লোকৰ মনত CAAৰ ভুল ধাৰণা ৰৈ গৈছে ৷ কৰ’ণা ভাইৰাছে সকলো ঘটনাক পিছ পেলাইছে ৷ অৱশ্যে বিৰোধীৰ দ্বাৰা সংঘৰ্ষ কৰি শাসন দখল কৰাৰ প্ৰয়াস অব্যাহত আছে ৷"

মোহন ভাগৱতৰ লগতে আৰএছএছৰ অন্য মুখ্য সদস্যসকলেও এই কাৰ্যসূচীত ভাগ লয় ৷ ক’ভিড-19ৰ বাবে অনুষ্ঠানত কেৱল 50 গৰাকী সদস্য অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰা হয় ৷

ভাৰত-চীনৰ সীমা বিবাদ সন্দৰ্ভত ইয়াৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ ভাগৱতে কয় যে ভাৰতীয় সুৰক্ষা বাহিনী,চৰকাৰ আৰু জনগণৰ পক্ষপাতহীনতাই দেশত আক্ৰমণ কৰা চীনৰ উদ্যম প্ৰয়াসক দ্ৰুতগতিত প্ৰত্যুত্তৰ দিয়ে ৷ "আমাৰ নেতাসকলে আত্মসন্মান আৰু আমাৰ নাগৰিকৰ নৈতিক ধৈৰ্যৰ সৈতে প্ৰেৰণ কৰা খবৰৰ পাচত চীনে তেওঁলোকৰ দৃষ্টিভংগী সলনি কৰা উচিত ৷ কিন্তু প্ৰত্যুত্তৰ দিবলৈ আমি দৃঢ়তা,তৎপৰতা আৰু সতৰ্কতাৰে সাজু ৷ চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত উত্তৰ-পূৱ লাডাখত ভাৰত-চীনৰ মাজৰ সীমা বিবাদ এতিয়াও অব্যাহত আছে ৷ ভাৰতে চীনৰ সৈতে মোকাবিলা কৰিবলৈ 60,000 গৰাকী সেনা সংযোজন কৰিছে,যিসকলে প্ৰথমে পাংগং ছ্য হ্ৰদ আৰু তাৰপাচত অন্য ভাৰতীয় স্থানত স্থানান্তৰিত কৰা হয় ৷"

সংঘৰ ইতিহাসত সম্ভৱতঃ প্ৰতিষ্ঠা দিৱসৰ পাচত পোন প্ৰথমবাৰৰ বাবে আৰএছএছ বিজয়া দশমীৰ আয়োজন কৰা হৈছে ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি আৰএছএছ প্ৰধানগৰাকীয়ে মন্তব্য কৰে ৷ তেওঁ মন্তব্য কৰে যে, "নিজৰ সংঘৰ পৰিয়ালৰ সদস্য়সকলৰ সৈতে দূৰত্ব বজাই ৰাখি কৰ’ণা যোদ্ধাসকলে নিজৰ জীৱনটোকো তুচ্ছ জ্ঞান কৰে,ভাইৰাছত মৃত্যু হোৱা লোকসকলৰ ভয় নিজৰ লগত ৰাখে আৰু এই যুদ্ধত 24 ঘণ্টাই যুঁজ দিছে ৷ চৰকাৰী কৰ্তৃপক্ষ,চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসকসকলে বিভিন্ন চিকিৎসা পন্থা হাতত লৈছে ৷ আৰক্ষী,নগৰ পালিকা বিষয়া আৰু চাফাই কৰ্মীসকলে সংক্ৰমিত ৰোগীসকলৰ সেৱা আগবঢ়াই এক অসাধাৰণ দায়িত্ব পালন কৰিছে ৷"

"ভাৰতে কৰ’ণাৰ মুখামুখি হৈ শক্তিশালীভাৱে ইয়াৰ মোকাবিলা কৰিবলৈ সক্ষম হৈছে ৷ আমাৰ চৰকাৰ আৰু প্ৰশাসনে তাৎক্ষণিকভাৱে নাগৰিকসকলক সতৰ্কতা প্ৰদান কৰে,আপাতকালীন কাৰ্যবাহিনীৰ ব্যৱস্থা কৰে আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰে ৷" মোহন ভাগৱতে হিন্দু সমাজৰ ঐতিহ্যপূৰ্ণ প্ৰতিবছৰে দশেৰাত সম্পন্ন কৰা শাস্ত্ৰপূজাতো ভাগ লয় ৷ আৰএছএছে বিজয়া দশমীক তেওঁলোকৰ অন্যতম বিষয় হিচাপে পালন কৰে ৷ এই কাৰ্যসূচীত আৰএছএছ প্ৰধান ৰাজনীতি,সমাজ,ৰাষ্ট্ৰীয় সুৰক্ষা আৰু পৰিয়ালকেন্দ্ৰিক মূল্যৰ দ্বাৰা সম্বন্ধিত বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় ৷

লগতে পঢ়ক : আজি 'মন কী বাত' অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.