ETV Bharat / bharat

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণত মৃত্যু 17 জন

author img

By

Published : Aug 19, 2019, 3:22 PM IST

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণত মৃত্যু 17 জন

উত্তৰাখণ্ডৰ উত্তৰাকাশীত হৈ থকা প্ৰবল বৃষ্টিপাতৰ ফলত সংঘটিত হয় ডাৱৰ বিস্ফোৰণ ৷ ইয়াৰ ফলত বৰ্তমান ৰাজ্যখনৰ নদীসমূহত পানীৰ স্তৰ উফন্দি উঠা দেখা গৈছে ৷

উত্তৰকাশী,19 আগষ্ট: উত্তৰাখণ্ডত পুনৰ এবাৰ সংঘটিত হৈছে ডাৱৰ বিস্ফোৰণৰ ঘটনা ৷ ৰাজ্যখনত একেৰাহে হৈ থকা বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷ বৰষুণৰ বাবে বৰ্তমান 800 যাত্ৰীক আৱদ্ধ কৰি ৰখা হৈছে বদ্ৰীনাথ ধামত ৷ ইয়াৰ লগতে ৰাজ্যখনৰ উত্তৰকাশীতো কিছুদিনৰ পৰা হোৱা ধাৰাষাৰ বৰষুণে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণত মৃত্যু 17 জন

বৰষুণত নদীসমূহৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত বহুকেইখন গাওঁ এতিয়া পানীৰ তলত ৷ ইতিমধ্যে চৰকাৰে উত্তৰকাশীৰ আৰাকোটত উদ্ধাৰ অভিযানৰ বাবে ব্যৱহাৰ কৰিছে চ'পৰ ৷ ইয়াৰ সহায়ত আৰাকোটৰ পৰা দুজন লোকক এয়াৰলিফ্ট কৰা হৈছে ৷ এই দুৰ্ঘটনাটোত বৰ্তমানলৈ 17 জন লোকৰ মৃত্যু হোৱাৰ লগতে 20 জনতকৈও অধিক লোক সন্ধানহীন হৈ আছে ৷

Intro:Body:

cloud burst in Mori tehsil of Uttarkashi.


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.