ETV Bharat / bharat

গুজৰাট আৰম্ভ হ’ব "দীনদয়াল" ক্লিনিক : নিতিন পেটেল

author img

By

Published : Dec 20, 2020, 7:59 PM IST

দেওবাৰে গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী নিতিন পেটেলে ঘোষণা কৰে যে, জনবহুল নগৰীয়া এলেকাৰ আৰ্থিকভাৱে দুৰ্বল লোকৰ বাসগৃহৰ সমীপত তেওঁলোকক স্বাস্থ্য সেৱা আগবঢ়াবৰ বাবে গুজৰাট চৰকাৰে ক্লিনিক স্থাপন কৰিব ৷

নিতিন পেটেল
নিতিন পেটেল

নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ : জনবহুল নগৰীয়া এলেকাৰ আৰ্থিকভাৱে দুৰ্বল লোকৰ বাসগৃহৰ সমীপত তেওঁলোকক স্বাস্থ্য সেৱা আগবঢ়াবৰ বাবে গুজৰাট চৰকাৰে ক্লিনিক স্থাপন কৰিব বুলি দেওবাৰে ঘোষণা কৰে গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী নিতিন পেটেলে ৷

এলেকাসমূহত "দীনদয়াল" ক্লিনিক স্থাপন কৰা হ'ব ৷ মন্ত্ৰীগৰাকীয়ে কয়, ৰাজ্যখনৰ স্বাস্থ্য বিভাগ, নগৰ নিগম আৰু নগৰ পালিকাই তেনে এলেকাসমূহৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ পেটেলে কয়, "ক্লিনিক সমূহত এমবিবিএছ বা আয়ুস চিকিৎসকে অ'পিডি ৰোগীসকলক চিকিৎসা কৰিব আৰু প্ৰতিদিনে বিয়লি 4 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হ'ব ৷"

"ইয়াৰোপৰি যদি কোনো ৰোগীৰ দেহত গম্ভীৰ ৰোগৰ অৱস্থিতি পোৱা যায় তেন্তে তেওঁক আৱশ্যকতা অনুসৰি চুপাৰ স্পেচিয়েলিটী চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ'ব ৷ যি চিকিৎসাৰ বাবে সেই ৰোগীগৰাকীয়ে ৰাজ্য চৰকাৰৰ পৰা 'মা বাৎস্যল্য যোজনা' আৰু 'প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা'ৰ অধীনত 5 লাখ টকা পৰ্যন্ত চিকিৎসা গ্ৰহণ কৰিব পাৰিব ৷" উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে আহমেদাবাদৰ বডাজ এলেকাৰ এটা স্থানলৈ যোৱাৰ পাচত সংবাদদাতাসকলক এই বিষয়ে উল্লেখ কৰে ৷ তেনেবোৰ স্থানত অতি শীঘ্ৰেই ক্লিনিক আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে নিতিন পেটেলে ৷

লগতে পঢ়ক: ১৬ জাঁই সজীৱ গুলীসহ বিমানবন্দৰত আটক প্ৰাক্তন বিধায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.