ETV Bharat / bharat

পৰিৱেশ আৰু উন্নয়নৰ আধুনিক ধাৰণা সন্দৰ্ভত গান্ধীজীৰ দৃষ্টিভঙ্গী

author img

By

Published : Sep 8, 2019, 2:40 PM IST

গান্ধীজীৰ স্বদেশী দৰ্শনৰ অংশ হিচাপে তেখেতে উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰৰ বিৰোধী আছিল, যি শ্ৰমিক শ্ৰেণীৰ দুখৰ অন্যতম কাৰণ আছিল৷ তেখেতে আধুনিক যন্ত্ৰ পাতিৰ দ্বাৰা উৎপাদিত সামগ্ৰী বৰ্জনৰ বাবে এক অভিযান চলাইছিল৷ গান্ধীজী ইমানেই সংবেদনশীল আছিল যে তেওঁ গৰুৰ গাখীৰো খাব নোৱাৰিছিল কাৰণ তেখেতৰ মতে সেই গাখীৰ গৰুৰ পোৱালীৰ বাবে আছিল ৷ পৰৱৰ্তী সময়ত তেখেতে চিকিৎসকৰ পৰামৰ্শ মতে আৰু তেখেতৰ পত্নীৰ উপদেশ মৰ্মে ছাগলীৰ গাখীৰ খাবলৈ মান্তি হৈছিল৷ ৷আকৌ তেখেতে ৰচনাৰ মাধ্যমেৰে সকলোকে স্বৰাজৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰিছিল কিন্তু দুখৰ বিষয় যে এই ক্ষেত্ৰত তেখেতৰ নিকটতম সংগী জৱাহৰলাল নেহৰুৱেও সমৰ্থন কৰা নাছিল

পৰিৱেশ আৰু উন্নয়নৰ আধুনিক ধাৰণা সন্দৰ্ভত গান্ধীজীৰ দৃষ্টিভঙ্গী


গান্ধীজীৰ জীৱনকালত জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ ওপৰত ভাবুকি এক কথিত সমস্যা নাছিল৷ তাৰপিছতো তেখেতৰ সমগ্ৰ বিশ্বদৃষ্টি পৰিৱেশৰ অনূকুল আছিল৷ প্ৰকৃতিৰ ধ্বংস নকৰি ইয়াৰ নিৰ্মাণ তেখেতৰ দৰ্শনত আছিল ৷

gandhiji-on-environment-and-new-development-idea
পৰিৱেশ আৰু উন্নয়নৰ আধুনিক ধাৰণা সন্দৰ্ভত গান্ধীজীৰ দৃষ্টিভঙ্গী

তেখেতে নিজৰ সকলোতকৈ উৎসাহী অনুসৰণকাৰী সকলক, বিশেষকৈ যিসকলে তেখেতৰ লগত বিভিন্ন আশ্ৰম সমূহত থাকিবলৈ ইচ্ছুক আছিল সেইসকল লোকক কিছুমান প্ৰতিজ্ঞাৰ দ্বাৰা বান্ধি ৰাখিছিল৷ সত্যৰ প্ৰতিজ্ঞা অৰ্থাৎ কোনো কোনো ভ্ৰষ্টাচাৰৰ অভ্যাস নকৰা৷ সত্যই আমাৰ আমাৰ আপোন সকলৰ বিৰোধী কৰি তোলে৷ অহিংসা ব্ৰত সমস্ত জীৱৰ ওপৰতে প্ৰযোজ্য৷

গান্ধীজী ইমানেই সংবেদনশীল আছিল যে তেওঁ গৰুৰ গাখীৰো খাব নোৱাৰিছিল কাৰণ তেখেতৰ মতে সেই গাখীৰ গৰুৰ পোৱালীৰ বাবে আছিল ৷ পৰৱৰ্তী সময়ত তেখেতে চিকিৎসকৰ পৰামৰ্শ মতে আৰু তেখেতৰ পত্নীৰ উপদেশ মৰ্মে ছাগলীৰ গাখীৰ খাবলৈ মান্তি হৈছিল৷ ব্ৰহ্মচাৰ্য ব্ৰতো এজন ব্যক্তিৰ আবেগসমূহ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয়৷ তেখেতে সকলো মানুহেই নিজৰ তালুৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটোৱেই আশা কৰিছিল৷ গান্ধীজীৰ বাবে কাৰ্যকৰী নোহোৱা বা অপ্ৰয়োজনীয় প্ৰৱন্ধসমূহ চুৰি কাৰ্যৰ সমান আছিল৷ তখেতে বিশ্বাস কৰিছিল যে আমাৰ দৈনন্দীন প্ৰয়োজনসমূহ পূৰণৰ বাবে প্ৰকৃতিয়ে আমাক পৰ্যাপ্ত প্ৰদান কৰি আহিছে আৰু এই ক্ষেত্ৰত ইয়াৰ ভূমিকা ইমানেই আছিল৷ গান্ধীজীয়ে সৰল জীৱন যাপন কৰি প্ৰকৃতিয়ে প্ৰদান কৰা সম্পদ সমূহৰ ওপৰত অধিক বোজা প্ৰদান নকৰাত বিশ্বাসী আছিল৷

gandhiji-on-environment-and-new-development-idea
পৰিৱেশ আৰু উন্নয়নৰ আধুনিক ধাৰণা সন্দৰ্ভত গান্ধীজীৰ দৃষ্টিভঙ্গী
গান্ধীজীৰ স্বদেশী দৰ্শনৰ অংশ হিচাপে তেখেতে উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰৰ বিৰোধী আছিল৷ তেখেতে আধুনিক যন্ত্ৰ পাতিৰ দ্বাৰা উৎপাদিত সামগ্ৰী বৰ্জনৰ বাবে এক অভিযান চলাইছিল৷ তেখেতে কৈছিল যে মানচেষ্টৰৰ কাৰখানা সমূহ ভাৰতত স্থাপন কৰাতকৈ মানচেষ্টাৰত নিৰ্মিত বস্ত্ৰ ক্ৰয় কৰাটো অধিক গ্ৰহণযোগ্য হ’ব৷ কাৰণ ইয়াৰ দ্বাৰা ভাৰতীয় ৰকফেলাৰ ইউৰোপীয় পুঁজিবাদীতকৈ উন্নত নহয়৷
gandhiji-on-environment-and-new-development-idea
পৰিৱেশ আৰু উন্নয়নৰ আধুনিক ধাৰণা সন্দৰ্ভত গান্ধীজীৰ দৃষ্টিভঙ্গী

গান্ধীজীৰ উন্নয়নৰ ধাৰণাত প্ৰকৃতি ধ্বংসকাৰী আমাৰ দৈনন্দীন জীৱনত ব্যৱহাৰ্য অধিক সংখ্যক যন্ত্ৰ পাতি সংযোজিত হোৱা নাছিল৷ অট’মোবাইল আৰু যন্ত্ৰপাতি উৎপাদনকৰী উদ্যোগসমূহ পৰিৱেশৰ আটাইতকৈ ভয়ংকৰ প্ৰদূষক আৰু কাৰ্বন উৎপাদনৰ স্থল৷ কিন্তু দুৰ্ভাগ্যজনক বিষয় যে আধুনিক পৃথিৱীখনে গান্ধীজীয়ে বুজোৱাৰ বিপৰীতে বিকাশৰ অন্য এক পথহে নিৰ্বাচন কৰিছে৷

gandhiji-on-environment-and-new-development-idea
পৰিৱেশ আৰু উন্নয়নৰ আধুনিক ধাৰণা সন্দৰ্ভত গান্ধীজীৰ দৃষ্টিভঙ্গী

আধুনিক বিকাশৰ দ্বিধাটো মনমোহন সিঙৰ বিশ্বস্ত আধুনিক অৰ্থনীতিবিদ লেফটেনেন্ট মন্টেক সিং আহলুৱালিয়াৰ দ্বাৰা সবাতোকৈ ভালদৰে ধৰা পৰে৷ যিয়ে নিজৰ নব্য উদীৰনীতিৰ দ্বাৰা ভাৰতক বিকাশৰ উৰ্ধত ৰাখিছিল৷ ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন প্ৰতিবেদন 2007-08 চন অনুসৰি উন্নত দেশসমূহে কাৰ্বনৰ পৰিমান 80% হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহৰ লক্ষ্য 2025 আৰু চীনে 20% হ্ৰাসৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ ইয়ে কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য গ্ৰীণ হাউচ গেচ সমূহৰ নিৰ্গমন হ্ৰাসে স্বাস্থ্য, পুষ্টি আৰু দাৰিদ্ৰ হ্ৰাসত অগ্ৰগতি আনিব পৰে বুলি সতৰ্ক কৰিছে৷ নীতি আয়োগৰ উপাধ্যক্ষ মন্টেক সিং আহলুৱালিয়াই যুক্তি দৰ্শাই কয় যে মাৰ্কিন যুক্তৰাষ্ট্ৰই প্ৰতি বছৰ 20 টন কাৰ্বন ডাই অক্সাইড ৰ স্তৰ 80% হ্ৰাসৰ পিছত 3 টনলৈ হ্ৰাস পাব, আনহাতে ভাৰতবৰ্ষৰ 1.2 টন হ্ৰাস পাই 0.8 টন হৈ যাব৷ তেখেতে এই মাত্ৰা যথেষ্ট বুলি বিবেচনা কৰা নাছিল৷
ভাৰতৰ পৰা যি আশা কৰা হৈছিল সেইটো আছিল এক বিবৰ্তিত উন্নয়নৰ বিকল্প আৰ্হি যিয়ে মনমোহন সিঙৰ পদ্ধতিৰ দৰে চমৎকাৰিভাৱে উৎপাদন কৰিব নোৱাৰে কিন্তু ইয়ে যুৱচামক কৰ্মসংস্থান প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখে৷ মনমোহন সিঙে নিৱনুৱা বৃদ্ধিৰ সমস্যাৰ ওপৰত সদায় মাত মাতি আহিছে৷ ভূটানে ৰাষ্ট্ৰীয় সুখ ঘৰুৱা উৎপাদনতকে অধিক প্ৰয়োজনীয় বুলি ঘোষণা এক সাহসিক পদক্ষেপ গ্ৰহণ কৰিছে৷ জি এন এইচ ৰ ধাৰণাটোৱে অৰ্থনৈতিক সূচক সমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে৷ এই কথাটোৱেই গান্ধীজীয়ে জনাব বিচাৰিছিল যেতিয়া তেখেতে পশ্চিমীয়া উন্নয়নৰ ধাৰণাটো প্ৰত্যাখ্যান কৰিছিল৷ জীৱন আৰু অগ্ৰগতিৰ ক্ষেত্ৰত হিন্দু দৃষ্টিভঙ্গী পশ্চিমীয়া দৃষ্টিভঙ্গীতকৈ পৃথক বুলি তেখেতে দাবী কৰিছিল৷ তেখেতে ৰচনাৰ মাধ্যমেৰে সকলোকে স্বৰাজৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰিছিল কিন্তু দুখৰ বিষয় যে এই ক্ষেত্ৰত তেখেতৰ নিকটতম সংগী জৱাহৰলাল নেহৰুৱেও সমৰ্থন কৰা নাছিল৷ যিকি নহওক বিশ্বৰ ক্ৰমবৰ্ধমান জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গান্ধীজীৰ ধাৰণাসমূহ অধিক গ্ৰহণযোগ্য বুলি বিবেচনা হৈ আহিছে৷ আমি কিমান পৰিমানে সেইসমূহক গ্ৰহণ কৰিব পাৰো তাৰ ওপৰতেই আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব৷

- সন্দীপ

DAISY PLEASE CHECK AND CALL ME.

---------- Forwarded message ---------
From: Arun Kumar Eadelli <eadelliarunkumar@gmail.com>
Date: Sat, 7 Sep 2019, 19:26
Subject: Gandhiji write-ups for September 8 - September 10
To: Vishwanath Suman <vishwanath.suman@etvbharat.com>, PRABHA PANDEY <prabha.pandey@etvbharat.com>, Shailendra Kanth <shailendra.kanth@etvbharat.com>, Sunil Kumar <sunil.kumar@etvbharat.com>, Rajeev Kumar <rajeev.kumar@etvbharat.com>, RAJEEV SINGH <rajeev.singh@etvbharat.com>, SUJEET KUMAR JHA <sujeetkumar.jha@etvbharat.com>, Gurminder singh samad <gurminder.samad@etvbharat.com>, GHANENDRA SINGH SAROHA <ghanendrasingh.s@etvbharat.com>, Rajesh Kumar <rajeskumar07@gmail.com>, Verghese P <verghese.p@etvbharat.com>, Akhilesh Solanki <akhilesh.solanki@etvbharat.com>, Aziz Ahamed <aziz.ahamed@etvbharat.com>, Vikas Kaushik <vikas.kaushik@etvbharat.com>, Hitesh Vyas <hitesh.vyas@etvbharat.com>, SHIVANGI SINGH <shivangi.singh@etvbharat.com>, Shams Naqui <shams.naqui@etv.co.in>, Sanjay Tripathi <sanjay.tripathi@etvbharat.com>, Dilip Khilrani <dilip.khilrani@etvbharat.com>, SUNIL KUMAR <sunilkumar@etvbharat.com>, Rajesh walia <rajesh.walia@etvbharat.com>, Firdaus Mistri <firdaus.mistri@etvbharat.com>, Dipankar Choudhury <dipankar.c@etv.co.in>, SALAHUDDIN ZAIN <salahuddin.zain@etvbharat.com>, Khursheed Wani <khursheed.wani@etvbharat.com>, Ravi S <ravi.s@etvbharat.com>, Vijay Lad <vijay.lad@etvbharat.com>, Manoj Joshi <manoj.joshi@etvbharat.com>, BISWANATH PRAHARAJ RAJAGURU <rajguru.bp@etvbharat.com>, SARADA LAHANGIR <sarada.lahangir@etvbharat.com>, MNV Prasad <prasad.mnv@etvbharat.com>, Rangarao V <rangarao.v@etv.co.in>, Raja DM <raja.dm@etvbharat.com>, Prince Jebakumar <prince.kumar@etvbharat.com>, Rajesh R <rajesh.r@etvbharat.com>, PraveenKumar K <praveenkumar.k@etvbharat.com>, Chitra P <chitra.p@etvbharat.com>, NARESH J DAVE <nareshdave@etvbharat.com>, Mrinal Das <mrinal.das@etvbharat.com>, Shravankumar N <shravankumar.n@etvbharat.com>, Bilal Ahmad Bhat <bilalbhat@etvbharat.com>, Brajmohan Singh <brajmohansingh@etvbharat.com>, Srawankumar Shukla <srawankumar.shukla@etvbharat.com>, Praveen Akki <praveen.akki@etvbharat.com>, RAJENDRA NARAHAR SATHE <rajendrasathe@etvbharat.com>, Partha Pratim Ghosh Roy <partha.pratim@etvbharat.com>, Vihar V <vihar.v@etvbharat.com>, Vijayabhaskar K <vijayabhaskar.k@etv.co.in>, <nageswararao.gv@etv.co.in>, Bangla Desk <bangladesk@etvbharat.com>, Nishant Sharma <nishant.sharma@etvbharat.com>


Dear All,

Enclosed are the write-ups for September 8 - September 10

September - 8
Gandhis views on environment and modern concept of development
 By Sandeep Pandey (Give proper credit)


September - 9
The Mahathma, the congress and the independence - partition dichotomy


September -10

Gandhian Legacy Light in the midst of darkness



Regards,
E Arun Kumar





ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.