ETV Bharat / bharat

আইপিএল বেটছমেন আৰু পিএচএল বলাৰৰ দ্বাৰা নিয়ন্ত্ৰিতঃ জেইনাব আব্বাচ Exclusive

author img

By

Published : Aug 1, 2020, 5:55 PM IST

জেইনাব আব্বাচ Exclusive
জেইনাব আব্বাচ Exclusive

ইটিভি ভাৰতৰে হোৱা এটা বিশেষ সাক্ষাৎকাৰত এগৰাকী প্ৰসিদ্ধ খেল উপস্থাপক পাকিস্তানৰ জেইনাব আব্বাচে তেওঁৰ যাত্ৰা সম্বন্ধত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে। আব্বাচে ইণ্ডিয়ান প্ৰিমিয়াম লিগ আৰু পাকিস্তান চুপাৰ লিগৰ পাৰ্থক্য সম্পৰ্কেও প্ৰকাশ কৰিলে মত ।

নিউজ ডেস্ক,১ আগষ্ট: এচিয়াৰ ১০০গৰাকী প্ৰসিদ্ধ খেল উপস্থাপকৰ ভিতৰত স্থান পোৱা এগৰাকী হৈছে পাকিস্তানৰ জেইনাব আব্বাচ । এই প্ৰসংগত মন্তব্য প্ৰকাশ কৰি জেইনাবে ক'লে অৱশ্যে মই কেতিয়াও এগৰাকী প্ৰতিষ্ঠিত খেল উপস্থাপকৰ খিতাপ পোৱাৰ কথা ভৱা নাছিলো । কিন্তু মোক এগৰাকী প্ৰসিদ্ধ খেল উপস্থাকৰ খিতাপেৰে সন্মানিত কৰাত গৌৰৱ বোধ কৰিছো। নিজৰ কামৰ বাবে এট সন্মান পোৱাতো সদায়েই আনন্দদায়ক হয় ।

Exclusive: জেইনাব আব্বাচৰ মতে, আইপিএল বেটছমেন আৰু পিএচএল বলাৰৰ দ্বাৰা নিয়ন্ত্ৰিত

৩২ বছৰীয়া জেইনাবে তেওঁৰ এই যাত্ৰাৰ কথা সুৱৰি কৈ গ'ল এনেদৰে,মই বিজ্ঞানত স্নাতকোত্তৰ কৰিছিলো । ইংলেণ্ডৰ কেটাৰপিলাৰ নামৰ এটা অভিযান্ত্ৰিক প্ৰতিষ্ঠানত এবছৰৰ বাবে মানৱ সম্পদ বিভাগত সমন্বয়কৰো কাম কৰিছিলো । তেতিয়াই অনুভৱ কৰিছিলো যে মই কৰ্পৰেটৰ চাকৰিৰ বাবে উপযুক্ত নহয় । ইংলেণ্ডত মোৰ ৱৰ্কিং ভিছাৰ ম্যাদ সমাপ্ত হোৱাৰ পিছতে সৌন্দৰ্যৰ ক্ষেত্ৰখনত কিবা এটা কৰাৰ চিন্তাৰে এই বিষয়ত কেইটামান আনুষ্ঠানিক শিক্ষাও লৈছিলো ।

ইয়াৰ মাজতে ২০১৪ চনত পাকিস্তানৰ এটা টেলিভিশ্যন চেনেলত অডিচন দিও । চেনেলটোৱে এখন নতুন মুখৰ সন্ধানত আছিল যদিও মোৰ অডিচনো ভাল হৈছিল । ইয়াৰ পিছতে চেনেল কৰ্তৃপক্ষই প্ৰথমে মোক মাত্ৰ এমাহৰ বাবে চুক্তিবদ্ধ কৰিছিল যদিও ইয়াক বৃদ্ধি কৰি পিছলৈ এবছৰ কৰিছিল ।

Exclusive: জেইনাব আব্বাচৰ মতে, আইপিএল বেটছমেন আৰু পিএচএল বলাৰৰ দ্বাৰা নিয়ন্ত্ৰিত

ভাৰত আৰু পাকিস্তানৰ দুয়োখন দেশৰ ঘৰুৱা লীগৰ পাৰ্থক্য দাঙি ধৰি জেইনাবে কলে,ইণ্ডিয়ান প্ৰিমিয়াম লীগ আৰু পাকিস্তান চুপাৰ লীগ দুয়োখন লীগেই সম্পূৰ্ণ পৃথক । সেয়েহে দুয়োখন লীগৰে এখন বেলেগ বজাৰ আৰু প্ৰশংসক আছে । মোৰ দৃষ্টিত ইণ্ডিয়ান প্ৰিমিয়াম লীগ বেটচমেনৰ ওপৰত নিৰ্ভৰশীল । একে ধৰণে পাকিস্তান চুপাৰ লীগ বলাৰৰ ওপৰত নিৰ্ভৰশীল ।

জেইনাবৰ লগত এটা ৰেপিড ফায়াৰ ৰাউণ্ড:

সৰ্বশ্ৰেষ্ঠ সাক্ষাৎকাৰ: ভিভিয়ান ৰিচাৰ্ড

ষ্টুডিঅ' নে ফিল্ড প্ৰীয় : ষ্টুডিঅ'

প্ৰিয় ভাৰতীয় অধিনায়ক: এম এচ ধোনী

প্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ : বিৰাট ক'হলি

প্ৰিয় আইপিএল টিম : কলকাতা নাইট ৰাইডাৰ্ছ

প্ৰিয় খাদ্য: থাইখাদ্য

ক্ৰিকেটৰ অবিহনে অন্য খেল: টেনিচ

প্ৰিয় পাকিস্তানী ক্ৰিকেটাৰ: ৱাচিম আক্ৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.