ETV Bharat / bharat

পশ্চিমবংগত 12 কিলোগ্ৰাম অবৈধ সোণ জব্দ,আটক 5

author img

By

Published : Nov 1, 2020, 8:58 AM IST

DRI seizes 12 kg of smuggled gold in Bengal
পশ্চিমবংগত 12 কিলোগ্ৰাম অবৈধ সোণ জব্দ

শনিবাৰে ৰাজহ চোৰাং নিৰ্দেশালয়ৰ অভিযানত পশ্চিমবংগৰ দুই প্ৰান্তৰ পৰা প্ৰায় 6.22 কোটি টকাৰ 12 কিলোগ্ৰাম অবৈধ সোণ জব্দ ৷ লগতে আটক কৰা হৈছে 5 জনক ৷ এই অবৈধ সোণখিনি বাংলাদেশ আৰু মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷

নিউজ ডেস্ক,1 নৱেম্বৰ : পশ্চিমবংগৰ দুই প্ৰান্তত অভিযান চলাই শনিবাৰে প্ৰায় 6.22 কোটি টকাৰ 12 কিলোগ্ৰাম অবৈধ সোণ জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত 5 জনক আটক কৰে ৰাজহ চোৰাং নিৰ্দেশালয়ে ৷

নিৰ্দেশালয়ে সদৰি কৰা মতে, ৰাজহ চোৰাং নিৰ্দেশালয়ে বৃহস্পতিবাৰে কলকাতা আৰু শুকুৰবাৰে চিলিগুড়িত অভিযান চলাইছিল ৷ অভিযানৰ অন্তত নিৰ্দেশালয়ে কলকাতা আৰু চিলিগুড়িৰ পৰা 6.882 কিলোগ্ৰাম আৰু 4.980 কিলোগ্ৰাম চোৰাংভাৱে সৰবৰাহ কৰা সোণ জব্দ কৰিবলৈ সক্ষম হয় ৷

নিৰ্দেশালয় কৰ্তৃপক্ষই প্ৰথমটো অভিযান হিচাপে বাংগুৰ এভেন্যুত এখন বাহনত তালাচী চলাই 6.882 কিলোগ্ৰাম ওজনৰ 42 খন সোণৰ বিস্কুট জব্দ কৰে ৷ এই সোণৰ বিস্কুটখিনিৰ মূল্য় 3.62 কোটি টকা বুলি নিৰ্দেশালয়ে জানিবলৈ দিয়ে ৷ বাহনখনৰ গৰাকীৰ স্বীকাৰোক্তি অনুসৰি,সোণখিনি বাংলাদেশৰ পৰা সৰবৰাহ কৰা হৈছিল ৷

পৰৱৰ্তী সময়ত নিৰ্দেশালয় কৰ্তৃপক্ষই লোকজনৰ বাসগৃহ আৰু অন্য দুই স্থানত তালাচী চলাই মুঠ 88.17 লাখ টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷ এই ধনখিনি চোৰাং সোণ বিক্ৰী কৰি পোৱা টকা বুলি লোকজনে স্বীকাৰ কৰে ৷ ইয়াৰ পাচতে লোকজনৰ সৈতে তেওঁৰ পিতৃ আৰু কৰ্মচাৰীকো আটক কৰে নিৰ্দেশালয়ে ৷

আনহাতে, দ্বিতীয়টো অভিযান হিচাপে নিৰ্দেশালয় কৰ্তৃপক্ষই চিলিগুড়ি-দাৰ্জিলিঙ এলেকাত এখন বাহনত তালাচী চলাই 4.980 কিলোগ্ৰাম ওজনৰ 30 খন সোণৰ বিস্কুট জব্দ কৰে, যাৰ মূল্য় 2.60 কোটি টকা ৷ এই সেণৰ বিস্কুটখিনি মণিপুৰৰ পৰা সৰবৰাহ কৰা বুলি বাহনৰ গৰাকী দুজনে স্বীকাৰ কৰে ৷

চোৰাং নিৰ্দেশালয়ে জনায় যে,2019-20 বৰ্ষত তেওঁলোকে পশ্চিমবংগ আৰু ছিক্কিমত প্ৰায় 300 কিলোগ্ৰাম সোণ আৰু 5 কোটিতকৈও অধিক টকা জব্দ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : নৈশ বাছৰ পৰা কাৰ্টুনে কাৰ্টুনে জব্দ নিচাযুক্ত সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.