ETV Bharat / bharat

জামিয়া মিলিয়াৰ ছাত্ৰৰ জামিন আবেদন খাৰিজ দিল্লীৰ আদালতৰ

author img

By

Published : Oct 27, 2020, 4:09 PM IST

দিল্লীৰ সত্ৰ ন্যায়াধীশৰ আদালতে খাৰিজ কৰিলে জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰ আছিফ ইকবাল তানহাৰ জামিন আবেদন। বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধী) আইনৰ অধীনত আছিফ ইকবালক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ফেব্ৰুৱাৰী মাহত দিল্লীত প্ৰতিবাদৰ সময়ত পৰিকল্পিত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল ছাত্ৰজনক।

জামিয়া মিলিয়াৰ ছাত্ৰৰ জামিন আবেদন খাৰিজ কৰিলে দিল্লীৰ আদালতে
জামিয়া মিলিয়াৰ ছাত্ৰৰ জামিন আবেদন খাৰিজ কৰিলে দিল্লীৰ আদালতে

নেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ: জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰ আছিফ ইকবাল তানহাৰ জামিন আবেদন খাৰিজ কৰিলে দিল্লীৰ সত্ৰ ন্যায়াধীশৰ আদালতে। যোৱা ফেব্ৰুৱাৰী মাহত উত্তৰ-পূৱ দিল্লীত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আছিফ ইকবাল তানহাক।

বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধী) আইনৰ অধীনত আছিফ ইকবালক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অতিৰিক্ত সত্ৰ ন্যায়াধীশ অমিতাভ ৰাৱতে ২৬ অক্টোবৰৰ শুনানিত কয় যে, আছিফৰ বিৰুদ্ধে দাখিল কৰা সকলো অভিযোগ সত্য প্ৰমাণিত কৰাৰ বাবে যথেষ্ট আধাৰ আছে।

প্ৰতিবাদৰ সময়ত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ পূৰ্ব পৰিকল্পনা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল আছিফক। যোৱা ২৪ ফেব্ৰুৱাৰীত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ সময়ত সমৰ্থক আৰু প্ৰতিবাদকাৰীৰ মাজত উত্তৰ-পূৱ দিল্লীত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হয়। এই ঘটনাত ৫৩জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০০ জনৰো অধিক লোক আহত হৈছিল।

লগতে পঢ়ক:অধিক বৃদ্ধি পাইছে দিল্লীৰ বায়ু প্ৰদূষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.