ETV Bharat / bharat

অধিক বৃদ্ধি পাইছে দিল্লীৰ বায়ু প্ৰদূষণ

author img

By

Published : Oct 26, 2020, 10:40 PM IST

সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰদূষণৰ হাৰ দুগুণ বৃদ্ধি পায় ৷ প্ৰতিকূল জলবায়ু সম্বন্ধীয় পৰিস্থিতিৰ বাবে ৰাজধানী দিল্লীৰ বায়ুৰ গুণাগুণ সূচাংক অক্টোবৰৰ শেষলৈ আৰু অধিক নিম্নগামী হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৷

দিল্লীৰ বায়ু প্ৰদূষণ
দিল্লীৰ বায়ু প্ৰদূষণ

নেশ্যনেল ডেস্ক, 26 অক্টোবৰ: দশহৰা উৎসৱৰ এদিনৰ পাচতেই সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰদূষণৰ হাৰ দুগুণ বৃদ্ধি পায় ৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে যে, প্ৰতিকূল জলবায়ু সম্বন্ধীয় পৰিস্থিতিৰ বাবে ৰাজধানী দিল্লীৰ বায়ুৰ গুণাগুণ সূচাংক অক্টোবৰৰ শেষলৈ আৰু অধিক নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷

সোমবাৰে সন্ধিয়া 6 বজাত SAFAR য়ে দাখিল কৰা তথ্য অনুসৰি, দিল্লীৰ বায়ু গুণাগুণ সূচাংক 273 ৰে অতি হ্ৰাস পাইছে ৷ অৱশ্যে মঙলবাৰৰ দিনটোত বায়ুৰ গুণাগুণৰ মান কিছু পৰিমাণে উন্নত হ'ব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক: হিমাচল প্ৰদেশত আৰম্ভ হৈছে বছৰটোৰ প্ৰথম তুষাৰপাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.