ETV Bharat / bharat

দিল্লী বিধানসভাৰ নিৰ্বাচনঃ 1 কোটি 46 লাখ জনতাই নিৰ্ণয় কৰিব 668 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

author img

By

Published : Feb 7, 2020, 11:58 PM IST

দিল্লী নিৰ্বাচন
দিল্লী বিধানসভাৰ নিৰ্বাচনঃ

শনিবাৰে অনুষ্ঠিত হ'ব দিল্লী বিধানসভাৰ নিৰ্বাচন৷ 70 খন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ মুঠ 13,751 কেন্দ্ৰত প্ৰায় 1 কোটি 46 লাখ জনতাই প্ৰদান কৰিব ভোট ৷ EVM ত বন্দী হ'ব 668 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷

নেশনেল ডেস্ক, 7 ফেব্ৰুৱাৰীঃ 70 খন আসনৰ বাবে শনিবাৰে অনুষ্ঠিত হ'ব দিল্লী বিধানসভাৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি ৷ মুঠ 13,751 কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ প্ৰায় 1 কোটি 46 লাখ জনতাই নিৰ্ণয় কৰিব 668 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ নিৰ্বাচনৰ বাবে নিয়োজিত কৰা হৈছে মুঠ 90 হাজাৰ কৰ্মচাৰী ৷ আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজত মূল নিৰ্বাচনী যুজ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিভিন্নজনে ৷

70 খন আসনৰ বাবে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত 67 খন আসনত বিজেপিয়ে, 64 খন আসনত কংগ্ৰেছে, জনতা দল ইউনাইটেডে 2 খন, 1খন আসনৰ বাবে জনচুক্তি পাৰ্টীয়ে, ৰাষ্ট্ৰীয় জনতা দলে 4 খন আসনত আৰু আটাইকেইখন আসনৰ বাবে আম আদমি পাৰ্টী আৰু বহুজন সমাজ পাৰ্টীয়ে আগবঢ়াৱ প্ৰতিদ্বন্দিতা ৷

ইফালে, নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে দিল্লী প্ৰশাসন ৷ সমান্তৰালভাৱে প্ৰতিটো ভোটকেন্দ্ৰত ভোটদাতাৰ বাবে পানী, শৌচালয় আদিৰ লগতে শিশুসকলৰ বাবে ব্যৱস্থা কৰা হৈছে ৷ 80 বছৰৰ উৰ্ধৰ লোকৰ বাবে পোষ্টেল বেলথৰ সুবিধা প্ৰদান কৰা হৈছে ৷ লগতে, ভোটাৰসকলে 1950 হেল্পলাইন নম্বৰত কল কৰি ল'ব পাৰিব যিকোনো ধৰণৰ নিৰ্বাচন সম্বন্ধীয় তথ্য ৷

আৰু পঢ়কঃ দিল্লীৰ নিৰ্বাচনী ইতিহাসৰ বিষয়ে কিছু তথ্য

Delhi Election 2020: Polling station ready for voting in delhi elections



শনিবাৰে অনুষ্ঠিত হ'ব দিল্লী বিধানসভাৰ নিৰ্বাচন৷ 70 খন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন৷ মুঠ 13,751 কেন্দ্ৰত প্ৰায় 1 কোটি 46 লাখ জনতাই প্ৰদান কৰিব ভোট৷  EVMত বন্দী হ'ব 668 গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷


শনিবাৰে অনুষ্ঠিত হ'ব দিল্লী বিধানসভাৰ নিৰ্বাচন৷ 70 খন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন৷ নিৰ্বাচনৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি৷ মুঠ 13,751 কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ নিৰ্বাচনৰ বাবে নিয়োজিত কৰা হৈছে মুঠ 90 হাজাৰ কৰ্মচাৰী৷ প্ৰায় 1 কোটি 46 লাখ জনতাই নিৰ্ণয় কৰিব 668 গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷ আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজত এই মূল নিৰ্বাচনী যুজ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিভিন্নজনে৷

70 খন আসনৰ বাবে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত 67 খন আসনত বিজেপিয়ে, 64 খন আসনত কংগ্ৰেছে, জনতা দল ইউনাইটেডে 2 খন, 1খন আসনৰ বাবে জনচুক্তি পাৰ্টীয়ে, ৰাষ্ট্ৰীয় জনতা দলে 4 খন আসনত আৰু আটাইকেইখন আসনৰ বাবে আম আদমি পাৰ্টী আৰু বহুজন সমাজ পাৰ্টীয়ে আগবঢ়াৱ প্ৰতিদ্বন্দিতা

ইফালে,  নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে দিল্লী প্ৰশাসন৷ সমান্তৰালভাৱে প্ৰতিটো ভোটকেন্দ্ৰত ভোটদাতাৰ বাবে পানী, শৌচালয় আদিৰ লগতে শিশুসকলৰ বাবে ব্যৱস্থা কৰা হৈছে৷ 80 বছৰৰ উৰ্ধৰ লোকৰ বাবে পোষ্টেল বেলথৰ সুবিধা প্ৰদান কৰা হৈছে৷ লগতে, ভোটাৰসকলে 1950 হেল্পলাইন নম্বৰত কল কৰি ল'ব পাৰিব যিকোনো ধৰণৰ নিৰ্বাচন সম্বন্ধীয় তথ্য৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.