ETV Bharat / bharat

N95 মাস্ক পৰিশোধন কৰি পুনঃব্যৱহাৰৰ অনুমতি FDAৰ

author img

By

Published : Apr 14, 2020, 4:31 PM IST

Updated : Apr 14, 2020, 6:42 PM IST

যিহেতু সমগ্ৰ পৃথিৱী যুঁজি আছে কৰ'ণা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে ৷ শেহতীয়াকৈ আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে এক জৰুৰীকালিন ব্যৱহাৰ প্ৰাধিকৰণ জাৰি কৰিছে ৷ ঘোষণা অনুসৰি হাস্পতালত স্বাস্থ্য কৰ্মীয়ে প্ৰতিদিনে ব্যৱহাৰ কৰা প্ৰায় চাৰি মিলিয়ন N95 মাস্ক পৰিশোধন কৰি পুনঃব্যৱহাৰ কৰিব পৰা যাব ৷ ফলত স্বাস্থ্য কৰ্মীসকলে ভাইৰাছৰ প্ৰকোপৰ পৰা ৰক্ষা পৰাত সহায়ক হ'ব ৷

COVID-19: FDA approves decontamination of N95 respirators for reuse
N95 মাস্ক পৰিশোধন কৰি পুনঃব্যৱহাৰৰ অনুমতি FDAৰ

নিউজ ডেস্ক,14 এপ্ৰিলঃ মাৰ্কিন খাদ্য আৰু ঔষধ প্ৰশাসনে এক জৰুৰীকালিন ব্যৱহাৰ প্ৰাধিকৰণ জাৰি কৰিছে ৷ দেশত প্ৰত্যেকদিনা ব্যৱহাৰ কৰা প্ৰায় চাৰি মিলিয়ন N95 মাস্ক বা তাৰ সম পৰ্যায়ৰ মাস্ক পৰিশোধন কৰি পুনঃ ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

"আমাৰ ৰাষ্ট্ৰৰ স্বাস্থ্যকৰ্মীসকল এই মহামাৰীৰ নায়কসকলৰ অন্যতম আৰু আমি তেওঁলোকক সৰ্বোত্তম সুবিধা প্ৰদান কৰাটো আমাৰ কৰ্তব্য ৷ আমি জাৰি কৰা এই প্ৰাধিকৰণ লাখ লাখ স্বাস্থ্যকৰ্মীৰ বাবে সহায়ক হ'ব যাতে ভৱিষ্যতে স্বাস্থ্যকৰ্মীসকলে COVID 19 ৰোগীক ভালদৰে পৰিচৰ্যা কৰাৰ ক্ষেত্ৰত সুৰক্ষা লাভ কৰিব ৷" এনেদৰে এই প্ৰাধিকৰণ সন্দৰ্ভত মন্তব্য কৰে খাদ্য আৰু ঔষধ প্ৰশাসনৰ আয়ুক্ত ষ্টিফেন হেনে ৷

এই পৰিশোধন প্ৰণালীয়ে মাস্কৰ নাটনি পূৰণ কৰিব ৷ স্বাস্থ্য কৰ্মীসকলে কৰ'ণা ভাইৰাছৰ পৰা নিজকে বচাবলৈ ইয়াৰ প্ৰয়োগ কৰাটো খুবেই প্ৰয়োজন, সেয়ে এই তাগিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই গ্ৰহণ কৰা হৈছে এই বিশেষ ব্যৱস্থা ৷ মাস্কসমূহ পুনঃব্যৱহাৰ উপযোগী কৰিবৰ বাবে মাস্কসমূহ বাষ্পীকৃত হাইড্ৰ'জেন পেৰ'ক্সাইড গেছ প্ৰয়োগৰ জৰিয়তে পৰিস্কাৰ আৰু বীজাণুমুক্ত কৰা হ'ব ৷ FDA এ জনোৱা অনুসৰি এই পৰিশোধিত মাস্কসমূহ হাস্পতালৰ স্বাস্থ্যকৰ্মীসকলে ব্যৱহাৰ কৰিব ৷

পৰিশোধনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ বাবে ইতিমধ্যে অনুমতি প্ৰদান কৰিছে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে ৷ লগতে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (FDA) উল্লেখ কৰিছে যে, মাৰ্কিনৰ স্বাস্থ্য আৰু মানৱ সেৱা সংস্থাই মানুহ আৰু পশুৱে ব্যৱহাৰ কৰা ঔষধ , ভেকছিন আৰু অন্যান্য ঔষধৰ উৎপাদন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত নিজাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জনসাধাৰণৰ স্বাস্থ্য আৰু সুৰক্ষাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰি আহিছে ৷

লগতে পঢ়কঃদেশবাসীলৈ সাতটা বিশেষ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ !

Last Updated : Apr 14, 2020, 6:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.