ETV Bharat / bharat

শিশু দিৱসঃ দেশৰ ইতিহাস আৰু সাম্প্ৰতিক পৰিস্থিতি

author img

By

Published : Nov 14, 2019, 12:18 PM IST

Updated : Nov 14, 2019, 3:25 PM IST

" আজিৰ শিশু কাইলৈ দেশৰ  ভৱিষ্যত ৷আমি যিধৰণে তেওঁলোকক শিক্ষা দিম, ঠিক তেনেকৈ নিৰ্ণয় হ'ব দেশৰ ভৱিষ্যত  ৷ "

আজি শিশু দিৱস

নিউজ ডেস্ক, 14 নৱেম্বৰঃ আজি শিশু দিৱস ৷ দেশৰ প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ শিশুৰ প্ৰতি থকা ভালপোৱাৰ বাবেই তেওঁৰ জন্মদিনটোক সমগ্ৰ দেশতে শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নেহৰুৱে শিশু সন্দৰ্ভত কৈছিল-
" আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত ৷আমি যিধৰণে তেওঁলোকক শিক্ষা দিম, ঠিক তেনেকৈ নিৰ্ণয় হ'ব দেশৰ ভৱিষ্যত ৷ "

CHILDREN DAY IN INDIA
জৱাহৰলাল নেহৰু

শিশু দিৱসৰ ইতিহাসঃ

1956 চনৰ পৰাই দেশত পালন কৰা হৈ আহিছে শিশু দিৱস ৷ ৰাষ্ট্ৰসংঘৰ লগত সংগতি ৰাখি 20 নৱেম্বৰৰ দিনটোক শিশু দিৱস হিচাপে পালন কৰা হৈছিল ৷ কিন্তু 1964 চনত প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পাচতেই তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে তেখেতৰ জন্মদিনটোক শিশু দিৱসৰূপে পালন কৰা হয় ৷ নেহৰু শিশুসকলৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল লগতে " নেহৰু চাচা " নামৰে বিখ্যাত আছিল ৷

CHILDREN DAY IN INDIA
ইন্দিৰা গান্ধীৰ সৈতে মহত্মা গান্ধী

জনসংখ্যাঃ

2011 চনৰ লোকপিয়ল অনুসৰি সমগ্ৰ দেশৰ 121 কোটি জনসংখ্যাৰ প্ৰায় 16.45 কোটিয়ে হৈছে শিশু ৷ এওঁলোকৰ বয়স 0-6 বছৰৰ বয়সৰ ভিতৰত ৷ আনহাতে, 37.24 কোটি জনসাধাৰণৰ অধিকাংশৰ বয়স 0-14 বছৰৰ ভিতৰত ৷ শিশুৰ পৰিসংখ্যা শতাংশ হিচাপত মুঠ জনসংখ্যাৰ 13.59% আৰু ইয়াৰে 30.76% শতাংশ 0-14 বছৰৰ বয়সৰ ভিতৰত

CHILDREN DAY IN INDIA
শিশু দিৱস

শিশুৰ জীৱনত প্ৰভাৱ পেলাব পৰা কিছুমান কাৰকঃ

স্বাস্থ্যঃ

তথ্য অনুসৰি ভাৰতত প্ৰতিবছৰে 35 শতাংশ শিশু পু্ষ্টিহীনতাত ভোগে, 33 শতাংশৰ ওজন কম, আৰু 2 শতাংশ অত্যাধিক ওজনত ভুগিবলগীয়া হয় ৷ ইয়াৰ উপৰিও ভাৰতত প্ৰতিবছৰে শিশুৰ মৃত্যুৰ সংখ্যা দক্ষিণ এচিয়াৰ দেশৰসমূহৰ ভিতৰত সৰ্বাধিক ৷ বিগত বছৰটোত ভাৰতত সৰ্বাধিক 8 লাখ শিশুৰ মৃত্যু হৈছিল ৷

CHILDREN DAY IN INDIA
ভাৰতত শিশু দিৱস

অপৰাধঃ

বিগত তিনিবছৰত ভাৰতত শিশুৰ লগত সংঘটিত অপৰাধমূলক কাৰ্য বৃদ্ধি পাইছে ৷ ভাৰতীয় দণ্ডবিধি আইন আৰু বিশেষ স্থানীয় আইন (SLL) ৰ অধীনত সমগ্ৰ ভাৰতত 2015 চনত 94,172 2016 চনত 1,06, 958 আৰু 2017 চনত 1,29, 032 লৈ বৃদ্ধি পাইছে শিশু সংক্ৰান্তীয় অপৰাধ ৷ 2017 চনত ভাৰতত শিশুৰ সৈতে অপৰাধমূলক কাৰ্য প্ৰতি এক লাখত 28.9 শতাংশ বৃদ্ধি পাইছে ৷ 2016 চনত এই পৰিসংখ্যা আছিল 24 শতাংশ ৷

শিশু দিৱসঃ দেশত ইয়াৰ ইতিহাস আৰু সাম্প্ৰতিক পৰিস্থিতি
শিশু দিৱসঃ দেশত ইয়াৰ ইতিহাস আৰু সাম্প্ৰতিক পৰিস্থিতি

অনলাইন আসক্তিঃ

এই বিষয়টো কোনেও অগ্ৰাহ্য কৰিব নোৱাৰে যে, সম্প্ৰতি শিশুৰ জীৱন যথেষ্ট প্ৰতিযোগিতামূলক হৈ উঠিছে ৷ এই প্ৰতিযোগিতাই শিশুসকলক স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ বিপৰীতে তেওঁলোকৰ মাজত মানসিক দ্বন্দ আৰু হতাশাহে বৃদ্ধি কৰিছে ৷ শিশু বিশেষজ্ঞ সকলৰ মতে, শিশুসকলৰ মাজত এনেধৰণৰ মনোভাৱ বৃদ্ধিৰ অন্যতম কাৰণ ইন্টাৰনেট আৰু ভিডিঅ' গেমছৰ ব্যৱহাৰ ৷

CHILDREN DAY IN INDIA
শিশু দিৱস
Intro:Body:

children day


Conclusion:
Last Updated : Nov 14, 2019, 3:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.