ETV Bharat / bharat

ধন উৎকোচ লওতেই চিবিআইৰ জালত ৰে’লৱে বিষয়া

author img

By

Published : Jan 17, 2021, 6:49 PM IST

দেওবাৰে ভাৰতীয় ৰে’লৱে অভিযান্ত্ৰিক সেৱা (আইআৰইএছ) এগৰাকী জ্যেষ্ঠ বিষয়াক ধন উৎকোচ লোৱাৰ সময়ত আটক চিবিআইৰ ৷ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে ৰ প্ৰকল্পৰ চুক্তি প্ৰদান সন্দৰ্ভত ধন উৎকোচ লৈ থকাৰ সময়ত বিষয়া গৰাকীক আটক কৰে চিবিআইয়ে ৷

CBI arrests senior railways official
চিবিআইৰ জালত ৰে’লৱে বিষয়া

নেশ্যনেল ডেস্ক,17 জানুৱাৰী : ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইয়ে দেওবাৰে আটক কৰে ভাৰতীয় ৰে’লৱে অভিযান্ত্ৰিক সেৱা (আইআৰইএছ) এগৰাকী জ্যেষ্ঠ বিষয়াক ৷ দেশৰ 20 টা স্থানত অনুসন্ধান চলোৱাৰ মাজতে জ্যেষ্ঠ ৰে’লৱে বিষয়া গৰাকীক মুঠ 1 কোটি টকা উৎকোচ লোৱাৰ সময়তে আটক কৰে চিবিআইয়ে ৷

চিবিআইৰ সূত্ৰই জনোৱা মতে, আইআৰইএছৰ 1985 চনৰ বিষয়া মহেন্দ্ৰ সিং চৌহানে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে (এনএফআৰ)ৰ প্ৰকল্পৰ চুক্তি প্ৰদান সন্দৰ্ভত ধন উৎকোচ লৈ থকাৰ সময়তে তেওঁক আটক কৰে চিবিআইয়ে ৷ সম্প্ৰতি মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয় অভিযুক্ত চৌহানক ৷

অভিযুক্ত ৰে’লৱে বিষয়া গৰাকীৰ পৰা উৎকোচ লোৱা ধন জব্দ কৰে চিবিআইয়ে ৷ উল্লেখ্য যে, চিবিআইয়ে দিল্লী, অসম, উত্তৰাখণ্ড আৰু অন্য দুখন ৰাজ্যৰ মুঠ 20 টা স্থানত ধন উৎকোচক লৈ অভিযান চলাই আছে ৷

লগতে পঢ়ক : ভূপালত জৰুৰীকালীনভাবে অৱতৰণ ইণ্ডিগ’ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.