ETV Bharat / bharat

হায়দৰাবাদতো ধ্বনিত হ’ল CA(A) বিৰোধী শ্ল’গানঃ শ-শ অসমীয়াৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Dec 15, 2019, 9:19 PM IST

Updated : Dec 17, 2019, 11:20 AM IST

হায়দৰাবাদৰ অসমীয়া সমাজেও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৷ নাগৰিকত্ব সংশোধনী আইন কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ ৷

Assamese in protest against CA(A) in Hyderabad
হায়দৰাবাদতো ধ্বনিত হ’ল CA(A) বিৰোধী শ্ল’গান

হায়দৰাবাদ, 15 ডিচেম্বৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কেৱল অসমতেই নহয় সমগ্ৰ দেশতেই উঠিছে প্ৰতিবাদৰ জোৱাৰ ৷ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজত অসমৰ বাহিৰত বসবাস কৰা অসমীয়াসকলেও অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ হায়দৰাবাদৰ অসমীয়া সমাজেও গৰজি উঠিল চৰকাৰ তথা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৷ দেওবাৰে হায়দৰাবাদত বসবাস কৰা অসমীয়াসকল একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

প্ৰতিবাদকাৰীসকলে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত উল্লেখ কৰে যে, এই নাগৰিকত্ব সংশোধনী আইনে অসমীয়া ভাষা-সংস্কৃতি তথা খিলঞ্জীয়া সত্বাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব আৰু আমি অসমীয়াই ইয়াক কোনোপধ্যেই মানি নলয় ৷ লগতে অসমীয়াৰ যুঁজ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ইয়াত কোনো জাতি-ধৰ্মৰ প্ৰতি প্ৰশ্ন নাহে বুলিও উল্লেখ কৰে ৷ বৃহত্তৰ অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত হায়দৰাবাদবাসী অসময়ীয়া এনেদৰে ওলাই আহে ৷ উল্লেখ্য যে, অসমীয়া নাগৰিকত্ব সংশোধনী আইনৰ বাতিল তথা অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত সমগ্ৰ দেশত বসবাস কৰা অসমীয়াই নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

হায়দৰাবাদতো ধ্বনিত হ’ল CA(A) বিৰোধী শ্ল’গানঃ শ-শ অসমীয়াৰ তীব্ৰ প্ৰতিবাদ

আৰু পঢ়কঃ অসমবাসীৰ ৰুদ্ৰমুৰ্তি দেখি সুৰ সলালে অগপই

Intro:Body:

Hundreds of Assames in protest against CAB at Hyderabad Indirapark chowk


Conclusion:
Last Updated : Dec 17, 2019, 11:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.