ETV Bharat / bharat

কৰ্ণাটকত আৱদ্ধ অসমৰ চিকিৎসা বিজ্ঞানৰ 25 গৰাকী শিক্ষাৰ্থী

author img

By

Published : May 8, 2020, 8:04 PM IST

কৰ্ণাটকৰ চিতৰাদূৰ্গাৰ আমৰুথা আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ত আৱদ্ধ অসমৰ 25 গৰাকী শিক্ষাৰ্থী ৷ বৰ্তমান তীব্ৰ আৰ্থিক সংকটৰ লগতে খাদ্য সংকটত ভুগিছে শিক্ষাৰ্থীৰ দলটোৱে ৷

assam 25 student in karnatok
কৰ্ণাটকত আৱদ্ধ অসমৰ চিকিৎসা বিজ্ঞানৰ 25 গৰাকী শিক্ষাৰ্থী

ধুবুৰী, 8 মে' : লক্ ডাউনৰ বাবে কৰ্ণাটকত আৱদ্ধ অসমৰ 25 গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী ৷ কৰ্ণাটকৰ চিতৰাদূৰ্গাৰ আমৰুথা আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ত গুৱাহাটী, নগাঁও, গোৱালপাৰা, বৰপেটা, ধুবুৰী, দক্ষিণ শালমাৰা জিলাৰ মুঠ 25 গৰাকী শিক্ষাৰ্থী আজি প্ৰায় ডেৰ মাহ ধৰি আবদ্ধ হৈ পৰাত বৰ্তমানে তীব্ৰ আৰ্থিক সংকটত ভুগিছে ৷ আনকি লক্ ডাউনৰ বাবে হোষ্টেলৰ কেন্টিন বন্ধ হৈ পৰাত খাদ্য সংকটৰো সন্মুখীন হৈছে শিক্ষাৰ্থী সকল ৷

কৰ্ণাটকত আৱদ্ধ অসমৰ চিকিৎসা বিজ্ঞানৰ 25 গৰাকী শিক্ষাৰ্থী

যাৰবাবে অসমলৈ উভতি আহিব বিচাৰিছে শিক্ষাৰ্থীৰ দলটোৱে ৷ আনকি এই সম্পৰ্কত কৰ্ণাটকৰ স্থানীয় প্ৰশাসনক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ শিক্ষাৰ্থীৰ দলটোৰ ৷

শেষত উপায়বিহীন হৈ দলটোৱে অসম চৰকাৰৰ তৰফৰ পৰা সহায় বিচাৰিছে ৷ ছাত্ৰ-ছাত্ৰীৰ দলটোৱে তেওঁলোকক অসমলৈ উভতাই নিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ৷

কৰ্ণাটকত আৱদ্ধ অসমৰ চিকিৎসা বিজ্ঞানৰ 25 গৰাকী শিক্ষাৰ্থী

লগতে পঢ়ক : ২২ জুলাইৰ পৰা কৰ'ণা মুক্ত হ'ব অসম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.