ETV Bharat / bharat

দশম মহলাৰ পৰা জাপ দি আত্মহত্যাৰ চেষ্টা দিল্লী এইমছৰ চিকিৎসকৰ

author img

By

Published : Jul 10, 2020, 8:42 PM IST

৫ জুলাইত এইমছ জয়প্ৰকাশ নাৰায়ণ এপেক্স ট্ৰোমা চেন্টাৰৰ চতুৰ্থ মহলাৰ পৰা জাপ দি আত্মহত্যাৰ চেষ্টা চলাইছিল এগৰাকী সাংবাদিকে। এই ঘটনাত মৃত্যু হৈছিল সাংবাদিকগৰাকীৰ। আজি পুনৰ এইমছৰ হোষ্টেলৰ দশম মহলাৰ পৰা জাপ দি আত্মহত্যাৰ চেষ্টা চলায় এগৰাকী চিকিৎসকে।

India- Nepal relations and China
India- Nepal relations and China

নিউজ ডেস্ক, ১০ জুলাইঃ দিল্লী এইমছ (All India Institute Of Medical Science)ত কৰ্মৰত এজন ২৫ বছৰীয়া কনিষ্ঠ চিকিৎসকে আত্মহত্যাৰ চেষ্টা চলায়। এইমছৰ হোষ্টেলৰ দশম মহলাৰ পৰা জাপ দি আত্মহত্যাৰ চেষ্টা চলায় চিকিৎসকগৰাকীয়ে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰে এই তথ্য ।

এই ঘটনাৰ পাচতে এইমছত চিকিৎসকগৰাকীক ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসকে তেখেতৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, ৫ জুলাইত এইমছ জয়প্ৰকাশ নাৰায়ণ এপেক্স ট্ৰোমা চেন্টাৰৰ চতুৰ্থ মহলাৰ পৰা জাপ দিছিল এগৰাকী সাংবাদিকে। কোভিড-১৯ত আক্ৰান্ত হৈ ২৪ জুনৰ পৰা এইমছ জয়প্ৰকাশ নাৰায়ণ এপেক্স ট্ৰোমা চেন্টাৰত চিকিৎসাধীন হৈ আছিল সাংবাদিকগৰাকী । এই ঘটনাত ৩৭ বছৰীয়া সাংবাদিকগৰাকীৰ মৃত্যু হয়।

সাংবাদিকগৰাকীৰ মৃত্যুত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এই ঘটনাৰ তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে।

লগতে পঢ়কঃ বিদ্যালয়ৰ মাচুল ৰেহাইৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.