ETV Bharat / bharat

শ্বাসৰুদ্ধকাৰী দহ ঘণ্টা ! উদ্ধাৰ 23 গৰাকীকৈ শিশু

author img

By

Published : Jan 31, 2020, 10:57 AM IST

কি হৈছিল বৃহস্পতিবাৰৰ দিনটোত উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত ৷ কন্যাৰ জন্মদিন বুলি নিমন্ত্ৰণ কেইবাগৰাকী শিশুক ৷ তাৰ পাচতেই এক শিহৰণকাৰী ঘটনা ৷

শংকিত দহ ঘণ্টা ! উদ্ধাৰ 23 গৰাকীকৈ শিশু
শংকিত দহ ঘণ্টা ! উদ্ধাৰ 23 গৰাকীকৈ শিশু

নিউজ ডেস্ক, 31 জানুৱাৰীঃ উত্তৰপ্ৰদেশত বৃহস্পতিবাৰে সংঘটিত হয় এক শিহৰণকাৰী ঘটনা ৷ সংবাদমাধ্যমৰ লগতে দেশ কপাঁই যায় উত্তৰপ্ৰদেশৰ এই ঘটনাই ৷ আচলতে উত্তৰপ্ৰদেশৰ মহম্মদাবাদৰ কোতবালী অঞ্চলৰ সুভাষ বাথমে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ বাবেই ৰচনা কৰে এক শিহৰণকাৰী পৰিকল্পনা ৷ ঘৰত মাতি বন্দী কৰে 23 গৰাকী শিশুক ৷ দহ ঘন্টালৈ চলা এক শ্বাসৰুদ্ধকাৰী পৰিৱেশৰ পাচত সফলতা লাভ কৰি স্বস্তিৰ স্বাস ল’লে উত্তৰপ্ৰদেশৰ পুলিছ প্ৰশাসনে ৷ সংঘৰ্ষত নিহত মুল খলনায়ক সুভাষ বাথম ৷ কি হৈছিল আৰু কেনেকৈ সফল হ’ল আৰক্ষী ?

বন্দী 23 গৰাকী শিশুকঃ
বৃহস্পতিবাৰে 3 বজাত নিজৰ কন্যাৰ জন্মদিন বুলি নিজ বাসগৃহলৈ ওচৰ-চুবৰীয়াৰ শিশুক নিমন্ত্ৰণ জনায় পাচত 23 গৰাকীকৈ বন্দী কৰে মহম্মদাবাদৰ কোতবালী অঞ্চলৰ সুভাষ বাথমে ৷ বন্দী কৰা শিশু সকলক মৃত্যুৰ ভাবুকি দি দাবী ধমকি দিয়ে সুভাষে ৷ পাচত গাঁওবাসীয়ে অৱগত কৰে আৰক্ষীক ৷

ঘটনাস্থলীত আৰক্ষীঃ

এই ঘটনাৰ খবৰ পাই 4.30 বজাত আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত ৷ শিশু কেইটাক উদ্ধাৰৰ চেষ্টা চলাওতেই পুলিছক লক্ষ্য কৰি গুলীবৰ্ষণ সুভাষৰ ৷ লগতে চিলিণ্ডাৰেৰে ঘৰখন বিস্ফোৰণ কৰাৰো ভাবুকি প্ৰদান আৰক্ষীক ৷ এই গুলীচালনাতে আঘাতপ্ৰাপ্ত হয় এগৰাকী গাঁওবাসী ৷ সন্ধিয়া প্ৰায় 6 মান বজাত উপস্থিত হয় আৰক্ষী অধ্যক্ষীক (SP) ৷

পাঁচ ঘণ্টা ধৰি আৰক্ষীৰ পৰিকল্পনাঃ
সন্ধিয়া 7.30 বজাত জিলা অধিকাৰী উপস্থিত হয় ঘটনাস্থলীত ৷ তাৰ পাচতেই শিশু কেইটা উদ্ধাৰ কৰাৰ এক নতুন পৰিকল্পনা তৈয়াৰ কৰা হয় ৷ প্ৰায় পাঁচ ঘণ্টা ধৰি পুলিছ প্ৰশাসনে তৈয়াৰ কৰে পৰিকল্পনা ৷ নিশা 12.30 বজাত ঘটনাস্থলীত উপস্থিত হয় কানপুৰ ৰেঞ্জৰ আৰক্ষী পৰিদৰ্শক মহিত আগ্ৰৰৱাল ৷

আঁচনিৰ পৰা বঞ্চিত হোৱাত ক্ষোভঃ
এক পৰিকল্পিত ভাৱে এই ঘটনা সংঘটিত কৰে সুভাষ বাথমে ৷ প্ৰথমে টাইপ ৰাইটাৰে এখন পত্ৰ লিখি উলিয়াই লোকজনে ৷ য’ত তেওঁ উল্লেখ কৰে আৱসগৃহ আৰু শৌচালয়ৰ পৰা বঞ্চিত হোৱাৰ কথা ৷ লগতে পত্ৰখনত উল্লেখ কৰে এই বিষয়ে গ্ৰাম প্ৰধান আৰু বিষয়ববীয়াক অৱগত কৰে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কথা ৷ ঘটনাস্থলীত এনএছজি কামাণ্ডোও মাতি পঠিওৱা হৈছিল ৷

পুলিছৰ ৰণনীতি আৰু গাঁওবাসীৰ আক্ৰমণঃ
নিশা 1 বজাত পুলিছৰ ৰণনীতিৰে অংশ হিচাপে গাঁওবাসীয়ে দোষী সুভাষ বাথমৰ বাসগৃহৰ প্ৰৱেশদ্বাৰ(গেট) ভাঙি দিয়ে ৷ তাৰ পাচতেই পুলিছে ঘৰত প্ৰৱেশ কৰে ৷ ইয়াৰ পাচতেই পুলিছ আৰু খলনায়ক (সুভাষৰ) মাজত গুলীয়াগুলী সংঘটিত হয় ৷ য’ত থিতাতে নিহত হয় 23 গৰাকীকৈ শিশুক বন্দী কৰা খলনায়ক সুভাষ বাথম ৷ ইয়াৰ পাচতেই সুৰক্ষিত ভাৱে উদ্ধাৰ কৰা হয় 23 গৰাকী শিশুক ৷ এই ঘটনাত সুভাষৰ পত্নী ৰুবী আৰক্ষীয়ে আটক কৰি লৈ অনা সময়তে গাঁওবাসীয়ে আক্ৰমণ চলায় মহিলাগৰাকীক ৷ ফলত চিকিৎসালয়লৈ লৈ যোৱা অৱস্থাত মৃত্যু হয় ৰুবীৰ ৷

ঘৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰঃ
দহ ঘটনালৈ চলা এক স্বাসৰুদ্ধকাৰী পৰিৱেশৰ মাজত মহম্মদাবাদৰ কোতবালী অঞ্চলৰ বন্ধী কৰা মুখ্য দোষী সুভাষ বাথমক মাৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ মুখ্য সচিব গৃহ অবনীশ অৱস্থিয়ে সদৰী কৰে এই কথা ৷

নিশা 1.30 বজাত আৰক্ষী পৰিদৰ্শক মহিত আগৰৱালে জনায় সুৰক্ষিত ভাৱে সকলো 23 গৰাকী শিশুক উদ্ধাৰ কৰাৰ লগতে মুখ্য খলনায়কক মাৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ লগতে ঘৰখনৰ পৰা বহু পৰিমাণে অস্ত্ৰ-শস্ত্ৰও জব্দ কৰিছে আৰক্ষীয়ে ৷ লগতে জানিবলৈ দিয়ে যে, ইয়াৰ পৰিমাণ ইমান আছিল যে, কেইবাদিনলৈকে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিব পৰা গ’ল হয় ৷

শংকিত দহ ঘণ্টাঃ

  • দুপৰীয়া 3 বজাত জন্মদিন বুলি কেইবাগৰাকী শিশুক নিমন্ত্ৰণ
  • 23 গৰাকীকৈ শিশুক বন্দী উত্তৰপুৰৰ সুভাষ বাথমৰ
  • সন্ধিয়া 4.30 বজাত ঘটনাস্থলিত উপস্থিত পুলিছ
  • পুলিছলৈ লক্ষ্য কৰি সুভাষৰ গুলীচালনা, আহত এজন গাঁওবাসী
  • 6 বজাত আৰক্ষী অধীক্ষক উপস্থিত হোৱাৰ বিপৰীতে 7.30 বজাত উপস্থিত ডিএম উপস্থিত
  • 5 ঘণ্টালৈ চলিল মুখ্য খলনায়কক সন্তুষ্ট কৰাৰ চেষ্টা
  • নিশা 10 বজাত দহ মাহৰ এগৰাকী শিশুক মুকলি
  • নিশা 12.30 বজাত ঘটনাস্থলীত উপস্থিত আৰক্ষী মহাপৰিদৰ্শক
  • নিশা 1 বজাত উদ্ধাৰ অভিযান, তীব্ৰ সংঘৰ্ষত নিহত খলনায়ক সুভাষ
  • পত্নী ৰুবিক ঘৰৰ পৰা আটক, গাঁওবাসীৰ আক্ৰমণ
  • চিকিৎসালয়লৈ নি থকা অৱস্থাত মৃত্যু
  • নিশা 1.30 বজাত উদ্ধাৰ 23 গৰাকী শিশু
Intro:Body:

a man makes hostage more than 12 children inside house and started firing in farrukhabad


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.