ETV Bharat / bharat

Police raid in Bar : 15 ঘন্টীয়া অভিযানত আটক 17 গৰাকী বাৰ ডেন্সাৰ

author img

By

Published : Dec 13, 2021, 9:27 PM IST

Police raid in Bar
Police raid in Bar

দীপা নামৰ বাৰখনত ওৰে নিশা চলিছিল স্বল্পবসনা যুৱতীৰ নৃত্য ৷ আৰক্ষীয়ে এই তথ্য লাভ কৰি বাৰখনত চলালে অভিযান (Police raid in Bar) ৷ প্ৰায় 15 ঘন্টা ধৰি চলা অভিযানৰ অন্তত আটক হ’ল 17 গৰাকী বাৰ ডেন্সাৰ আৰু বাৰখনৰ তিনিগৰাকী কৰ্মচাৰী ৷

নিউজ ডেস্ক, 13 ডিচেম্বৰ : এখন বাৰত 15 ঘন্টাজুৰি চলিল আৰক্ষীৰ অভিযান ৷ অভিযানৰ অন্তত 17 গৰাকীকৈ বাৰ ডেন্সাৰ আৰু তিনিগৰাকী কৰ্মচাকীক আটক কৰিলে আৰক্ষীয়ে ৷ ক’ভিড প্ৰট’কল ভংগৰ অভিযোগ উঠিছিল এই বাৰখন বিৰুদ্ধে (Allegation of Covid protocol violation against Bar) ৷ যাৰ বাবে দীৰ্ঘসময় ধৰি বাৰখনত চলিল আৰক্ষীৰ অভিযান ৷

দীপা নামৰ এই বাৰখন আছে মহাৰাষ্ট্ৰৰ আন্ধেৰী অঞ্চলত (Deepa bar in Andheri)৷ এটা বেচৰকাৰী সংস্থাই অভিযোগ তুলিছিল এই বাৰখনৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি এই বাৰখনত মুকলিকৈ ডেন্সাৰসকলে নৃত্য প্ৰদৰ্শন কৰে আৰু ওৰে নিশা অনুষ্ঠান চলি থাকে ৷ এই অভিযোগ লাভৰ পাচতে শনিবাৰে নিশা প্ৰায় 11.30 বজাত বাৰখনত উপস্থিত হয় মুম্বাই আৰক্ষীৰ সমাজ সেৱা শাখাৰ এটা দল (Mumbai Police raid in dance bar ) ৷

আশ্চৰ্যজনকভাৱে, এই ডেন্স বাৰখন উন্নত প্ৰযুক্তিৰে সুসজ্জিত আছিল ৷ কিন্তু আৰক্ষীৰ প্ৰৱেশৰ লগে লগেই হঠাৎ অন্তৰ্ধান হৈছিল বাৰ ডেন্সাৰ সমূহ ৷ এই অভিযানত আৰক্ষীক সংগ দিছিল বেচৰকাৰী সংস্থাটোৰ কেইগৰাকীমান সদস্যই ৷ দলটোৱে বাৰখনৰ প্ৰতিটো কোণতে তন্ন তন্নকৈ তালাচী চলায় ৷ বাথৰুম, ৰান্ধনী ঘৰ, ষ্ট’ৰ ৰুম আদি সকলোতে তালাচী চলায় যদিও কোনো বস্তু উদ্ধাৰ কৰিব নোৱাৰিলে ৷

তাৰ পাচতে দলটোৱে সোধা-পোচা কৰে বাৰখনৰ পৰিচালক, কোষাধ্যক্ষ আৰু পৰিচাৰকক ৷ কিন্তু আটাইকেইজনে বাৰখনত ডান্সাৰৰ উপস্থিতিৰ কথা নস্যাৎ কৰে ৷

আৰক্ষীয়ে এইখিনিতে তদন্ত সামৰিব খুজিছিল যদিও বেচৰকাৰী সংস্থাৰ সদস্য সকলে সেই মূহুৰ্তত প্ৰসাধন কোঠাত তথ্য বিচাৰি প্ৰৱেশ কৰে ৷ তাত দেৱালত এখন ডাঙৰ আইনা দেখা পাই তেওঁলোকে ৷ আইনাখনৰ আকাৰ দেখি সন্দেহ ওপজাত তেওঁলোকে ইয়াক আঁতৰোৱাৰ চেষ্টা কৰে ৷ দলটোক নেতৃত্ব দিয়া আৰক্ষীৰ উপায়ুক্ত ৰাজু ভূজবল সেই স্থানত উপস্থিত হৈ আইনাখন আঁতৰোৱাৰ চেষ্টা কৰিও বিফল হয় ৷

তাৰ পাচতে তেওঁ আইনাখন ভাঙি দিয়াৰ নিৰ্দেশ দিয়ে ৷ আইনাখন ভাঙিবলৈ প্ৰায় এঘন্টা সময়ক প্ৰয়োজন হয় ৷ তাৰপাচতে তেওঁলোকে প্ৰত্যক্ষ কৰে এটা গোপন কোঠা ৷ সেই কোঠাটোত আছিল 17 গৰাকী বাৰ ডেন্সাৰ ৷ আৰক্ষীয়ে আটাইকেইগৰাকী বাৰ ডেন্সাৰ আৰু বাৰখনৰ 3 গৰাকী কৰ্মচাৰীক আটক কৰে ৷ ইতিমধ্যে বাৰখন ছীল কৰি দিয়াৰ লগতে 20 গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : Acid attack case : পত্নীসহ পত্নীৰ বায়েকক এচিডেৰে আক্ৰমণ স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.