ETV Bharat / state

Acid attack case : পত্নীসহ পত্নীৰ বায়েকক এচিডেৰে আক্ৰমণ স্বামীৰ

author img

By

Published : Dec 13, 2021, 7:10 PM IST

ৰঙাজানত সংঘটিত হৈছে এক ভয়ংকৰ এচিড আক্ৰমণৰ ঘটনা(Acid attack in lakhimpur) । জানিব পৰা মতে, লখিমপুৰৰ ৰঙাজানত শোৱাপাটীতে নিজৰ পত্নী সহ পত্নীৰ বায়েকক এচিডেৰে আক্ৰমণ কৰে স্বামীয়ে ৷

Miscreants attack two women with acid
পত্নী সহ পত্নীৰ বায়েকক এচিডেৰে আক্ৰমণ স্বামীৰ

লখিমপুৰ, ১৩ ডিচেম্বৰ : লখিমপুৰৰ ৰঙাজানত সংঘটিত হৈছে এক ভয়ংকৰ এচিড আক্ৰমণৰ ঘটনা (Acid attack in lakhimpur) । জানিব পৰা মতে, লখিমপুৰৰ ৰঙাজানত শোৱাপাটীতে নিজৰ পত্নীসহ পত্নীৰ বায়েকক এচিডেৰে আক্ৰমণ কৰে স্বামীয়ে(Attack two women with Acid) ৷ অভিযোগ অনুসৰি, যৌতুকৰ বাবেই এই ঘটনা সংঘটিত কৰিছে মহিলা গৰাকীৰ স্বামীয়ে ৷

পৰিয়ালৰ লোকে সদৰী কৰা মতে, এচিড আক্ৰমণৰ ঘটনা সংঘটিত কৰা লোক গৰাকীৰ নাম ৰফিকুল ইছলাম । ৰফিকুল ইছলামে বিয়াৰ পাছৰে পৰা যৌতুকজনিত কাৰণত নিজ পত্নীক শাৰীৰিক অত্যাচাৰ কৰি আহিছিল ৷ প্ৰায় তিনি মাহৰ পূৰ্বে মৰিয়াই মৰিয়াই নিজৰ পত্নীৰ হাত ভাঙি দিছিল ৰফিকুল ইছলামে ৷ তেতিয়াৰ পৰাই নিজৰ মাকৰ ঘৰত আছিল মহিলাগৰাকী ৷

পত্নী সহ পত্নীৰ বায়েকক এচিডেৰে আক্ৰমণ স্বামীৰ

লগতে পঢ়ক: ঘন কুঁৱলীৰ বাবে যোৰহাট-মাজুলী ফেৰীসেৱাত ব্যাঘাত

দেওবাৰে নিশা নিজৰ বায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল মহিলা গৰাকী ৷ বায়েকৰ লগত নিশা শুই থকাৰ অৱস্থাতে মহিলা গৰাকীৰ স্বামীয়ে এচিডেৰে আক্ৰমণ কৰে দুয়োকে ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুয়োগৰাকী বাই-ভনী ৷

উল্লেখ্য যে, প্ৰথমে ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে আৰু তাৰ পাছত দুৱাৰ ভাঙি ৰফিকুলে ঘৰত প্ৰৱেশ কৰে বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে ৷ ইতিমধ্যে দুযোগৰাকীকে লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে ৰফিকুলৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানা দাখিল কৰিছে এজাহাৰ ৷ বৰ্তমান অভিযুক্ত ৰফিকুল পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ ইফালে, দোষীৰ কঠোৰ শাস্তিৰ দাবী তুলিছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: Jonai Firing Incident : আৰক্ষীৰ জিম্মাত চিমেন চাপৰিৰ ঘটনাৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.