ETV Bharat / bharat

বিএছএফ জোৱানৰ সহযোগত সীমান্ত পাৰ কৰি মৃত পিতৃক শেষবাৰৰ বাবে দেখা কৰিলে কন্য়াই

author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 10:30 AM IST

Updated : Jan 15, 2024, 12:00 PM IST

Example of humanity
বিএছএফ জোৱানৰ সহযোগত সীমান্ত পাৰ কৰি মৃত পিতৃক শেষবাৰৰ বাবে দেখা কৰিলে কন্য়াইat

Example of humanity: পশ্চিমবংগৰ সীমান্তৱৰ্তী মাটিয়াৰীৰ পঞ্চায়তত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন ৷ বিএছএফৰ জোৱান আৰু বিজিবিৰ সহযোগত সীমান্তত এটা পৰিয়ালে অন্তিম সাক্ষাৎ কৰে এজন লোকক ৷

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী : বৰ্তমান সময়ত মানৱতা কোন দিশে বুলি সততে এক প্ৰশ্ন উত্থাপিত হয় ৷ মানুহ যিমানেই আগুৱাই যাব ধৰিছে সিমানেই মানুহৰ মাজত অৱক্ষয় ঘটা পৰিলক্ষিত হৈছে “মানৱীয় প্ৰমূল্যবোধৰ” । ব্যস্ত সমাজত এতিয়া কাৰো হাতত আহৰি নাই অন্য এজনৰ কথা ভাবিবলৈ । ইয়াৰ মাজতে পশ্চিম বংগৰ বাক্কাশ মণ্ডল সীমান্তৱৰ্তী গাঁৱৰ মাটিয়াৰীৰ পঞ্চায়তত মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শনৰ ঘটনা পোহৰলৈ আহিছে ৷

এইবাৰ বিএছএফ জোৱানে এগৰাকী কন্যাক শেষবাৰৰ বাবে লগ কৰালে পিতৃক ৷ সীমান্ত সুৰক্ষা বাহিনীয়ে এগৰাকী বাংলাদেশী কন্যা আৰু তেওঁৰ আত্মীয়সকলক ভাৰতত প্ৰৱেশ কৰি মৃত পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিবলৈ অনুমতি দিছে । এই ঘটনাটো দেওবাৰে নাদিয়া সীমান্তৰ অন্তৰ্গত 32 বেটেলিয়ন সীমান্ত চৌকীৰ মাটিয়াৰী গাঁৱত সংঘটিত হয় ৷

মৃত লোকজন বক্কাশ মণ্ডল বুলি জানিব পৰা গৈছে ৷ মণ্ডল সীমান্তৱৰ্তী গাঁৱৰ মাটিয়াৰীৰ পঞ্চায়তৰ সদস্য । শনিবাৰে নিশা তেওঁৰ মৃত্যু হৈছিল ৷ লোকজনৰ কন্যা আৰু ভগ্নী বাংলাদেশত বাস কৰে । লোকজনৰ মৃত্যুৰ খবৰ লাভ কৰি তেওঁৰ জীয়ৰী আৰু ভগ্নীয়ে তেওঁক শেষবাৰৰ বাবে চাবলৈ বিএছএফ জোৱানসকলক আবেদন জনাইছিল । বিএছএফৰ কৰ্তব্যৰত কমাণ্ডাৰজনে দুৰ্ভগীয়া পৰিয়ালটোৰ আবেদন শুনি মানৱতাৰ খাতিৰত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ (বিজিবি) বিষয়াসকলৰ সৈতে যোগাযোগ কৰিছিল ।

তাৰ পিচতে বিএছএফৰ অনুৰোধৰ সঁহাৰিস্বৰূপে, বিজিবিয়েও বিবেচনা কৰি পাৰস্পৰিক সহযোগিতাৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে বাংলাদেশত বাস কৰা ছোৱালী আৰু ভগ্নীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰৰ LOC ত তেওঁলোকৰ পৰিয়ালক অন্তিমবাৰ লোকজনক লগ কৰি দিয়াবলৈ আয়োজন কৰে ৷

পৰিয়ালটোৰ শেষৰ বিদায়ৰ সময় বৰ দুখজনক আছিল । পৰিয়ালটোৱে বিজিবি আৰু বিএছএফৰ জোৱানসকলক এই সুবিধা কৰি দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । পৰিয়ালটোৱে কয় যে, বিএছএফৰ জোৱানসকলে সীমান্তত 24 ঘণ্টাই সীমান্তত সতৰ্কতা অৱলম্বন কৰে । তেওঁলোকে কেৱল দেশৰ নিৰাপত্তাৰ নহয়, সীমান্তবাসীসকলৰ মানসিক আৰু সামাজিক কল্যাণৰ বিষয়েও বিবেচনা কৰে । জোৱানসকলে স্থানীয় লোকসকলৰ মানৱতা আৰু মূল্যবোধ বজাই ৰখাত দৃঢ় পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

লগতে পঢ়ক: ১৫ মাৰ্চৰ ভিতৰত ভাৰতক সৈন্য প্ৰত্যাহাৰৰ নিৰ্দেশ মালদ্বীপৰ

Last Updated :Jan 15, 2024, 12:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.