ETV Bharat / bharat

Baba Ramdev on medical science: ৰামদেৱে ক’লে- পৃথিৱী পুনৰ ঘূৰি আহিব আয়ুৰ্বেদলৈ

author img

By

Published : Aug 4, 2022, 8:09 PM IST

Baba Ramdev on medical science
Baba Ramdev on medical science

যোগ গুৰু বাবা ৰামদেৱে পুনৰ এবাৰ বিতৰ্কিত বক্তব্য আগবঢ়াইছে (Baba Ramdev on medical science) ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ উদ্ধৃতি দি বাবা ৰামদেৱে ক’ভিড প্ৰতিষেধকক চিকিৎসা বিজ্ঞানৰ ব্যৰ্থতা বুলি অভিহিত কৰিছে ৷

নিউজ ডেস্ক, 4 আগষ্ট: হৰিদ্বাৰৰ পতঞ্জলি যোগপীঠত (Haridwar Patanjali Yogpeeth) চলি থকা বনৌষধি কাৰ্যসূচীত পুনৰ এবাৰ বিতৰ্কিত বক্তব্য আগবঢ়াইছে যোগ গুৰু বাবা ৰামদেৱে (Baba Ramdev on medical science)। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ উদ্ধৃতি দি বাবা ৰামদেৱে পুনৰবাৰ চিকিৎসা বিজ্ঞানক লক্ষ্য কৰি লৈছে । ক’ভিড প্ৰতিষেধকক চিকিৎসা বিজ্ঞানৰ ব্যৰ্থতা বুলি অভিহিত কৰিছে বাবা ৰামদেৱে ।

ৰামদেৱে ক’লে; পৃথিৱী পুনৰ ঘূৰি আহিব আয়ুৰ্বেদলৈ

বাবা ৰামদেৱে কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনেও কৰ’ণাৰ দুপালি ভেকচিন আৰু বুষ্টাৰ ড’জ গ্ৰহণ কৰিছিল ৷ তাৰ পিছতো তেওঁ ক’ভিডত আক্ৰান্ত হৈছে । আমেৰিকাক লক্ষ্য কৰি তেওঁ কয় যে, ‘‘যিখন দেশে কয় আমি বিশ্বৰ সম্ৰাট, সবাতোকৈ শক্তিশালী , আমাতকৈ ডাঙৰ কোনো নাই । তাতেই দেখা গৈছে চিকিৎসা বিজ্ঞানৰ ব্যৰ্থতা’’ (Baba Ramdev on America)।

বাবা ৰামদেৱে কয় যে পৃথিৱীখন পুনৰ বনৌষধিলৈ ঘূৰি আহিব । পতঞ্জলিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ তৃতীয় দিনা বাবা ৰামদেৱে এই মন্তব্য কৰিছে (Baba Ramdev statement)।

ৰামদেৱে কয়- ‘‘কোটি কোটি লোকে তুলসী, এলোভেৰা আৰু গিলয়ক নিজৰ ঘৰুৱা বাগিচাত স্থান দিছে, যিয়ে তেওঁলোকক স্বাস্থ্য আৰু সমৃদ্ধি প্ৰদান কৰি আছে । জগতখন ঘূৰি আহিব বনৌষধিলৈ । যদি আপুনি গিলয়ৰ ওপৰত গৱেষণা কৰি ঔষধ বনাই তেন্তে ভাৰত বিশ্বৰ এখন ডাঙৰ অৰ্থনীতি হ’ব পাৰে’’ (Baba Ramdev on medical science)।

লগতে পঢ়ক: Monkeypox Outbreak: ভাৰতত মাংকিপক্সত আক্ৰান্তৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.