ETV Bharat / bharat

অসম চুক্তি; নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ ওপৰত ৰায় সংৰক্ষিত উচ্চতম ন্যায়ালয়ৰ

author img

By ANI

Published : Dec 13, 2023, 10:16 AM IST

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে গোচৰটোৰ সকলো পক্ষৰ যুক্তি শুনাৰ পিছত ৰায় সংৰক্ষিত ৰাখে । উল্লেখ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰই এক শপতনামাত উচ্চতম ন্যায়ালয়ক জনাইছিল যে কেন্দ্ৰই ভাৰতলৈ বিদেশীৰ অবৈধ প্ৰব্ৰজনৰ পৰিমাণৰ সঠিক তথ্য প্ৰদান কৰিব নোৱাৰিব, কিয়নো এনে প্ৰব্ৰজন গোপনীয়ভাৱে সংঘটিত হৈছিল ।

SC reserves verdict on Section 6A
নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ ওপৰত ৰায় সংৰক্ষিত উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : অসম চুক্তিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ১৯৮৫ চনত সংশোধনৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা এক গোটৰ আবেদনৰ ওপৰত ৰায় সংৰক্ষিত ৰাখিলে উচ্চতম ন্যায়ালয়ে । মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে এই ৰায় সংৰক্ষিত ৰাখে ।

উল্লেখ্য যে এই ধাৰা হৈছে অসমত অবৈধ অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ সৈতে সম্পৰ্কিত । এই ধাৰাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহে অসম চুক্তিৰ অধীনত অন্তৰ্ভুক্ত লোকসকলৰ নাগৰিকত্বৰ বাবে এক বিশেষ ব্যৱস্থা হিচাপে নাগৰিকত্ব আইনত অন্তৰ্ভুক্ত কৰা ধাৰা ৬এৰ সাংবিধানিক বৈধতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে গোচৰটোৰ সকলো পক্ষৰ যুক্তি শুনাৰ পিছত ৰায় সংৰক্ষিত ৰাখে। উল্লেখ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰই এক শপতনামাত উচ্চতম ন্যায়ালয়ক জনাইছিল যে কেন্দ্ৰই ভাৰতলৈ বিদেশীৰ অবৈধ প্ৰব্ৰজনৰ পৰিমাণৰ সঠিক তথ্য প্ৰদান কৰিব নোৱাৰিব, কিয়নো এনে প্ৰব্ৰজন গোপনীয়ভাৱে সংঘটিত হৈছিল।

৭ ডিচেম্বৰত শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা ৬এ(২)ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা অনুপ্ৰৱেশকাৰীৰ সংখ্যা আৰু ভাৰতীয় ভূ-খণ্ডলৈ অবৈধ প্ৰব্ৰজন ৰোধ কৰিবলৈ এতিয়ালৈকে কি পদক্ষেপ লোৱা হৈছে তাৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

এই সন্দৰ্ভত প্ৰদান কৰা শপতনামাখনত কোৱা হয় যে ২০১৭ চনৰ পৰা ২০২২ চনৰ ভিতৰত ১৪,৩৪৬ গৰাকী বিদেশী নাগৰিকক দেশৰ পৰা বিতাড়িত কৰা হৈছে । আনহাতে, ১৯৬৬ চনৰ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰা ১৭,৮৬১ গৰাকী প্ৰব্ৰজনকাৰীক এই ব্যৱস্থাৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে । ১৯৬৬ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশত ৩২,৩৮১ গৰাকী লোকক বিদেশী ঘোষণা কৰা বুলিও শপতনামাত কোৱা হৈছে।

ইয়াৰ পূৰ্বে বিচাৰপীঠে কৈছিল যে ১৯৭১ চনৰ বাংলাদেশ মুক্তিযুদ্ধৰ পৰিপ্ৰেক্ষিতত ধাৰা ৬এ এক মানৱীয় ব্যৱস্থা হিচাপে প্ৰণয়ন কৰা হৈছিল আৰু আমাৰ ইতিহাসত ই গভীৰভাৱে জড়িত হৈ আছে । ইফালে আবেদনকাৰীসকলৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা শ্যাম দীৱানে বিচাৰপীঠক কয় যে ধাৰা ৬এয়ে ভাৰতৰ সংবিধানৰ মৌলিক গাঁথনি আৰু প্ৰস্তাৱনাত সন্নিবিষ্ট ধৰ্মনিৰপেক্ষতা, একতা আৰু ভাতৃত্ববোধৰ মূল্যবোধ উলংঘা কৰে ।

আনহাতে,দীৱানে বিচাৰপীঠক অসমলৈ অহা সকলো ব্যক্তিৰ নিষ্পত্তি আৰু পুনৰ্সংস্থাপনৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বাবে আদালতৰ দ্বাৰা নিৰীক্ষণ কৰা নীতি প্ৰস্তুত কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিবলৈ অনুৰোধ জনায় । উল্লেখ্য যে ২০১৪ চনৰ ১৭ ডিচেম্বৰত অসমত নাগৰিকত্ব সম্পৰ্কীয় এটা বিষয় পাঁচজনীয়া সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰা হয় । ১৯ এপ্ৰিল, ২০১৭ তাৰিখে শীৰ্ষ আদালতে গোচৰটোৰ শুনানিৰ বাবে বিচাৰপীঠ গঠন কৰে ।

লগতে পঢ়ক :বাংলাদেশী মূলৰ মিঞা মুছলমানৰ আগ্ৰাসন সন্দৰ্ভত উদ্বিগ্ন বিজেপি বিধায়ক ভুৱন পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.