ETV Bharat / bharat

Amritpal was preparing for Khalistan : অমৃতপাল সিঙে যুৱকসকলক কিয় গুলীচালনাৰ প্ৰশিক্ষণ দিছিল ?

author img

By

Published : Mar 24, 2023, 9:11 PM IST

Amritpal was preparing for Khalistan
অমৃতপাল সিঙে খালিস্তানৰ প্ৰস্তুতি চলাইছিল

আৰক্ষীৰ তদন্তত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । অমৃতপাল সিঙে খালিস্তানৰ প্ৰস্তুতি চলাইছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে (Amritpal was preparing for Khalistan)। অমৃতপালে খালিস্তানৰ মুদ্ৰা, পতাকা আৰু পাছপোৰ্ট তৈয়াৰ কৰিছিল । অমৃতপালে যুৱকসকলক প্ৰশিক্ষণ দি এ.কে.এফ নামৰ নিজা সৈনা বাহিনীও গঠন কৰিছিল ।

অমৃতপাল সিঙে খালিস্তানৰ প্ৰস্তুতি চলাইছিল

নেশ্যনেল ডেস্ক,২৪ মাৰ্চ : ৱাৰিছ পাঞ্জাৱ দে সংগঠনৰ মুৰব্বী অমৃতপাল সিঙৰ বিৰুদ্ধে যোৱা ৭ দিন ধৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে (Police operation against Amritpal Singh)। ইফালে, অভিযানৰ সময়ত আৰক্ষীয়ে অমৃতপালৰ সহযোগীক গ্ৰেপ্তাৰ কৰাৰ লগতে বিভিন্ন স্থানৰ পৰা এনে ধৰণৰ সামগ্ৰী উদ্ধাৰ কৰিছে যিয়ে আৰক্ষীক শংকিত কৰি তুলিছে ।

আৰক্ষীয়ে শেহতীয়াকৈ অমৃতপালৰ গাঁৱৰ জালুপুৰ খেৰালৈ গৈছিল, য'ত তেওঁৰ বাসগৃহত তালাচী চলোৱা হৈছিল । বাসগৃহৰ পৰা আৰক্ষীয়ে এ.কে.এফ. প্ৰিণ্ট কৰা জেকেট উদ্ধাৰ কৰিছিল (AKF printed jacket recovered)। অৱশ্যে, পৰৱৰ্তী সময়ত এ.কে.এফ প্ৰিণ্টক আনন্দপুৰ খালচা বাহিনী, অকালি খালচা বাহিনী বা আনন্দপুৰ খালচা ফৌজ হিচাপে প্ৰকাশ কৰা হৈছে ।

Amritpal was preparing for Khalistan
খালিস্তান সম্পৰ্কীয় পতাকা উদ্ধাৰ

আৰক্ষীয়ে কোৱা মতে অমৃতপালে বিভিন্ন দেশত খালিস্তান গঠন কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত আছিল (Amritpal preparing Khalistan)। তেওঁৰ পৰা খলিস্তানৰ মুদ্ৰা, পতাকা আৰু মানচিত্ৰ পোৱা গৈছিল (Material related to Khalistan recovered)। খান্না আৰক্ষীৰ এছএছপি অমনিত কোণ্ডলে কোৱা মতে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱা অমৃতপাল সিঙৰ বন্দুকধাৰী তাজিন্দৰ সিং ওৰফে গোৰ্খা বাবাই এই সকলো কথা প্ৰকাশ কৰিছে ।

ইয়াৰ পাছতে তাৰ লগত জড়িত সামগ্ৰীবোৰো উদ্ধাৰ কৰা হৈছে । আৰক্ষী বিষয়াগৰাকীৰ মতে এই লোকসকলে খলিস্তানৰ বাবে এখন নতুন পতাকা আৰু এটা পৃথক মুদ্ৰা সৃষ্টি কৰিছিল (Separate currency for Khalistan)। তেওঁ কৈছিল যে অমৃতপালে তেওঁৰ ব্যক্তিগত সেনা আনন্দপুৰ খালচা ফৌজ আৰু এক ঘনিষ্ঠ সুৰক্ষা দলও গঠন কৰিছিল । ইয়াৰ উপৰিও, আনন্দপুৰ খালচা বাহিনীৰ প্ৰতিগৰাকী ব্যক্তিক এটা বিশেষ নম্বৰ দিয়া হৈছিল ।

Amritpal was preparing for Khalistan
খালিস্তানৰ মুদ্ৰা

এই লিংকটোৰ অধীনত আৰক্ষীয়ে কিছুমান ভিডিঅ'ও লাভ কৰিছে । য'ত শ্বুটিং ৰেঞ্জৰ এটা ভিডিঅ' প্ৰকাশ পাইছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, যুৱকসকলক এই শ্বুটিং ৰেঞ্জত প্ৰশিক্ষণ দিয়া হৈছিল আৰু সন্দেহ কৰা হৈছে যে অমৃতপাল সিঙে সেনা বাহিনী প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে ।

অৱশ্যে, এই সন্দৰ্ভত চলা অভিযানত পোহৰলৈ আহিছে যে পঞ্জাৱ চৰকাৰে অমৃতপাল সিঙৰ সহযোগীসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰও প্ৰদান কৰিছিল । আনহাতে, অমৃতপাল সিঙৰ কিছুমান সহযোগীৰ হাতত অবৈধ অস্ত্ৰ-শস্ত্ৰ আছিল বুলি বাতৰি ওলাইছে । এতিয়া এই অস্ত্ৰবোৰ অবৈধ আছিল নে অনুজ্ঞাপত্ৰ থকা আছিল সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ।

উল্লেখ্য যে অমৃতপালৰ সহযোগী তেজিন্দৰ সিং গিল ওৰফে গোৰ্খা বাবাক বৃহস্পতিবাৰে খান্না আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Amritpal Singh gunman Gorkha Baba arrested)। তেওঁ অমৃতপালৰ বন্দুকধাৰী হিচাপে কাম কৰিছিল । আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল আৰু তেওঁক জেৰাৰ সময়ত কিছুমান ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।

Amritpal was preparing for Khalistan
খালিস্তানৰ মানচিত্ৰ উদ্ধাৰ

বিষয়াসকলৰ মতে, ভিডিঅ'বোৰত এনে ধৰণৰ বহুতো তথ্য প্ৰকাশ পাইছে যাৰ জৰিয়তে অমৃতপালে যুৱকসকলক অস্ত্ৰ-শস্ত্ৰৰ বিষয়ে বিৱৰণ দিয়া দেখা গৈছে (Video related Khalistan)। তেওঁ যুৱক-যুৱতীসকলক কেনেদৰে গুলী চালনা কৰিব লাগে, বন্দুক খুলিব লাগে আৰু অস্ত্ৰ স্থাপন কৰিব লাগে তাৰ প্ৰশিক্ষণ দিছিল ।

আৰক্ষীৰ মতে, কিছুমান আলোকচিত্ৰও পোৱা গৈছে য'ত আনন্দপুৰ খালচা সেনাৰ হলোগ্ৰাম সৃষ্টি কৰা হৈছে । ইয়াৰ উপৰিও, তেওঁ যুৱকসকলক দেশবিৰোধী কাৰ্যকলাপৰ বাবে অনুপ্ৰাণিত কৰিছিল বুলিও আৰক্ষীয়ে অভিযোগ কৰিছে ।

লগতে পঢ়ক :Khalistani supporters protest in London : ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.