New Parliament Building Inauguration : উদ্বোধনী অনুষ্ঠানত পুনৰুজ্জীৱিত হ'ব ঐতিহাসিক পৰম্পৰা; অমিত শ্বাহ

author img

By

Published : May 24, 2023, 3:23 PM IST

New Parliament Building Inauguration

অমিত শ্বাহে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ সময়ত এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক অনুষ্ঠানত সংবাদমেল সম্বোধন কৰে । তেওঁ কয় যে নতুন সংসদ ভৱনৰ উদ্বোধনত ঐতিহাসিক পৰম্পৰা পুনৰুজ্জীৱিত কৰা হ'ব (amit shah on parliament building inauguration) ।

নিউজ ডেস্ক, ২৪ মে' : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে (central Home Minister Amit Shah) স্বাধীনতাৰ অমৃত মহোৎসৱ (azadi ka amrit mahotsav) উদযাপন কৰাৰ সময়ত এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক অনুষ্ঠানত সংবাদমেল সম্বোধন কৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২৮ মে'ত নতুন সংসদ ভৱন উদ্বোধন কৰিব (PM Modi to inaugurate new parliament building) । প্ৰধানমন্ত্ৰী মোডীয়ে এই উপলক্ষে ৬০ হাজাৰ শ্ৰমিককো সন্মান জনাব বুলি তেওঁ উল্লেখ কৰে । উল্লেখ্য যে এই শ্ৰমিকসকলে সংসদ ভৱন নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন সংসদ ভৱনৰ উদ্বোধন উপলক্ষে ঐতিহাসিক পৰম্পৰা পুনৰুজ্জীৱিত কৰা হ'ব (amit shah on parliament building inauguration) । ইয়াৰ অন্তৰালত আছে যুগ যুগ ধৰি অন্তৰ্নিহিত হৈ থকা এক পৰম্পৰা । ইয়াক তামিলভাষাত 'চেঙ্গোল' বুলিও কোৱা হয় । 'চেঙ্গোল'ৰ অৰ্থ হৈছে 'সম্পদেৰে সমৃদ্ধ' ।

তেওঁ কয় যে নতুন সংসদত এই 'চেঙ্গোল' স্থাপন কৰা হ'ব (sengol to be established in parliament) । সংসদ ভৱন ৰাষ্ট্ৰৰ নামত উৎসৰ্গিত কৰাৰ দিনাখন তামিলনাডুৰ পৰা আহিবলগা পণ্ডিতসকলে প্ৰধানমন্ত্ৰীক এই 'চেঙ্গোল' প্ৰদান কৰিব । তাৰ পিছত ইয়াক সংসদত স্থাপন কৰা হ'ব ।

এই উপলক্ষে 'চেঙ্গোল'ৰ ওপৰত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় । লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে 'চেঙ্গোল' সম্পৰ্কীয় এটা ৱেবছাইটো মুকলি কৰে (sengol website inaugurated by Amit Shah) । অৱশ্যে সাংবাদিকসকলৰ প্ৰশ্ন আৰম্ভ হোৱাৰ পূৰ্বে অমিত শ্বাহে স্পষ্ট কৰি দিয়ে যে তেওঁক সুধিবলগা প্ৰশ্নবোৰ যাতে কেৱল কাৰ্যসূচীৰ সৈতে সম্পৰ্কিত হয় ।

ৰাজনীতি সম্পৰ্কীয় কোনো প্ৰশ্নৰ উত্তৰ তেওঁ নিদিয়ে বুলিও উল্লেখ কৰে । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে এয়া হৈছে সেই একেই 'চেঙ্গোল' যাক প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক অৰ্পণ কৰা হৈছিল আৰু এলাহাবাদত ৰখা হৈছিল । কিন্তু দেশবাসী এই বিষয়ে অৱগত নহয় । আনহাতে, তেওঁ কয় যে 'চেঙ্গোল'ক কোনো ৰাজনীতিৰ সৈতে সংযুক্ত কৰা উচিত নহয় ।

লগতে পঢ়ক :G20 Summit in JK : শ্ৰীনগৰত জি-২০ পৰ্যটন ৱৰ্কিং গ্ৰুপৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.