ETV Bharat / bharat

G20 Summit in JK : শ্ৰীনগৰত জি-২০ পৰ্যটন ৱৰ্কিং গ্ৰুপৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

author img

By

Published : May 24, 2023, 1:41 PM IST

G20 Summit in JK
G20 Summit in JK

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত অনুষ্ঠিত জি-২০ সন্মিলনৰ বুধবাৰে অন্তিম দিন (g20 tourism working group meeting in srinagar) । এই তিনিদিনীয়া সন্মিলনৰ প্ৰথম দুটা দিনত উপত্যকাটোত পৰ্যটনৰ প্ৰসাৰৰ বাবে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয় ।

নিউজ ডেস্ক, ২৪ মে' : জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত তিনিদিনীয়াকৈ অনুষ্ঠিত জি-২০ পৰ্যটন গোটৰ তৃতীয় বৈঠকৰ বুধবাৰে অন্তিম দিন (g20 tourism working group meeting in srinagar) । আজিৰ বৈঠকতো ভূস্বৰ্গত পৰ্যটন উদ্যোগৰ প্ৰচাৰৰ বাবে বহুতো গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ'ব । উল্লেখ্য, বিগত দুদিনত বিভিন্ন দেশৰ প্ৰতিনিধিসকলে উপত্যকাটোত পৰ্যটন উদ্যোগক এক নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত ইতিবাচক মনোভাব আগবঢ়ায় (tourism potentiality of JK highlighted in G20) । এক কথাত ক'বলৈ হ'লে বৈঠকৰ বিগৰ দুটা দিন সম্পূৰ্ণ সফল হৈছে ।

জম্মু -কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাই মঙলবাৰে এই বৈঠক সম্বোধন কৰে (G20 summit in Jammu Kashmir) । নিজৰ বক্তব্যত তেওঁ জম্মু-কাশ্মীৰত পৰ্যটন উদ্যোগৰ প্ৰসাৰৰ বাবে গ্ৰহণ চৰকাৰৰ পৰিকল্পনাৰ বিষয়ে তথ্য প্ৰদান কৰে । একে সময়তে তেওঁ এই কথাটোও উনুকিয়ায় যে পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদৰ ভুক্তভোগী হৈছে জম্মু-কাশ্মীৰ । অৱশ্যে তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমান অঞ্চলটোত উন্নয়নৰ বতাহ বলিছে । তেওঁ কয় যে বৰ্তমান উপত্যকাটোত উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছে । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Narendra Modi) শাসনকালত জম্মু-কাশ্মীৰত অন্যায়, শোষণ আৰু বৈষম্য সম্পূৰ্ণৰূপে নাইকিয়া কৰা বুলিও তেওঁ উল্লেখ কৰে ।

ইয়াৰ উপৰি ভাৰতীয় শ্বেৰ্পা অমিতাভ কান্তে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰে । পৰ্যটন সম্পৰ্কীয় চলচ্চিত্ৰ উদ্যোগৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে জম্মু-কাশ্মীৰ হৈছে সৰ্বশ্ৰেষ্ঠ স্থান । তেওঁ 'কাশ্মীৰ কী কলী', 'ববি'ৰ দৰে ছবিৰ কথা উল্লেখ কৰি কয় যে অঞ্চলটোত চিত্ৰগ্ৰহণ কৰা জনপ্ৰিয় চলচ্চিত্ৰসমূহৰ ভিতৰত এই দুখন হৈছে অন্যতম সফল ছবি ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে জম্মু-কাশ্মীৰৰ পৰিৱৰ্তনশীল পৰিস্থিতিৰ ওপৰত আলোকপাত কৰে । তেওঁ দৃঢ়তাৰে কয় যে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ পৰিৱেশ-পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি হৈছে আৰু ই আন ৰাজ্যৰ দৰে প্ৰগতিৰ দিশে আগবাঢ়িছে । উল্লেখ্য যে চীন, তুৰস্ক, চৌডি আৰব, ইজিপ্ত আৰু ইণ্ডোনেছিয়াই এই বৈঠক বৰ্জন কৰে ।

লগতে পঢ়ক :G20 Meet in Srinagar : শ্ৰীনগৰত জি২০ পৰ্যটন ৱৰ্কিং গ্ৰুপৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.