G20 Meet in Srinagar : শ্ৰীনগৰত জি২০ পৰ্যটন ৱৰ্কিং গ্ৰুপৰ বৈঠক

author img

By

Published : May 23, 2023, 1:38 PM IST

Updated : May 23, 2023, 3:17 PM IST

G20 Meet in Srinagar

মঙলবাৰে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই জি-২০ সন্মিলনৰ দ্বিতীয়দিনাৰ বৈঠক উদ্বোধন কৰে । উল্লেখ্য, শ্ৰীনগৰত অনুষ্ঠিত হৈছে জি-২০ পৰ্যটন ৱৰ্কিং গ্ৰুপৰ বৈঠক (G20 Tourism Working Group meeting in Srinagar) । জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই মঙলবাৰে কয় যে কেন্দ্ৰীয়শাসিত অঞ্চলটোৱে ভাৰতৰ নানাৰঙী সাংস্কৃতিক মনোভাবক মূৰ্ত কৰি তুলিছে ।

শ্ৰীনগৰত জি২০ পৰ্যটন ৱৰ্কিং গ্ৰুপৰ বৈঠক

নিউজ ডেস্ক, ২৩ মে' : জম্মু-কাশ্মীৰৰ গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰত অনুষ্ঠিত হৈ আছে জি-২০ সন্মিলন (G20 summit in Jammu Kashmir) । মঙলবাৰে সন্মিলনৰ দ্বিতীয়দিনা লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই আনুষ্ঠানিকভাৱে এছকেআইচিচিত এই বৈঠক উদ্বোধন কৰে (Lt Governor Manoj Sinha inaugurate G20) । ইয়াৰ উপৰি চলচ্চিত্ৰ আৰু পৰিৱেশ-পৰ্যটনৰ ওপৰত গুৰুত্ব দি দুটা অন্য অনুষ্ঠানো অনুষ্ঠিত হয় । এই অনুষ্ঠানত ডিজিটেল আৰু অন্যান্য ব্যৱস্থাৰে এই বিষয় দুটাৰ প্ৰচাৰৰ ওপৰত আলোচনা-চক্ৰ অনুষ্ঠিত হয় ।

ইয়াৰ মাজতে মহানগৰীখনৰ কেন্দ্ৰস্থল লাল চ'কত এক বিশেষ জি-২০ সম্পৰ্কীয় অনুষ্ঠান অনুষ্ঠিত হোৱাৰো আশা আছে (special G20 event at Lal Chowk in Srinagar) । যাৰ বাবে চহৰখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । চহৰখনত যথেষ্ট পৰিমাণৰ নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছে । আনহাতে, এছকেআইচিচিৰ (G20 meeting at SKICC) ওচৰত এনএছজিৰ লগতে এনডিআৰএফ আৰু এছডিআৰএফৰ দলো নিয়োজিত কৰা হৈছে । উল্লেখ্য, ভাৰতে ২০২২ চনৰ ১ ডিচেম্বৰত জি-২০ৰ সভাপতিত্ব গ্ৰহণ কৰিছিল আৰু এই সভাপতিত্ব এবছৰৰ বাবে থাকিব ।

উল্লেখ্য যে প্ৰথম জি-২০ পৰ্যটন ৱৰ্কিং গ্ৰুপৰ বৈঠক (G20 Tourism Working Group meeting) যোৱা ফেব্ৰুৱাৰী মাহত গুজৰাটৰ কচ্ছত অনুষ্ঠিত হয় । আনহাতে, দ্বিতীয়খন বৈঠক ১-৩ এপ্ৰিললৈ পশ্চিমবংগৰ শিলিগুৰিত অনুষ্ঠিত হয় ।

আনহাতে, জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই মঙলবাৰে কয় যে কেন্দ্ৰীয়শাসিত অঞ্চলটোৱে ভাৰতৰ নানাৰঙী সাংস্কৃতিক মনোভাবক মূৰ্ত কৰি তুলিছে । ইয়াৰ উপৰি তেওঁৰ প্ৰশাসনে চলচ্চিত্ৰ নীতি, ২০২১-ৰ অংশ হিচাপে চলচ্চিত্ৰ পৰ্যটনক পুনৰুজ্জীৱিত কৰি বলীউড আৰু হলিউডৰ বাবে 'স্বৰ্গ'ৰ দুৱাৰ যাতে মুকলি কৰিব পাৰে তাৰ প্ৰচেষ্টা চলোৱা বুলি কয় ।

লেফটেনেণ্ট গভৰ্ণৰে তেওঁৰ ভাষণত কয় যে কেন্দ্ৰীয়শাসিত অঞ্চলটোত চৰকাৰে বলীউড আৰু হলিউডৰ বাবে দুৱাৰ মুকলি কৰাৰ বাবে ২০২১ চনত চলচ্চিত্ৰ নীতি আৰম্ভ কৰিছে । তেওঁ ডাল হ্ৰদৰ পাৰত এছকেআইচিচিত তৃতীয় জি-২০ পৰ্যটন ৱৰ্কিং গ্ৰুপৰ বৈঠকত উদ্বোধনী ভাষণ দি এই কথা কয় ।

তেওঁ লগতে কয় যে ২০২২ চনত জম্মু-কাশ্মীৰত ৩ শতাধিক চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অনুষ্ঠানৰ চিত্ৰগ্ৰহণ কৰা হয় । "আমি কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ পৰ্যটন মানচিত্ৰক অধিক বিস্তৃত কৰিছোঁ । বিশ্বৰ মানচিত্ৰত ইতিমধ্যে বহুতো স্থানীয় পৰ্যটনস্থলী আছে । 2022 চনত 18 নিযুত পৰ্যটক জম্মু-কাশ্মীৰলৈ আহিছে । ইয়াৰ দ্বাৰা অঞ্চলটোৰ সামগ্ৰিক জিডিপিত ৭ শতাংশ অৰিহণা যোগাইছে ।"

আনহাতে, তেওঁ কয় যে জম্মু-কাশ্মীৰ প্ৰশাসনে ইতিমধ্যে সেউজ পৰ্যটন, পৰিৱেশ-পৰ্যটন সম্পৰ্কে জি-২০ বৈঠকত উত্থাপন কৰা প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰা আৰম্ভ কৰিছে । লেফটেনেণ্ট গভৰ্ণৰে লগতে নিজৰ আশা ব্যক্ত কৰি কয় যে অনুষ্ঠানত উপস্থিত থকাসকলে প্ৰখ্যাত ডাল হ্ৰদৰ শান্ত আৰু মনোমোহা সৌন্দৰ্য গ্ৰহণ কৰিব ।

উল্লেখ্য যে ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত নতুন দিল্লীস্থিত কোৰিয়ান দূতাবাসৰ প্ৰথম সচিব জৌন পলে কয়, "মই ভাৰত চৰকাৰৰ আতিথ্যত প্ৰভাৱিত হৈছোঁ । মই জম্মু-কাশ্মীৰ, শ্ৰীনগৰ আৰু ইয়াৰ সৌন্দৰ্যৰ বিষয়ে বহুত শুনিছোঁ । এয়া অতি সুন্দৰ ।"

আনহাতে, চীনে বৈঠকত উপস্থিত নথকা আৰু ইছলামিক দেশসমূহে জি-২০তকৈ অ'আইচিক অগ্ৰাধিকাৰ দিয়া সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "ভাৰতত নিযুক্ত এজন কূটনীতিবিদ হিচাপে আমি ভাৰত চৰকাৰক আৰু তেওঁলোকৰ সিদ্ধান্তক আমাৰ সমৰ্থন আগবঢ়াইছোঁ । দেশৰ যিকোনো স্থানত এখন বৈঠক অনুষ্ঠিত কৰাটো ভাৰত চৰকাৰৰ সিদ্ধান্ত । গতিকে জম্মু-কাশ্মীৰো তাৰে এক অংশ ।"

"অংশগ্ৰহণ কৰিবনে নকৰে সেয়া প্ৰতিখন দেশৰ ওপৰত নিৰ্ভৰ কৰে । মই কেৱল এইটোৱে ক'ব পাৰোঁ যে কোৰিয়া ভাৰত চৰকাৰৰ প্ৰতিটো সিদ্ধান্তৰ সৈতে আছে ।" তেওঁ কয় ।

আনহাতে, বাহৰেইনৰ আন এজন প্ৰতিনিধি আদনানে কয়, "মই অনুভৱ কৰোঁ যে এই অনুষ্ঠানবোৰে পৰ্যটন বৃদ্ধি কৰিব আৰু সকলোৰে বাবে সুযোগ বৃদ্ধি কৰিব । মই অনুভৱ কৰোঁ যে কাশ্মীৰৰ সম্ভাৱনা আছে আৰু চৌডি আৰব আৰু বাহৰেইনৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে নিশ্চিতভাৱে ইয়াত দৃশ্যগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিব পাৰে ।"

ইফালে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙে পুনৰ দৃঢ়তাৰে কয় যে জম্মু-কাশ্মীৰ আগবাঢ়িছে আৰু সাধাৰণ মানুহ সন্ত্ৰাসবাদৰ প্ৰতি আগ্ৰহী নহয় ।

লগতে পঢ়ক :PM Modi in Australia : অষ্ট্ৰেলিয়াত প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি

Last Updated :May 23, 2023, 3:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.