ETV Bharat / bharat

Amit Shah: কংগ্ৰেছে বাঁওপন্থী সন্ত্ৰাসবাদ বৃদ্ধিৰ বাবে কাম কৰিছে; অমিত শ্বাহ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 10:48 PM IST

ছত্তীশগড় উপস্থিত হৈ কংগ্ৰেছ চৰকাৰৰ লগতে ৰাহুল গান্ধীত তীব্ৰ আক্ৰমণ কৰে অমিত শ্বাহে ৷ ভূপেশ বাঘেল চৰকাৰক কংগ্ৰেছৰ ATM আখ্যা অমিত শ্বাহৰ ৷ কংগ্ৰেছে নক্সালবাদ বৃদ্ধি কৰাৰ অভিযোগ ৷

Amit Shah
Amit Shah

নেশ্যনেল ডেস্ক, 2 ছেপ্টেম্বৰ: ছত্তীশগড়ত শনিবাৰে উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ এখন ৰাজহুৱা সভাত কংগ্ৰেছক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় অমিত শ্বাহে ৷ উল্লেখ্য যে ৰায়পুৰত কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগপত্ৰ প্ৰকাশ কৰে অমিত শ্বাহে ৷ নক্সালবাদক লৈ কংগ্ৰেছক আক্ৰমণ কৰে শ্বাহে ৷ তেওঁ কয়, ‘‘কংগ্ৰেছে বাওঁপন্থী সন্ত্ৰাসবাদ প্ৰচাৰৰ বাবে কাম কৰিছে ৷’’

অমিত শ্বাহে বিজেপি চৰকাৰে কৰা বিভিন্ন উন্নয়নমুখী কামৰো খতিয়ান দাঙি ধৰে ৷ তেওঁ কয় যে কেন্দ্ৰৰ মোদী চৰকাৰে জনজাতীয় লোকসকলৰ বাবে নিৰন্তৰভাৱে কাম কৰি আছে । আমি ST শ্ৰেণীৰ বাজেট 24,000 কোটি টকাৰ পৰা 1.19 লাখ কোটি টকালৈ বৃদ্ধি কৰিছো ৷ 12 টা সম্প্ৰদায়ক জনজাতীয় শ্ৰেণীৰ প্ৰমাণপত্ৰ দিবলৈ সংসদত এখন বিধেয়ক গৃহীত হৈছে ৷ ইয়াৰ অৰ্থ হৈছে যে এতিয়া তেওঁলোকৰ সন্তান চিকিৎসক আৰু অভিযন্তা হ’ব পাৰিব ।

ৰাহুল গান্ধীৰ ছত্তীশগড় ভ্ৰমণকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অমিত শ্বাহে ৷ ছত্তীশগড়ত কংগ্ৰেছে জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে কি কৰিছে তাৰ উত্তৰ দিবলৈ প্ৰত্যাহ্বান জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ অমিত শ্বাহে কয় যে ছত্তীশগড়ক এইবাৰ বিজেপিয়ে দুৰ্নীতিগ্ৰস্ত ভূপেশ বাঘেল চৰকাৰৰ পৰা ৰক্ষা কৰিব ৷

নক্সালবাদ সন্দৰ্ভত কংগ্ৰেছক আক্ৰমণ কৰি তেওঁ কয়,‘‘মোদী চৰকাৰে নক্সালবাদ হ্ৰাস কৰিবলৈ চেষ্টা কৰাৰ সময়ত কংগ্ৰেছে নিজৰ স্বাৰ্থৰ বাবে বাওঁপন্থী সন্ত্ৰাসবাদ অৰ্থাৎ নক্সালবাদৰ প্ৰচাৰৰ বাবে কাম কৰিছে ৷ কংগ্ৰেছ নেতাসকলে জনজাতীয় লোকসকলৰ ভূমি কাঢ়ি লৈছে । বছৰ বছৰ ধৰি, কংগ্ৰেছে বাওঁপন্থী সন্ত্ৰাসবাদ বিকাশৰ বাবে কাম কৰিছে । ভূপেশ বাঘেল চৰকাৰে ক’ভিড-19 মহামাৰীৰ সময়ত জনজাতীয় লোকসকলৰ মাজত বিতৰণৰ বাবে দিয়া চাউল চুৰি কৰিছিল ।’’

কংগ্ৰেছক আক্ৰমণ কৰি শ্বাহে আৰু কয় যে কংগ্ৰেছে কৃষকসকলক ঋণ দিয়াৰ নামত 14 শতাংশ সূত আদায় কৰিছিল ৷ এতিয়া বিজেপি চৰকাৰে কৃষকক 2 শতাংশ সূতত ঋণ দিছে ৷ লগতে কয় যে মোদী চৰকাৰে ছত্তীশগড়ক নক্সালমুক্ত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে । মোদী চৰকাৰে ওড়িশাৰ এটা দৰিদ্ৰ পৰিয়ালৰ কন্যাক ৰাষ্ট্ৰপতি কৰিছে । কংগ্ৰেছে কেতিয়াও জনজাতীয় সম্প্ৰদায়ৰ কোনো ব্যক্তিক ৰাষ্ট্ৰপতি হোৱাৰ সুযোগ দিয়া নাছিল । মোদীজীয়ে জনজাতীয় লোকসকলৰ বাবে বাজেট 24 হাজাৰ কোটিৰ পৰা 1 লাখ 19 হাজাৰ কোটিলৈ বৃদ্ধি কৰিবলৈ কাম কৰিছে । একলব্য বিদ্যালয়ত 6 লাখ কোটি টকা খৰচ কৰা হৈছে ৷

অমিত শ্বাহে বাঘেল চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে বাঘেল চৰকাৰে কংগ্ৰেছৰ বাবে ATM হিচাবে কাম কৰিছে ৷ কিন্তু আমি ছত্তীশগড়ৰ জনতাক দুৰ্নীতিৰ ভুক্তভোগী হ'বলৈ নিদিওঁ । ৰাহুল গান্ধীক কটাক্ষ কৰি জনজাতীয় লোকৰ সৈতে নৃত্য কৰিলেই উন্নয়ন নহয় বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক: Rahul Gandhi slams BJP: কোটিপতিক লাভান্বিত কৰাৰ বাবে কাম কৰে বিজেপিয়ে; ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.