ETV Bharat / bharat

Amir Khan will be in Assam, অসমলৈ আহিব বলীউডৰ তাৰকা আমিৰ খান

author img

By

Published : Aug 12, 2022, 10:43 PM IST

Updated : Aug 13, 2022, 11:08 AM IST

স্বাধীনতা দিৱসৰ পিছত অসমলৈ আহিব বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খান ৷ এই কথা আজি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷

Amir Khan will be in Assam after 15 August
অসমলৈ আহিব বলীউডৰ তাৰকা আমিৰ খান

গুৱাহাটী, ১২ আগষ্ট: অচিৰেই অসমলৈ আহিব বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খান ৷ স্বাধীনতা দিৱসৰ পিছত অসমলৈ আহিব অভিনেতাগৰাকী (Amir Khan will be in Assam after 15 August) ৷ পোন প্ৰথমতে খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশ লোৱাৰ কথা আছিল বলীউড অভিনেতাজনৰ(Amir Khan will be in Assam) ৷

কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে আমিৰ খানৰ সৈতে ফোনযোগে বাৰ্তালাপৰ পিছত ১৫ আগষ্টৰ পিছত অসমলৈ নিমন্ত্ৰণ জনায় অভিনেতাজনক ৷ এই কথা আজি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতা দিৱসৰ দিনটোত ত্ৰিৰংগাৰ পৰা ফকাচ যাতে বেলেগ হৈ নাযায় সেয়েহে আমিৰ খানক স্বাধীনতা দিৱসৰ পিছত আমন্ত্ৰণ জনাইছো ।

যেতিয়া অহাৰ কথা নিশ্চিত হ’ব তেতিয়ায়ে আমি সংবাদমাধ্যমক প্ৰকৃত তাৰিখ জনাম বুলি মন্তব্য প্ৰকাশ কৰে ৷ উল্লেখ্য যে ইতিমধ্যে ১৫ আগষ্টত অভিনেতা আমিৰ খান অসমলৈ আহিব বুলি বিভিন্ন মাধ্যমত চৰ্চা হৈছিল ।

লগতে পঢ়ক: Shivamogga Subbanna passes away: প্ৰসিদ্ধ গায়ক শিৱমোগ্গা চুব্বান্নাৰ দেহাৱসান

Last Updated :Aug 13, 2022, 11:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.