ETV Bharat / bharat

বিজেপিত যোগদান নকৰিলেও কংগ্ৰেছত নাথাকে কেপ্টেইন অমৰিন্দৰ সিং

author img

By

Published : Sep 30, 2021, 4:20 PM IST

Amarinder Singh to quit Congress
কংগ্ৰেছত নাথাকে কেপ্টেইন অমৰিন্দৰ সিং

বিজেপিত যোগদান নকৰে কেপ্টেইন অমৰিন্দৰ সিঙে ৷ অৱশ্যে বিজেপি দলত যোগদান কৰাৰ কোনো সম্ভাৱনা নাথাকিলেও কংগ্ৰেছ দল ত্যাগ কৰিব সিঙে ৷ কংগ্ৰেছ দলত বহুবাৰ অপমানিত হোৱাৰ অভিযোগ উত্থাপন কৰি সিঙে সদৰী কৰে এই কথা ৷

নেশ্যনেল ডেস্ক , 30 ছেপ্টেম্বৰ : কেপ্টেইন অমৰিন্দৰ সিঙে(Amarinder Singh) ভাৰতীয় জনতা পাৰ্টীত(BJP) যোগদান কৰাক লৈ ৰাজনৈতিক মহলত চৰ্চা চলি থকাৰ মাজতে এই সন্দৰ্ভত সিঙে তেওঁৰ নিজৰ স্থিতি স্পষ্ট কৰিছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক(Union Home Minister Amit Shah) সাক্ষাৎ কৰাৰ এদিন পাচতে বিজেপিত যোগদান সন্দৰ্ভত মন্তব্য কৰি কেপ্টেইনে কয় যে, তেওঁ বিজেপিত যোগদান নকৰে, কিন্তু, কংগ্ৰেছ দল তেওঁ নিশ্চিতভাৱে ত্যাগ কৰিব ৷

পদত্যাগৰ ঘটনা মনত পেলাই সিঙে কয় যে, 50 বছৰ ধৰি সেৱা আগবঢ়োৱাৰ পাচতো যদি কোনো বিশ্বাস নাথাকে, তেন্তে, দলত থকাৰ কোনো অৰ্থ নাই ৷ সিঙে কয়, "52 বছৰ ধৰি মই ৰাজনীতিত আছো ৷ মোক যিধৰণে ব্যৱহাৰ কৰা হৈছে ৷ পুৱা 10.30 বজাত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মোক পদত্যাগ কৰিবলৈ কয় ৷ মই কোনো প্ৰশ্ন কৰা নাছিলো ৷ 4 বজাত মই ৰাজ্যপালৰ ওচৰলৈ গ'লো আৰু পদত্যাগ কৰিলো ৷ যদিহে 50 বছৰৰ পাচতো তুমি মোক সন্দেহ কৰা আৰু মোৰ বিশ্বাসযোগ্যতা যদি সংকটত পৰে ৷ তেন্তে মই দলত থকাৰ অৰ্থ কি ?"

সিঙে অভিযোগ কৰে যে, তেওঁ দলৰ দ্বাৰা এই পৰ্যন্ত এবাৰ নহয় তিনিবাৰকৈ অপমানিত হৈছে ৷ সিঙে কয় যে, তেওঁক যাতে এনেদৰে ব্যৱহাৰ কৰা নহয় সেই সেই সন্দৰ্ভত তেওঁ নিজৰ স্থিতি স্পষ্ট কৰি দিছে ৷ এই পৰ্যন্ত কংগ্ৰেছ দল ত্যাগ নাই কৰা বুলি জানিবলৈ দি সিঙে কয়, "মই এতিয়ালৈকে কংগ্ৰেছ দল ত্যাগ নাই কৰা ৷ কিন্তু এজন মানুহ কেনেকৈ এনে ঠাইত থাকিব, য'ত বিশ্বাসৰ অভাৱ ৷ "

লগতে পঢ়ক : ভৱানীপুৰ উপ-নিৰ্বাচন : তৃণমূল কংগ্ৰেছে বুথ দখল কৰাৰ অভিযোগ বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.