ETV Bharat / bharat

Gyanvapi ASI survey: আকৌ আৰম্ভ হ'ব জ্ঞানবাপীৰ জৰীপ; উচ্চ ন্যায়ালয়ৰ সেউজ সংকেত

author img

By

Published : Aug 3, 2023, 12:40 PM IST

Gyanvapi ASI survey
আকৌ আৰম্ভ হ'ব জ্ঞানবাপীৰ জৰীপ

এলাহাবাদ উচ্চ ন্যায়ালয়ে জ্ঞানবাপীৰ জৰীপত সেউজ সংকেত দিলে । মুছলমান পক্ষই দাখিল কৰা আবেদনৰ পাছতে আদালতৰ জৰীপৰ নিৰ্দেশনা স্থগিত ৰখা হৈছিল । জ্ঞানবাপীৰ কোনো ক্ষতি নোহোৱাৰ আশ্বাস ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগৰ ।

নেশ্যনেল ডেস্ক,৩ আগষ্ট : পুনৰ আৰম্ভ হ'ব বিতৰ্কিত জ্ঞানবাপী শৃংগাৰ গৌৰীৰ বৈজ্ঞানিক জৰীপ । এলাহাবাদ উচ্চ ন্যায়ালয়ে জ্ঞানবাপীৰ এএছআই জৰীপৰ ক্ষেত্ৰত সেউজ সংকেত প্ৰদান কৰে । বৈজ্ঞানিক জৰীপৰ বিৰুদ্ধে মুছলমান পক্ষই দাখিল কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে সেউজ সংকেত দিয়ে আদালতে ।

শুনানিৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ে জ্ঞানবাপীৰ এএছআই জৰীপ অব্যাহত ৰাখিবলৈ সেউজ সংকেত দিয়ে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এলাহাবাদ উচ্চ ন্যায়ালয়ত অনুষ্ঠিত শুনানিৰ সময়ত হিন্দু আৰু মুছলমান পক্ষই যুক্তি উত্থাপন কৰে । আদালতৰ নিৰ্দেশত হাজিৰ হোৱা ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধানে জৰীপটোত গ্ৰহণ কৰিবলগীয়া বিভিন্ন কৌশলৰ বিষয়েও আদালতক অৱগত কৰে ।

ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে আদালতক আশ্বাস দিয়ে যে বৈজ্ঞানিক জৰীপৰ ফলত জ্ঞানবাপী ভৱনৰ কোনো ধৰণৰ ক্ষতি নহয় । তিনিদিনীয়া শুনানিৰ অন্তত ২৭ জুলাইত উচ্চ ন্যায়ালয়ে ৰায়টো সংৰক্ষিত ৰাখিছিল আৰু জৰীপৰ ওপৰত নিষেধাজ্ঞা অব্যাহত ৰখাৰ নিৰ্দেশ দিছিল । জৰীপৰ অনুমতি দিয়া বাৰাণসী জিলা ন্যায়াধীশৰ নিৰ্দেশক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অঞ্জুমান ইন্তজামিয়া মছজিদে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল । মুছলমান পক্ষৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰীতিংকৰ দিবাকৰৰ এক বিচাৰপীঠে গ্ৰহণ কৰিছিল ।

আদালতত যুক্তি দৰ্শাই মুছলমান পক্ষৰ অধিবক্তা এছ এফ এ নকভিয়ে আশংকা ব্যক্ত কৰিছিল যে আদালতৰ আদেশৰ জৰিয়তে জ্ঞানবাপীৰ বৈজ্ঞানিক জৰীপে ভৱনটোৰ মৌলিক গাঁথনি ক্ষতিগ্ৰস্ত কৰিব । তেওঁ কৈছিল যে, অসামৰিক মোকৰ্দমাত স্থিৰতাৰ বিষয়টো নিৰ্ণয় নকৰাকৈ খৰখেদাকৈ জৰীপ কৰা আৰু খনন কৰাৰ সিদ্ধান্ত ক্ষতিকাৰক হ'ব পাৰে ।

অৱশ্যে, এএছআইয়ে মুছলমান পক্ষৰ যুক্তি নাকচ কৰে । এএছআইয়ে কয় যে, জৰীপৰ বাবে গ্ৰহণ কৰা প্ৰযুক্তিয়ে জ্ঞানবাপীৰ মৌলিক গাঁথনিৰ ক্ষতি নকৰে । একে সময়তে, হিন্দু পক্ষৰ বিষ্ণু শংকৰ জৈন আৰু সৌৰভ তিৱাৰীৰ অধিবক্তাসকলে কয় যে বৈজ্ঞানিক জৰীপৰ জৰিয়তে তেওঁলোকে জ্ঞানবাপীৰ সত্য উলিয়াব বিচাৰে । শুনানিৰ সময়ত আদালতত উপস্থিত থকা ৰাজ্যিক অধিবক্তা জেনেৰেল অজয় কুমাৰ মিশ্ৰই কয় যে, ৰাজ্য চৰকাৰ আবেদনৰ পক্ষত নাই, কিন্তু ৰাজ্য চৰকাৰে এক জৰীপৰ ক্ষেত্ৰত আইন-শৃংখলাৰ দায়িত্ব ল'বলৈ সাজু ।

লগতে পঢ়ক :Gyanvapi Campus Survey Ban Extended : জ্ঞানবাপী চৌহদৰ জৰীপৰ নিষেধাজ্ঞা ৩ আগষ্টলৈকে বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.