ETV Bharat / bharat

388 দিনৰ পাচত মুক্ত আকাশৰ তলত দেবাংগনা

author img

By

Published : Jun 17, 2021, 10:25 PM IST

উত্তৰ-পূব দিল্লীৰ হিংসা (North East Delhi Riots)ৰ ঘটনাৰ সন্দৰ্ভত কঠোৰ বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত দেবাংগনা কলিতা (Devangana Kalita), নাতাশা নাৰৱাল (Natasha Narwal) আৰু আচিফ ইকবাল তানহা (Asif Iqbal Tanha)ক 2020 চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল ।

388 দিনৰ পাছত মুক্ত আকাশৰ তলত দেবাংগনা
388 দিনৰ পাছত মুক্ত আকাশৰ তলত দেবাংগনা

নিউজ ডেস্ক, 17 জুন : দিল্লীৰ তিহাৰ জেল (Tihar Jail)ত কাৰাবন্দী জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী তথা অসমৰ জীয়ৰী দেবাংগনা কলিতা (Devangana Kalita)ৰ লগতে নাতাশা নাৰৱাল (Natasha Narwal) আৰু আচিফ ইকবাল তানহা (Asif Iqbal Tanha)ক বৃহস্পতিবাৰে মুকলি কৰি দিয়া হয় । 'কা' আন্দোলনৰ সময়ত দিল্লীৰ হিংসাত জড়িত থকাৰ অভিযোগত জামিয়াৰ ছাত্ৰ আচিফ ইকবাল তানহাক ২০২০ চনৰ ১৯ মে'ত, ছাত্ৰী দেৱাংগনা কলিতা আৰু নাতাশা নাৰৱালক ২০২০ চনৰ ২৯ মে'ত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

উত্তৰ-পূব দিল্লীৰ হিংসা (North East Delhi Riots)ৰ গোচৰ সন্দৰ্ভত কঠোৰ বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত দেবাংগনা কলিতা (Devangana Kalita), নাতাশা নাৰৱাল (Natasha Narwal) আৰু জামিয়াৰ ছাত্ৰী আচিফ ইকবাল তানহা (Asif Iqbal Tanha)ক গ্ৰেপ্তাৰ কৰা হৈছিল । দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা তিনিওগৰাকীক দিল্লীৰ কৰকৰডোমা আদালতে (Karkardooma Court) বৃহস্পতিবাৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে । অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰবীন্দ্ৰ বেদীয়ে অভিযুক্তৰ প্ৰতিবেদন দাখিল নকৰালৈকে তেওঁলোকক কাৰাগাৰত বন্দী কৰি ৰখাটো উচিত নহয় বুলি ৰায়দান কৰে ।

লগতে পঢ়ক : দিল্লী হিংসা:কাৰাবন্দী তিনি অভিযুক্ত শিক্ষাৰ্থীক মুক্তিৰ নিৰ্দেশ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.